ETV Bharat / health

চাবোন নে বডি ৱাছ: গা ধোৱাৰ বাবে কোনবিধ অধিক উপযোগী ? বিশেষজ্ঞৰ পৰা জানি লওক

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 12:08 PM IST

Skin Care Tips: আমি প্ৰতিবাৰ গা ধুওঁতে ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা ওলাই আহে । বহুলোকে গা ধুবলৈ চাবোন আৰু বডি ৱাছ ব্যৱহাৰ কৰে ৷ কিন্তু এই দুয়োটাৰ ভিতৰত কোনবিধ আপোনাৰ ছালৰ বাবে উপযোগী বিশেষজ্ঞৰ পৰাই জানো আহক-

Bar Soap vs Body Wash Which is Better for Skin
চাবোন নে বডি ৱাছ: গা ধোৱাৰ বাবে কোনবিধ অধিক উপযোগী ?

গা ধোৱাটো আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ শৰীৰৰ পৰা বেক্টেৰিয়া, ধূলি আৰু প্ৰদূষণ কণা আঁতৰাবলৈ গা ধোৱাটো প্ৰয়োজনীয় বুলি গণ্য কৰা হয় ৷ শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, শৰীৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ দৈনিক গা ধোৱাটো অতি প্ৰয়োজনীয় ৷

দেখা যায় যে গা ধোৱাৰ সময়ত মানুহে ছালক পৰিষ্কাৰ কৰিবলৈ ফেচ ৱাছ, চাবোন আৰু বডি ৱাছ ব্যৱহাৰ কৰে ৷ প্ৰায়ে মানুহে অনুভৱ কৰে যে বডি ৱাছ আৰু চাবোনৰ মাজত বিশেষ পাৰ্থক্য নাই ৷ বডি ৱাছ আৰু চাবোন দুয়োটাৰে ছালত একে প্ৰভাৱ দেখা যায় বুলিও ভাবে ৷

যদি আপুনিও ঠিক একেই কথাই ভাবি আছে তেন্তে ইয়াৰ ফলত আপোনাৰ ছালৰ কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ আপোনলোকক জনাই দিও যে, বডি ৱাছ আৰু গা ধোৱা চাবোনৰ মাজত যথেষ্ট পাৰ্থক্য আছে ৷ সেয়ে আজি বিশেষজ্ঞৰ পৰা জানো আহক এই দুয়োটাৰ ভিতৰত কোনবিধ আমাৰ ছালৰ বাবে উপযোগী-

চাবোন বা বডি ৱাছ, কোনবিধ স্নান কৰাৰ বাবে ব্যৱহাৰ কৰিলে অধিক উপযোগী ?

ছালৰ বিশেষজ্ঞ ডাঃ সীমা ওবেৰয় লালে কয় যে, আজিও ভাৰতত ১০ জনৰ ভিতৰত ৮ জন লোকে গা ধোৱাৰ সময়ত মুখ, হাত-ভৰি চাফা কৰিবলৈ চাবোন ব্যৱহাৰ কৰে ৷ বডি ৱাছ আৰু চাবোন এতিয়াও চহৰ অঞ্চলত অধিক ব্যৱহাৰ কৰা হয় ৷ চাবোনতকৈ বডি ৱাছ ছালৰ বাবে অধিক উপযোগী ৷ বডি ৱাছত মইশ্ব’ৰাইজাৰ আৰু পেট্ৰলিয়াম লুব্ৰিকেণ্ট থাকে, যিয়ে ছালৰ সঠিক পি এইচ লেভেল বজাই ৰখাত সহায় কৰে ৷ বিশেষজ্ঞসকলৰ মতে, গা ধোৱাৰ সময়ত আমাৰ শৰীৰৰ পৰা কিছুমান সামগ্ৰী আৰু আৰ্দ্ৰতা আঁতৰি যায়, বডি ৱাছে ইয়াক সংৰক্ষণ কৰাত সহায় কৰে ।

Bar Soap vs Body Wash Which is Better for Skin
চাবোন নে বডি ৱাছ: গা ধোৱাৰ বাবে কোনবিধ অধিক উপযোগী ?

আমি প্ৰতিবাৰ গা ধুওঁতে ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা ওলাই আহে । আনহাতে বডি ৱাছৰ দ্বাৰা এই আৰ্দ্ৰতা ২০ৰ পৰা ৪০ শতাংশ ৰাহি কৰিব পাৰি । আনহাতে চাবোনৰ কথা ক’লে ই ছালখন গভীৰভাৱে পৰিষ্কাৰ কৰে আৰু অতিৰিক্ত তেল আৰু ধূলি আঁতৰোৱাত সহায় কৰে । অৱশ্যে বেছিভাগ চাবোনেই ছালখন শুকান কৰি তোলে ।

ছালত চাবোন লগোৱাৰ অসুবিধা

চাবোনত থকা ৰাসায়নিক পদাৰ্থ আৰু বিষাক্ত পদাৰ্থই বেক্টেৰিয়া আৰু অন্যান্য লেতেৰা কণা আঁতৰাই পেলায় যদিও ইয়াৰ ফলত ছালত বলিৰেখা, দাগ আৰু বিষৰ সৃষ্টি হ’ব পাৰে ।

Bar Soap vs Body Wash Which is Better for Skin
চাবোন নে বডি ৱাছ: গা ধোৱাৰ বাবে কোনবিধ অধিক উপযোগী ?

চাবোন তৈয়াৰ কৰিবলৈ বহু ধৰণৰ ৰং ব্যৱহাৰ কৰা হয় । এই ৰাসায়নিক পদাৰ্থবোৰে ছালৰ এচিডিটি কমাই বহুতো ভাল বেক্টেৰিয়াক মাৰি পেলায় । ইয়াৰ কাৰণে পিম্পল, ব্ৰণ, ফোহা আদি সমস্যাৰ সৃষ্টি হয় ।

চাবোনে ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি ৰাখে । ইয়াৰ বাবে ব্লেকহেড, ব্ৰেকআউট, সংক্ৰমণ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

ছালত বডি ৱাছ লগোৱাৰ লাভ

বিশেষজ্ঞসকলৰ মতে, বডি ৱাছ তৈয়াৰ কৰিবলৈ লিকুইড ফৰ্মুলা ব্যৱহাৰ কৰা হয় । ইয়াৰ বাবেই ই ছালৰ বাবে কণ্ডিচনাৰ আৰু মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে ।

Bar Soap vs Body Wash Which is Better for Skin
চাবোন নে বডি ৱাছ: গা ধোৱাৰ বাবে কোনবিধ অধিক উপযোগী ?

বডি ৱাছে ছালখন এক্সফোলিয়েট (Exfoliate) কৰি গ্লো কৰাত সহায় কৰে । কেৱল এয়াই নহয়, কিছুমান বডি ৱাছত বহুতো প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হয়, যিয়ে ছালখন গভীৰভাৱে পৰিষ্কাৰ কৰাত সহায় কৰে ।

বডি ৱাছৰ পি এইচ মান চাবোনতকৈ কম । সেয়ে ইয়াৰ ব্যৱহাৰে ছালত পানীৰ অভাৱ ঘটাব নোৱাৰে । ই ছাল কোমল কৰাত সহায় কৰে ।

লগতে পঢ়ক: শীতকালত দৈ-মেথি গুটিৰে এনেদৰে লওক আপোনাৰ চুলিৰ যতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.