ETV Bharat / entertainment

বিবাহৰ ১২ বছৰৰ পিচত বিচ্ছেদৰ সিদ্ধান্ত ল’লে ঈশা দেওল-ভৰত তখতানীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 11:00 AM IST

Esha Deol-Bharat Takhtani Seperation: ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা ঈশা দেওল আৰু তেওঁৰ স্বামী ভৰত তখতানীয়ে নিজৰ জীৱনৰ এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । বিবাহৰ ১২ বছৰ পিচত দুয়োগৰাকীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে । এই সন্দৰ্ভত দুয়োৱে আনুষ্ঠানিক বিবৃতিও জাৰি কৰিছে ৷

Esha Deol, Bharat Takhtani End Their 11 Years of Marriage in Joint Statement? Deets Inside
ঈশা দেওল-ভৰত তখতানীৰ বিবাহ বিচ্ছেদ

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা অভিনেত্ৰী ঈশা দেওলে ১২ বছৰ পূৰ্বে ব্যৱসায়ী ভৰত তখতানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । বিবাহৰ পিচত দুয়োৰে মাজত সকলো ঠিকে ঠাকে চলি আছিল আৰু দুয়ো সুখী বিবাহিত দম্পতী ৰূপে পৰিগণিত হৈছিল ৷ ঈশাই প্ৰায়ে ছ’চিয়েল মিডিয়াত স্বামীৰ সৈতে ৰোমান্টিক ছবি শ্বেয়াৰ কৰা দেখা গৈছিল ৷ যাক দেখি এনেকুৱা লাগিছিল দুয়ো আটাইতকৈ সুখী দম্পতী ৷ কিন্তু লাহে লাহে দুয়োৰে মাজত সকলো সলনি হ’বলৈ ধৰিল ৷

এতিয়া আৰু পূৰ্বৰ দৰে হৈ থকা নাই দুয়োৰে সম্পৰ্ক ৷ এতিয়া দুয়োৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে । হয়, বিবাহৰ ১২ বছৰৰ পিচত বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছে ঈশা দেওল আৰু ভৰত তখতানীয়ে । কোৱা হৈছে যে দুয়োগৰাকীয়ে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে ।

বিবৃতি জাৰি কৰা হৈছে

এক যৌথ বিবৃতিত তেওঁলোকে কয় যে তেওঁলোকে নিজৰ নিজৰ পথ সলনি কৰাৰ সিদ্ধান্ত লৈছে । বিবৃতিটোত কোৱা হৈছিল, ‘‘আমি পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো । আমাৰ জীৱনৰ এই পৰিৱৰ্তনৰ জৰিয়তে আমাৰ সন্তান দুটাৰ স্বাৰ্থ আৰু মংগল আমাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ হৈ থাকিব । আমাৰ গোপনীয়তাক সন্মান কৰিলে আমি শলাগ লম ।’’

ঈশাই শ্বেয়াৰ কৰিছিল পোষ্ট

ঈশা দেওলে শেষবাৰৰ বাবে ভৰত তখতানীৰ সৈতে বিবাহ বাৰ্ষিকীত এখন ছবি পোষ্ট কৰিছিল । এই ফটোখন আছিল ব্লেক এণ্ড ৱাইট ফটো । ইয়াৰ কেপচনত ঈশাই লিখিছিল, ‘‘চিৰদিনৰ বাবে ৰাখিলো ।’’ বৰ্তমান দুয়ো আৰু একেলগে নাই । ইয়াৰ উপৰিও শেষবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত ।

ইতিমধ্যে বিচ্ছেদৰ উৰাবাতৰি আহিছিল

এই দম্পতীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত ছবি শ্বেয়াৰ কৰিছিল । অৱশ্যে ২০২৩ চনত ঈশা দেওলৰ জন্মদিন উদযাপনৰ সময়ত ভৰতক দেখা পোৱা যোৱা নাছিল । ইয়াৰ উপৰিও ১৭ জানুৱাৰীত এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰেডিটত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে ঈশা আৰু ভৰত ইতিমধ্যে পৃথক হৈছে । এই কাৰণেই এতিয়া ৰাজহুৱা স্থানত একেলগে দেখা পোৱা নাযায় । কেৱল এয়াই নহয়, এই পোষ্টটোত ব্যৱহাৰকাৰীজনে ভৰতে নিজৰ জীৱনত আগবাঢ়ি যোৱা বুলিও দাবী কৰিছিল ।

পৰিয়ালৰ পৰা অহা নাই কোনো প্ৰতিক্ৰিয়া

ব্যৱহাৰকাৰীজনে নিজৰ পোষ্টত দাবী কৰিছিল যে নৱবৰ্ষৰ দিনা বেংগালুৰুত অনুষ্ঠিত হোৱা পাৰ্টিত ঈশাৰ স্বামী ভৰতক দেখা পাইছিল । য'ত তেওঁ আছিল তেওঁৰ এগৰাকী কথিত প্ৰেমিকাৰ সৈতে । অৱশ্যে এই ভাইৰেল খবৰক লৈ এতিয়ালৈকে দেওল পৰিয়ালৰ কোনেৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ যদিও এতিয়া এদশকৰো অধিক সময়ৰ পাচত এই দম্পতীয়ে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছে ।

দুগৰাকী কন্যাৰ পিতৃ-মাতৃ ঈশা-ভৰত

উল্লেখ্য যে, ঈশা দেওলে ২০১২ চনৰ জুন মাহত ভৰতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । এই বিবাহ মুম্বাইৰ ইস্কন মন্দিৰত অতি সৰলতাৰে কৰা হৈছিল । বিবাহৰ পাঁচ বছৰৰ পাচত এগৰাকী কন্যা ৰাধ্যাৰ পিতৃ-মাতৃ হৈছিল ঈশা-ভৰত ৷ ইয়াৰ পিচত ২০১৯ চনত ঈশাই তেওঁলোকৰ দ্বিতীয় কন্যা মিৰায়া তখতানীক জন্ম দিছিল ।

লগতে পঢ়ক : ছ’চিয়েল মিডিয়াত বৃদ্ধি পোৱা ঘৃণাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ পুনম পাণ্ডেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.