ETV Bharat / entertainment

গৰ্ভাৱস্থাত কেনেকৈ একশ্যন দৃশ্য শ্বুট কৰিছিল য়ামী গৌতমে

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 5:30 PM IST

Article 370 Trailer Out Now: বিবাহৰ তিনি বছৰৰ পাচত মাতৃ হ’ব অভিনেত্ৰী য়ামী গৌতম । আৰ্টিকেল ৩৭০ ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে গৰ্ভাৱস্থাৰ বিষয়ে ক’লে অভিনেত্ৰীগৰাকীয়ে ।

Yami Gautam-Aditya Dhar confirm pregnancy in  Article 370 Trailer launch event
আৰ্টিকেল ৩৭০ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: আজি মুকলি হ’ল বলীউডৰ অভিনেত্ৰী য়ামী গৌতমৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘আৰ্টিকেল ৩৭০’ৰ ট্ৰেইলাৰ । ট্ৰেইলাৰত অভিনেত্ৰীগৰাকীয়ে জোৰদাৰ একশ্যন কৰা দেখা গৈছে । ইফলে ছবিখনৰ ট্ৰেইলাৰ লঞ্চ ইভেণ্টত অনুৰাগীক ডাঙৰ চমক দিছে অভিনেত্ৰীগৰাকীয়ে । আচলতে অভিনেত্ৰীগৰাকী অতি সোনকালে মাতৃ হ’ব । ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এই কথা প্ৰকাশ পাইছিল যেতিয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ বেবী বাম্প লুকুৱাবলৈ চেষ্টা কৰা দেখা গৈছিল ।

স্বামী আদিত্যৰ সৈতে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত য়ামী

য়ামী গৌতমৰ ছবি আৰ্টিকেল ৩৭০ৰ ট্ৰেইলাৰ মুকলিৰ বাবে মুম্বাইত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হয় । য’ত য়ামী উপস্থিত হয় স্বামী আদিত্য ধৰৰ সৈতে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীক দীঘলীয়া পোছাক পৰিধান কৰা দেখা গৈছিল, যাৰ সৈতে যোগ কৰিছিল ব্লেজাৰ ৷ অৱশ্যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি কৈছে যে এই ব্লেজাৰটোৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ বেবী বাম্প লুকুৱাবলৈ পৰিধান কৰিছিল ।

প্ৰথমবাৰৰ বাবে গৰ্ভাৱস্থাৰ কথা মুকলিকৈ ক’লে য়ামীয়ে

ট্ৰেইলাৰ মুকলি অনুষ্ঠানত য়ামীয়ে ছবিখনৰ বিষয়ে কোৱাই নহয়, গৰ্ভাৱস্থাত শ্বুটিং কৰাটো তেওঁৰ বাবে কেনেকুৱা আছিল সেই বিষয়েও মুকলিকৈ কয় । অভিনেত্ৰীগৰাকীয়ে কয়,‘‘প্ৰথম সন্তানটো সদায় প্ৰত্যাহ্বানমূলক । গতিকে মোৰ বাবেও মানসিকভাৱে ভাগৰুৱা হৈ পৰা যেন লাগিছিল । এতিয়া এই বিষয়ে গৱেষণা গ্ৰন্থ লিখিব পাৰিম ।’’

য়ামীয়ে লগতে কয়,‘‘সঁচা কথা ক’বলৈ গ’লে মোৰ লগত আদিত্য আৰু তেওঁৰ ভাতৃ লোকেশ নাথাকিলে মই কি কৰিলোঁহেঁতেন সেয়া মই নাজানো ৷ কাৰণ এনে সময়ত আপুনি অতি সাৱধান হ’ব বিচাৰে আৰু মই সেই সকলো চিকিৎসকো ধন্যবাদ জনাইছো যিসকলে মোক গোপনে পৰীক্ষা কৰিছিল । এনে সময়ত মাৰ পৰা কাম কৰাৰ প্ৰেৰণা পাইছিলোঁ কাৰণ প্ৰতিটো পৰিস্থিতিত কাম কৰা দেখিছিলো তেওঁক ।’’

' আৰ্টিকেল ৩৭০ ' কেতিয়া মুকলি পাব ?

য়ামীৰ ছবি আৰ্টিকেল ৩৭০ৰ কথা ক’বলৈ গ’লে ইয়াৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । য়ামীৰ উপৰিও প্ৰিয়া মণি, অৰুণ গোভিল, বৈভৱ তত্ত্ববাদী, স্কন্দ ঠাকুৰ আৰু অশ্বিনী কৌলে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছবিখনত । আনহাতে ছবিখন প্ৰযোজনা কৰিছে জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে । ২৩ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব য়ামীৰ এই ছবিখন ।

উল্লেখ্য যে, য়ামী গৌতমৰ বিয়া হৈছে আদিত্য ধৰৰ সৈতে । এই দম্পতী এতিয়া বিবাহৰ তিনি বছৰৰ পিচত পিতৃ-মাতৃ হ’বলৈ গৈ আছে ।

লগতে পঢ়ক: দক্ষিণ উদ্যোগত হ’ব ইমৰাণ হাছমীৰ গ্ৰেণ্ড এণ্ট্ৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.