ETV Bharat / health

কৰ্ম-ব্যৱসায়ৰ ক্ষেত্ৰত চলিত সপ্তাহত এই ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব শুভফল - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 5:08 PM IST

Weekly Careeer Horoscope: চলিত সপ্তাহত কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে শুভ ফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ।

Horoscope
কৰ্ম-ব্যৱসায়ৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব শুভফল (SOURCE: ETV BHARAT ASSAM)

গুৱাহাটী, 6 মে’: কৰ্ম ক্ষেত্ৰত মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত খুব শুভ ৷ এই ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত উপাৰ্জন বৃদ্ধি পাব ৷ লগতে নতুন কিবা যোগাযোগ আহিব ৷

বৃষ ৰাশিৰ, সিংহ ৰাশিৰ জাতিকা-জাতিকাসকলেও ভাল ফলাফল লাভ কৰিব ৷ কন্যা ৰাশি, তুলা ৰাশি আৰু বৃশ্চিক এই তিনিওটা ৰাশিৰ জাতিকা-জাতিকাসকলৰ কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত এই সপ্তাহত ভাগ্য উদয় হ'ব আৰু হঠাৎ কিবা উন্নতি হ'ব পাৰে ৷

ধনু ৰাশিৰ জাতিকা-জাতিকাসকলৰ মোটামুটি কৰ্মৰ ক্ষেত্ৰত এই সপ্তাহটো ভাল হ'ব যদিও কষ্ট অকণমান বাঢ়িব ৷

মিথুন ৰাশিৰ জাতিকা-জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰৰ ভাল-বেয়া দুয়োটা ফল লাভ কৰিব ৷ এই ৰাশিৰ জাতক-জাতিকাসকলে সপ্তাহটোৰ প্ৰথম ভাগত ভাল ফল লাভ কৰিব যদিও শেষৰ ভাগত অকণমান বাধাৰ সন্মুখীন হ'ব ৷

কৰ্কট ৰাশিৰ জাতিকা-জাতিকাসকলৰ ক্ষেত্ৰতো একেই ৷ প্ৰথম ভাগত ভাল ফল লাভ কৰিব যদিও শেষৰ ভাগত বিত্তীয় লেনদেনত ক্ষতিৰ সন্মুখীন হ'ব পাৰে, লগতে খৰচ বৃদ্ধি হ'ব পাৰে ৷

মকৰ ৰাশিৰ জাতিকা-জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ কৰ্মত উন্নতি সাধন কৰিব ৷ কৰ্মস্থানত আনৰ সৈতে সম্পৰ্ক ভাল হ'ব ৷

কুম্ভ ৰাশিৰ জাতিকা-জাতিকাসকলেও কৰ্মস্থানত খুব ভাল ফল লাভ কৰিব ৷ বিত্তীয় আৰু সম্পত্তিৰ ক্ষেত্ৰতো এটা ভাল ফল লাভ কৰিব পাৰে ৷

মীন ৰাশিৰ জাতিকা-জাতিকা সকলেও কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷

ব্যৱসায়ৰ ক্ষেত্ৰত কোন কেইটা ৰাশিৰ বাবে শুভ আৰু কোন কেইটা ৰাশিৰ বাবে অশুভ ?

  • ব্যৱসায়ৰ ক্ষেত্ৰত মেষ ৰাশি, মকৰ ৰাশি, কৰ্কট ৰাশি আৰু ধনু ৰাশিৰ জাতক-জাতিকাসকলে খুব ভাল ফলাফল লাভ কৰিব ৷
  • বৃষ ৰাশি, সিংহ ৰাশি আৰু তুলা ৰাশি এই তিনিটা ৰাশিৰ জাতিকা-জাতিকাসকলে ব্যৱসায়ৰ ক্ষেত্ৰত চলিত সপ্তাহত মধ্যমীয়া ফলাফল লাভ কৰিব ৷
  • মিথুন ৰাশি, তুলা ৰাশি আৰু বৃশ্চিক ৰাশি এই তিনিটা ৰাশিৰ জাতিকা-জাতিকাসকলে এই সপ্তাহটোত অকণমান সাৱধান হ'ব লাগিব ৷ বিত্তীয় লেনদেন কৰিলে বা ক’ৰবাত বিনিয়োগ কৰিলে সাৱধানতাৰে কৰিব লাগিব ৷
  • কন্যা ৰাশি, কুম্ভ ৰাশি, আৰু মীন ৰাশি এই ৰাশিৰ জাতক-জাতিকাসকলৰো এই সপ্তাহটো মোটামুটি ভাল ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.