ETV Bharat / entertainment

দক্ষিণ উদ্যোগত হ’ব ইমৰাণ হাছমীৰ গ্ৰেণ্ড এণ্ট্ৰি

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 1:57 PM IST

Emraan hashmi entry in south industry: বলীউডৰ পিচত এতিয়া দক্ষিণৰ ছবিত দেখা যাব অভিনেতা ইমৰাণ হাছমীক । দক্ষিণ ভাৰতৰ বিখ্যাত অভিনেতা আদিৱী শেশৰ সৈতে কাম কৰা দেখা যাব অভিনেতাগৰাকীক ।

Emraan Hashmi to play parallel lead in Adivi Sesh-starrer film
দক্ষিণ উদ্যোগত দেখা যাব ইমৰাণ হাছমীক

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: অভিনেতা ইমৰাণ হাছমী তেওঁৰ ৰোমান্টিক ছবিৰ বাবে পৰিচিত । তেওঁৰ ছবিৰ প্ৰত্যেকটি গীত অনুৰাগীয়ে ভাল পায় ৷ অৱশ্যে শেহতীয়াকৈ ইমৰাণ হাছমীয়ে ৰোমান্টিক নায়কৰ চৰিত্ৰৰ পৰা আঁতৰি খলনায়কৰ চৰিত্ৰত আত্মপ্ৰকাশ কৰিছিল ৷ অবিশ্বাস্য ভাৱে টাইগাৰ ৩ত ভিলেইনৰ চৰিত্ৰত নিজকে বৰ সুন্দৰকৈ খাপ খোৱাই ল’ব পাৰিছিল অভিনেতাগৰাকীয়ে । নিজৰ ছবিৰে মানুহৰ মন জয় কৰা ইমৰাণ হাছমীয়ে এতিয়া ২০২৪ বৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে । এইবাৰ বহু ছবিত দেখা যাব অভিনেতাগৰাকীক ।

কেৱল এয়াই নহয়, এই বছৰ অভিনেতাগৰাকীৰ বাবে এক নতুন আৰম্ভণিৰ বছৰ হ’বলৈ গৈ আছে । এইবাৰ ইমৰাণ হাছমীয়ে দক্ষিণ উদ্যোগত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ।

‘টাইগাৰ ৩’ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ইমৰাণ হাছমীক আগন্তুক চোৰাংচোৱা একশ্যন থ্ৰিলাৰ ছবি ‘গুদাচাৰী ২’ত দেখা যাব । সূত্ৰ অনুসৰি, ‘‘কোৱা হৈছে যে ইমৰাণ হাছমীয়ে প্যান ইণ্ডিয়া ছবিখনত আদিভি শেশৰ সৈতে পৰ্দাৰ স্থান ভাগ কৰিব । ইমৰাণক সমান্তৰাল লিড হিচাপে দেখা যাব । অৱশ্যে ইয়াত তেওঁক নেতিবাচক ভূমিকাত দেখা পোৱা নাযাব বুলি চৰ্চা চলিছে । এই সহযোগিতাৰ বাবে ছবিখনৰ প্ৰযোজকসকল অতিশয় উৎসাহিত । ইমৰাণৰ অংশগ্ৰহণৰ লগে লগে ছবিখনে সমগ্ৰ দেশতে স্থান লাভ কৰিব বুলি নিৰ্মাতাসকলে অনুভৱ কৰিছে । ’’

এইসকল তাৰকাৰ সৈতে কাম কৰিব ইমৰাণে

এই ছবিৰ প্ৰিক্যুৱেল ‘গুদাচাৰী’ত অভিনয় কৰিছিল আদিবি শেশে । ছবিখন ব্লকবাষ্টাৰ হৈছিল । এতিয়া ইয়াৰ ছিকুৱেলৰ মুক্তি ঘোষণা কৰা হৈছে ৷ এই ছিকুৱেলৰ লক্ষ্য হৈছে প্ৰথম খণ্ডৰ সফলতাক বজাই ৰখা আৰু ‘গুদাচাৰী’ ফ্ৰেঞ্চাইজিক নতুন উচ্চতালৈ লৈ যোৱা । শশী কিৰণ টিক্কাৰ পৰিচালনাত নিৰ্মিত ২০১৮ চনৰ তেলুগু ছবি ‘গুদাচাৰী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শোভিতা ধূলিপালা, জগপতি বাবু আৰু প্ৰকাশ ৰাজে । এইবাৰ ইমৰাণৰ লগতে নাছিৰুদ্দিন শ্বাহ, বিজয় ৰাজ আদিক এই ছবিখনত দেখা যাব ।

উল্লেখ্য যে, ইমৰাণ হাছমীক শেষবাৰৰ বাবে ‘টাইগাৰ ৩’ত খলনায়কৰ চৰিত্ৰত দেখা গৈছিল । এই ছবিখনত তেওঁক ছলমান খান আৰু কেটৰিণা কাইফৰ সৈতে দেখা গৈছিল । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীক অক্ষয় কুমাৰৰ সৈতে ‘ছেলফি’ ছবিতো দেখা গৈছিল । অৱশ্যে এই ছবিখন ফ্লপ হৈছিল ।

লগতে পঢ়ক: বিলাসী জীৱন ত্যাগ কৰি এতিয়া কেনেকৈ জীৱন-যাপন কৰি আছে ইমৰাণ খানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.