ETV Bharat / health

মাত্ৰ ঘৰৰ এইবোৰ কাম কৰিলে প্ৰয়োজন নাই কোনো ব্যায়ামৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 7:58 PM IST

Household Work For Fitness: ফিটনেছৰ বাবে জিমলৈ গৈ তীব্ৰ ৱৰ্কআউট কৰাটো প্ৰয়োজনীয় নহয় যদিও ঘৰুৱা কিছুমান কামৰ জৰিয়তে আপুনি নিজৰ ফিটনেছ বজাই ৰাখিব পাৰে । ইয়াৰ বাবে আপুনি অতিৰিক্ত একো কৰাৰ প্ৰয়োজন নাই, মাত্ৰ ঘৰৰ কিছুমান কাম আনক কৰিবলৈ দিয়াৰ সলনি নিজেই কৰিবলৈ আৰম্ভ কৰক । ঘৰৰ কাম-কাজ কৰিলে আপোনাৰ সমগ্ৰ শৰীৰ সক্ৰিয় হৈ থাকে । এই বিষয়ে সবিশেষ জানো আহক-

Benefits of doing household work for Fitness
মাত্ৰ ঘৰৰ এইবোৰ কাম কৰিলে প্ৰয়োজন নাই কোনো ব্যায়ামৰ

পৰিৱৰ্তিত জীৱনশৈলী আৰু বেয়া খাদ্যাভ্যাসৰ বাবে অধিকাংশ লোকেই মেদবহুলতাত ভুগিবলগীয়া হয় ৷ ফিট হৈ থাকিবলৈ এই লোকসকলে জিমলৈ যাবলৈ আৰম্ভ কৰে ৷ জিমলৈ যোৱাটো স্বাস্থ্যকৰ যদিও কিছু সময়ৰ পিছত যেতিয়া জিমলৈ যোৱা আপুনি বন্ধ কৰে তেতিয়া পুনৰ মেদবহুলতা বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷

দৰাচলতে আজিকালি মানুহে নিজৰ শৰীৰটো সোনকালে গঢ়াৰ স্বাৰ্থত বহু ধৰণৰ প্ৰ’টিন পাউদাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ যাৰ বাবে তেওঁলোকৰ শৰীৰটো সোনকালে গঢ় লৈ উঠে কিন্তু জিমলৈ যোৱা বন্ধ কৰাৰ লগে লগে তেওঁলোকৰ শৰীৰৰ অৱনতি ঘটে ৷ এনে পৰিস্থিতিত কিছুমান ঘৰুৱা কামৰ সহায়ত মেদবহুলতা নিয়ন্ত্ৰণ কৰি ফিট হৈ থাকিব পাৰি ৷

ব্যস্ততাৰ বাবে অধিকাংশ লোকে ঘৰুৱা কাম কৰিবলৈ হাউচ হেল্পাৰ নিয়োগ কৰে ৷ ইয়াৰ ফলত তেওঁলোকৰ সময় ৰাহি হয় যদিও তেওঁলোকৰ জীৱনশৈলীত বেয়া প্ৰভাৱ পৰে ৷ সুস্থ হৈ থাকিবলৈ কেৱল স্বাস্থ্যসন্মত খাদ্য খোৱাই নহয় জীৱনশৈলীতো কিছু সঠিক পৰিৱৰ্তন কৰাটো উচিত ৷ ইয়াৰ বাবে আপুনি মাত্ৰ নিজেই ঘৰুৱা কাম কিছুমান কৰিব লাগিব ৷ ফিট হৈ থাকিবলৈ এইটোৱেই উত্তম উপায় ৷ ঘৰুৱা কোনবোৰ কামে আপোনাক ফিট হৈ থাকিবলৈ সহায় কৰিব পাৰে জানি লওক-

ঘৰ চাফা কৰিব

ঘৰ চাফা কৰাতকৈ ভাল ব্যায়াম হ’ব আন একো হ’ব নোৱাৰে ৷ ইয়াৰ ফলত আপোনাৰ সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকে ৷ আচলতে চাফাইৰ সময়ত আপোনাৰ হাত-ভৰি অবিৰতভাৱে সক্ৰিয় হৈ থাকে ৷ ঘৰ চাফা কৰাটো এটা কঠোৰ পৰিশ্ৰম য’ত আপোনাৰ সমগ্ৰ শৰীৰে অৰিহণা যোগায়, যাৰ ফলত শৰীৰত থকা অতিৰিক্ত চৰ্বিও হ্ৰাস হয় ৷

বাগিচাৰ কাম কৰক

ঘৰৰ ভিতৰত আৰু বাহিৰত গছ ৰোপণ কৰিলে ঘৰৰ সৌন্দৰ্য বৃদ্ধি হোৱাই নহয় মানসিকভাৱে সুস্থ হৈ থাকিব পাৰি । বহু গৱেষণাৰ পৰা দেখা গৈছে যে বাগিচাৰ কামে কিছুমান লোকক মানসিক চাপ কমোৱাত সহায় কৰে । সৰু ল’ৰা-ছোৱালীৰ দৰে গছ-গছনিবোৰৰো যত্ন ল’ব লাগে, যাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হয়, এইবোৰ কামত শৰীৰক জড়িত কৰিলে পেশীবোৰ শক্তিশালী হয় । ইয়াৰ উপৰিও ই অতিৰিক্ত কেলৰিও হ্ৰাস কৰে ।

চিৰি বগাওক

যদি আপুনি ৱৰ্কআউটৰ বাবে ওলাই যাব নিবিচাৰে, তেন্তে ঘৰতে চিৰি উঠা-নমা কৰি ওজন কমাব পাৰে । ইয়াক ফিটনেছৰ বাবে সৰ্বোত্তম বুলি গণ্য কৰা হয় । ইয়াৰ বাবে প্ৰতিদিনে ১০-১৫ মিনিট চিৰি উঠা-নমা কৰক । দৈনিক এই ব্যায়াম কৰিলে আপোনাৰ ভৰি দুখন মজবুত হৈ উঠিব আৰু ভৰিৰ বিষৰ কোনো সমস্যাস থাকিলে সেয়াও নাইকিয়া হৈ যাব ।

মেচিনৰ সলনি হাতেৰে কাপোৰ ধোৱক

সময়ৰ অভাৱত চহৰৰ প্ৰায় প্ৰতিটো ঘৰতে কাপোৰ ধোৱাৰ বাবে ৱাশ্বিং মেচিন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে । ইয়াৰ ফলত আপোনাৰ সময় ৰাহি হয়, কিন্তু যদি আপুনি চৰ্বি কম কৰিব বিচাৰে তেন্তে ৱাচিং মেচিনৰ সলনি হাতেৰে কাপোৰ ধুবলৈ আৰম্ভ কৰক ৷

লগতে পঢ়ক: বৃক্কৰ পাথৰৰ সৈতে জড়িত ৪টা ভুল ধাৰণা, যিয়ে কৰিব পাৰে শৰীৰৰ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.