ETV Bharat / entertainment

বিলাসী জীৱন ত্যাগ কৰি এতিয়া কেনেকৈ জীৱন-যাপন কৰি আছে ইমৰাণ খানে ?

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:22 AM IST

Imran Khan Career: বলীউডৰ সুদৰ্শন অভিনেতা ৰূপে গণ্য ইমৰাণ খান দীৰ্ঘদিন ধৰি বলীউডৰ পৰা আঁতৰি আছে । শেহতীয়াকৈ তেওঁক সম্পৰ্কীয় ভগ্নী আইৰা খানৰ বিয়াত দেখা গৈছিল । কিন্তু অভিনেতাগৰাকী কিয় পৰ্দাৰ পৰা আঁতৰি আছে জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Imran khan left bungalow sold Ferrari to fix himself
ইমৰাণ খানৰ কেৰিয়াৰ

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: বলীউডত কেতিয়াবা নিশাটোৰ ভিতৰতে কোনো অভিনেতা তাৰকা হৈ পৰে, কেতিয়াবা আকৌ এনেকুৱা হয় যে বহু অভিনেতা হঠাতে পৰ্দাৰ পৰা নোহোৱা হৈ যায়। কেতিয়াবা ইয়াৰ কাৰণ তেওঁলোকৰ ছবিবোৰে পৰ্দাত সফলতা লাভ নকৰা আৰু কেতিয়াবা ব্যক্তিগত কাৰণতো বহু অভিনেতা লাইমলাইটৰ পৰা আঁতৰি থাকে । তেনে এটা নাম হ’ল ২০০৮ চনৰ ‘জানে তু ইয়া জানে না’ ছবিৰ অভিনেতা ইমৰাণ খান । ইমৰাণ খানে বলীউডৰ বহু ছবিত অভিনয় কৰিছিল ।

ইমৰাণ খানে কৰীণা কাপুৰৰ পৰা আৰম্ভ কৰি কেটৰিণা কাইফলৈকে অভিনেত্ৰীসকলৰ সৈতে কাম কৰিছিল ৷ কিন্তু যোৱা কেইবাবছৰ ধৰি তেওঁ পৰ্দাৰ পৰা আঁতৰি আছে । ২০১৫ চনত মুক্তি পোৱা ‘কাট্টি বাট্টি’ ছবিখনত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল । এতিয়া প্ৰশ্ন হয় ইমান বছৰে ক’ত আছে আৰু কি কৰি আছে ইমৰাণে ?

বাংলো এৰিলে, বিক্ৰী কৰিলে বাহন

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ইমৰাণ খানে এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল । অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ সাধাৰণ জীৱন যাপন কৰিব বিচাৰে আৰু ইয়াৰ বাবেই তেওঁ নিজৰ বিলাসী পালি হিল বাংলো এৰিলে । ইমৰাণে কয় যে তেওঁ আনকি বিলাসী ফেৰাৰী বাহনখনো বিক্ৰী কৰি নিজৰ কন্যাৰ বাবে নিজকে উৎসৰ্গা কৰিছে ।

ইমৰাণে কয়, ‘‘২০১৬ চনত মই বহুত তললৈ গুচি গৈছিলো, য’ত মই ভিতৰৰ পৰা ভাঙি যোৱা অনুভৱ কৰিছিলোঁ । মোৰ সৌভাগ্য আছিল যে মই এনে এটা উদ্যোগত কাম কৰি আছিলো যিয়ে মোক আৰ্থিকভাৱে শক্তিশালী কৰি তুলিছিল । গতিকে ৩০ বছৰ সম্পূৰ্ণ হোৱাত টকাৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাছিল ।’’

জীয়েকৰ বাবেই এৰিলে নিজৰ কেৰিয়াৰ

ইমৰাণে ক’লে যে যিয়েই অপ্ৰয়োজনীয় বুলি ভাবিছিল, তেওঁৱেই লাহে লাহে ইমৰাণৰ পৰা আঁতৰি গৈছিল । তেওঁ কয়, ‘‘মই শেহতীয়াকৈ পিতৃ হৈছিলো আৰু মই ইয়াক বহুমূলীয়া বুলি ভাবিছিলো । এইটো এটা এনেকুৱা কথা যিটো মই গুৰুত্ব সহকাৰে লওঁ । ইমাৰা (ইমৰাণৰ কন্যা)ৰ বাবে মই নিজৰ শ্ৰেষ্ঠ সংস্কৰণ হ’ব বিচাৰিছিলো । মই সিদ্ধান্ত লৈছিলো যে এতিয়া অভিনেতা হোৱাটো মোৰ কাম নহয় । এতিয়া মই নিজকে সুস্থ কৰিব লাগিব, মোৰ ছোৱালীজনীৰ বাবে আটাইতকৈ সুস্থ আৰু শক্তিশালী হ’ব লাগিব ।’’

ইমৰাণে বিবাহ বিচ্ছেদৰ পিচত এই অভিনেত্ৰীক ডেট কৰি আছে !

অভিনেতাগৰাকীৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ২০১১ চনত তেওঁ অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । একে সময়তে ২০১৪ চনত তেওঁ এগৰাকী কন্যা সন্তানৰ পিতৃ হয় । বিবাহৰ কেইবছৰমানৰ অন্তত ২০১৯ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয় । অৱশ্যে দুয়োগৰাকীয়ে এই খবৰ এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ৷ এতিয়া বহু বাতৰিত দাবী কৰা হৈছে যে ইমৰাণে অভিনেত্ৰী লেখা ৱাশ্বিংটনক ডেট কৰি আছে ।

লগতে পঢ়ক: বিবাহৰ ১২ বছৰৰ পিচত বিচ্ছেদৰ সিদ্ধান্ত ল’লে ঈশা দেওল-ভৰত তখতানীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.