ETV Bharat / health

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে কৰা Intermittent Fasting সম্পৰ্কে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:09 PM IST

British PM Rishi Sunak's unique intermittent fasting, spent 36 hours on tea and water; Enjoy eating sweets again
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকে কৰা Intermittent Fasting সম্পৰ্কে জানো আহক

Uk Prime Minister Rishi Sunak: ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনকে প্ৰায়ে তেওঁৰ খাদ্যাভ্যাস, বিশেষকৈ তেওঁ কৰা উপবাসৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । তেওঁৰ কৰা Intermittent Fasting বিষয়ে জানো আহক-

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনকে(Rishi Sunak) নিজৰ খাদ্যাভ্যাস আৰু ফিটনেছৰ ক্ষেত্ৰত অতি সক্ৰিয় ৷ তেওঁৰ উপবাস কৰাৰ এক অনন্য পদ্ধতি আছে ৷ ঋষি ছুনকে ৩৬ ঘণ্টা ধৰি উপবাস পালন কৰে ৷ দৰাচলতে দেওবাৰে সন্ধিয়া ৫ বজাৰ পৰা মঙলবাৰে পুৱা ৫ বজালৈকে খাদ্যৰ পৰা তেওঁ আঁতৰি থাকে ৷ এই ৩৬ ঘণ্টীয়া উপবাসত তেওঁ কেৱল পানী, চাহ আৰু কেলৰি মুক্ত পানীয়হে সেৱন কৰে ৷

এটি সাক্ষাৎকাৰৰ সময়ত যেতিয়া ঋষি ছুনকক তেওঁৰ খাদ্যাভ্যাসৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কৈছিল যে, তেওঁ সপ্তাহৰ শেষত সোৱাদযুক্ত খাদ্য খোৱাৰ পিছত শৰীৰক জিৰণি দিবলৈ উপবাস কৰে ৷ ইয়াৰ লগতে মিঠা বস্তু খাবলৈও তেওঁ বৰ ভাল পায় বুলি উল্লেখ কৰে ৷

মিঠাই খোৱাৰ প্ৰতি আকৰ্ষিত ছুনক

ঋষি ছুনকে কয় যে, তেওঁ মিঠা বস্তু খাবলৈ বৰ ভাল পায়, গতিকে বাকী সপ্তাহটো তেওঁ মিঠা পেষ্ট্ৰি খায় ৷ কামৰ বাবে তেওঁ পূৰ্বৰ দৰে ব্যায়াম কৰিব পৰা নাই ৷ তেওঁ লগতে স্বীকাৰ কৰে যে প্ৰধানমন্ত্ৰী হিচাপে ব্যস্ত থকাৰ বাবে তেওঁৰ ব্যায়ামৰ ক্ষেত্ৰত ভালদৰে সময় দিব পৰা নাই ৷

ফিটনেছৰ যত্ন লয় ঋষিয়ে

সাক্ষাৎকাৰৰ সময়ত ছুনাকে কয় যে, তেওঁ পেলেটন, ট্ৰেডমিল আৰু এইচ আই আই টি ক্লাছৰ সৈতেও ৱৰ্কআউট কৰে ৷ তেওঁ লগতে ক’লে যে কেতিয়াবা তেওঁৰ দ্বিতীয়বাৰো ব্ৰেকফাষ্ট কৰে ৷ যেনে গেলৰ ডালচেনিৰ পাউ ৰুটি, পেইন অ’ চকলেট বা চকলেট চিপ মাফিন ৷

উপবাসৰ ইতিবাচক দিশ

  • প্ৰধানমন্ত্ৰী হিচাপে ব্যস্ত ৰুটিনৰ মাজতো স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো উৎসাহজনক ৷
  • উপবাসে শৰীৰৰ দূষিত পদাৰ্থবোৰ আঁতৰোৱাত সহায় কৰাৰ লগতে পাচনতন্ত্ৰক জিৰণি দিয়াত সহায় কৰে ৷
  • পৰিমিতভাৱে কৰা উপবাস কিছু লোকৰ বাবে উপকাৰী হ’ব পাৰে ৷

লগতে পঢ়ক: আপুনিও ওজন কমাবলৈ গ্ৰীণ টী খায় নেকি ? তেন্তে জানি লওক এই ভুল ধাৰণাবোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.