ETV Bharat / entertainment

ছ’চিয়েল মিডিয়াত বৃদ্ধি পোৱা ঘৃণাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ পুনম পাণ্ডেৰ

Poonam Pandey on Social Media Hate : শনিবাৰে পুনম পাণ্ডেই প্ৰকাশ কৰে যে তেওঁ ‘জীৱিত’ আৰু ছাৰ্ভাইকেল কেন্সাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ মৃত্যুৰ ভুৱা নাটক কৰিছিল ৷ ইয়াৰ পিচতেই ছ’চিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে বৃদ্ধি পাই ঘৃণা ৷ এতিয়া এই সন্দৰ্ভত ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুনম পাণ্ডেই ।

Poonam Pandey reacted to growing hatred on social media against her
ঘৃণাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ পুনম পাণ্ডেৰ
author img

By ETV Bharat Assamese Team

Published : February 6, 2024 at 12:38 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: ছাৰ্ভাইকেল কেন্সাৰৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে মৃত্যুৰ ভুৱা নাটক কৰিছিল মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেই ৷ এই ঘটনাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হৈছে পুনম ৷ এতিয়া পুনম পাণ্ডেই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত লাভ কৰা ঘৃণাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ছ’চিয়েল মিডিয়াত লাভ কৰা ঘৃণাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনম পাণ্ডেই লিখিছে, ‘‘মোক মাৰি পেলাওক, মোক ফাঁচী কাঠত ওলমাই দিয়ক, মোক ঘৃণা কৰক, কিন্তু নিজৰ ভালপোৱাজনক বচাওক ।’’ উল্লেখ্য যে, পুনম পাণ্ডেৰ সহযোগত শ্বাবাং নামৰ এটা মাৰ্কেটিং এজেন্সীয়ে এই অভিযান চলাইছিল । এই সংস্থাটোৱে পুনম পাণ্ডেৰ মৃত্যুৰ ভুৱা খবৰৰ বাবে ক্ষমা খুজিছিল আৰু কৈছিল যে পুনম পাণ্ডেৰ ছাৰ্ভাইকেল কেন্সাৰ সম্পৰ্কে সজাগতা বিয়পোৱাৰ পদক্ষেপত আমি জড়িত হৈ আছো ।

অৱশ্যে বহুতে পুনম পাণ্ডেৰ মৃত্যুৰ ভুৱা খবৰক সস্তীয়া জনসংযোগ ষ্টাণ্ট বুলি অভিহিত কৰিছে । বহু সমালোচনাৰ সন্মুখীন হোৱাৰ পিচত পুনম পাণ্ডেৰ এজেন্সীয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, ‘‘আমাৰ এই কাৰ্যৰ একমাত্ৰ উদ্দেশ্য আছিল ছাৰ্ভাইকেল কেন্সাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা । ২০২২ চনত ভাৰতত ১,২৩,৯০৭ গৰাকী ছাৰ্ভাইকেল কেন্সাৰ ৰোগী আৰু ৭৭,৩৪৮ গৰাকী লোকৰ মৃত্যু হৈছে । স্তন কেন্সাৰৰ পিচত ভাৰতৰ মধ্যবয়সীয়া মহিলাক আক্ৰান্ত কৰা দ্বিতীয় মাৰাত্মক ৰোগ হৈছে ছাৰ্ভাইকেল কেন্সাৰ । আপোনালোকৰ বহুতেই হয়তো অজ্ঞাত, কিন্তু পুনমৰ মাতৃয়ে কেন্সাৰৰ সৈতে সাহসেৰে যুঁজি আছে ।’’

পুনম পাণ্ডেৰ এজেন্সীয়ে ক্ষমা বিচাৰিছে

পুনম পাণ্ডেৰ এজেন্সীয়ে প্ৰকাশ কৰা বিবৃতিত দাবী কৰা হৈছে যে তেওঁৰ সজাগতা অভিযানৰ বাবেই এই দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছাৰ্ভাইকেল কেন্সাৰ শব্দটো ১০০০ৰো অধিক হেডলাইনত প্ৰকাশ পাইছে । সংস্থাটোৱে কয় যে আমি বুজি পাওঁ যে আমাৰ পদ্ধতিয়ে হয়তো এই পন্থাক লৈ বিতৰ্কৰ সূচনা কৰিছে । আমি যিকোনো অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছো, কিন্তু এই পদক্ষেপে যদি অতি প্ৰয়োজনীয় সজাগতা বৃদ্ধি কৰে আৰু মৃত্যু ৰোধ কৰিব পৰা যায়, তেন্তে ইয়াৰ প্ৰকৃত প্ৰভাৱ পৰিব ।’’

লগতে পঢ়ক: পুনম পাণ্ডেৰ বিৰুদ্ধে ক্ষোভ চেলিব্ৰিটিৰ, ক’লে- সস্তীয়াৰ প্ৰচাৰৰো সীমা থাকে