ETV Bharat / entertainment

পুনম পাণ্ডেৰ বিৰুদ্ধে ক্ষোভ চেলিব্ৰিটিৰ, ক’লে- সস্তীয়াৰ প্ৰচাৰৰো সীমা থাকে

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:45 AM IST

Poonam Pandey Fake Death: পুনম পাণ্ডেৰ ভুৱা মৃত্যুৰ খবৰে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । অভিনেত্ৰীগৰাকীৰ ভুৱা মৃত্যুৰ খবৰক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে একাংশ চেলিব্ৰিটিসকলে ।

Celebs Slam Poonam Pandey for Faking Death
পুনমক বয়কটৰ দাবী চেলিব্ৰিটিৰ

চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী : বিগত দুদিন ধৰি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে পুনম পাণ্ডে । দৰাচলতে শুকুৰবাৰে পুনম পাণ্ডেৰ পিআৰ টিমে ছ’চিয়েল মিডিয়াত পোষ্টযোগে জনাইছিল যে ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ পুনম পাণ্ডেৰ মৃত্যু হৈছে । ইয়াৰ পিচতে চেলিব্ৰিটিসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছিল । কিন্তু ৩ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰে হঠাৎ দৃশ্যপট সলনি হৈ যায় আৰু পুনম পাণ্ডেই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁ জীয়াই আছে । মৃত্যুৰ ভুৱা নাটক ৰচনা কৰাৰ বাবেই এতিয়া ছ’চিয়েল মিডিয়াত পুনমক ব্যাপক ভাৱে সমালোচনা কৰা হৈছে ৷ কংগনা ৰনৌত, মন্দিৰা বেদী, বিবেক অগ্নিহোত্ৰী, আলী গনি, ৰাখী সাৱন্তকে ধৰি তাৰকাসকলে পুনম পাণ্ডেক তীব্ৰ সমালোচনা কৰিছে ।

ক্ষোভ প্ৰকাশ বিবেক অগ্নিহোত্ৰীৰ

ছ’চিয়েল মিডিয়াত পুনমৰ ভিডিঅ’ শ্বেয়াৰ কৰি বিবেকে লিখিছে - আচলতে এইটো এটা মাৰ্কেটিং কেম্পেইন । ভিডিঅ’টোৰ শেষৰ ল’গ’টো চাওক, ই কিমান ভয়ংকৰ । কংগনাই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে- একমত ।

সম্ভাৱনা ছেথে এটা ভিডিঅ’ পোষ্ট কৰি কয়, ‘‘গম পালো যে কালি মৃত্যু হোৱা ব্যক্তিগৰাকী আজি জীয়াই আছে । মই জানিব বিচাৰো যে এইটো কেনেধৰণৰ পিআৰ কাৰ্যকলাপ । আপোনাৰ PR য়ে আপোনাক কোৱা নাছিল নেকি নে যে এনেকুৱা কৰিব নালাগিছিল । কালি সমগ্ৰ সংবাদ মাধ্যম বিচলিত হৈ পৰিছিল । সজাগতা হয়তো পিচত বিয়পিছে ৷ কিন্তু আপুনি কিমান মানুহৰ মানসিক স্বাস্থ্যৰ লগত খেলা কৰিছে ।’’

ইফালে শাৰদুলে পণ্ডিতে ভিডিঅ’ শ্বেয়াৰ কৰি কয়, ‘‘মই মোৰ বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলৰ ওচৰত ক্ষমা খুজিব বিচাৰো, তেওঁলোক মোৰ বাবে চিন্তিত হৈছিল কাৰণ মই মানসিক ভাৱে অশান্তিত আছিলো । কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মোৰ মাতৃৰ মৃত্যু হৈছে । সজাগতা বিয়পোৱাৰ বাবে আপোনাৰ ধাৰণা যিমানেই ভাল নহওক কিয়, ই একেবাৰেই ভাল নহয় । মৃত্যুৰ খবৰ পাই মই বৰ চিন্তিত হৈছিলো । মই কাক কি কোৱা নাছিলো ? পুনমক মই বৰ ভাল পাইছিলোঁ যদিও এই পদ্ধতি একেবাৰেই সঠিক নহয় । মৃত্যু কোনো ধেমালি নহয় । ’’

টিভি অভিনেতা আলী গনীয়ে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি পুনমৰ এই কাৰ্যক সস্তীয়া প্ৰচাৰৰ ষ্টাণ্ট বুলি অভিহিত কৰিছে । তেওঁ লিখিছে যে মানুহে এই কথাটো ধেমেলীয়া বুলি ভাবে কিন্তু এনে লোকৰ সমগ্ৰ দলটো নিষিদ্ধ কৰিব লাগে ।

লক-আপ শ্ব’ত পুনম পাণ্ডেৰ সৈতে প্ৰতিযোগী হিচাপে ছৈশা শিণ্ডেই লিখিছে, ‘‘মৃত্যু কোনো ধেমালি নহয় । মৃত্যু কোনো প্ৰচাৰৰ ষ্টাণ্ট নহয় । এইটো এটা বাস্তৱিক কথা । আপুনি লাজ পাব লাগে পুনম পাণ্ডে । আমাৰ আৱেগৰ লগত খেলিলে । ইয়াৰ বাবে মই আপোনাক কেতিয়াও ক্ষমা নকৰো ।’’

অভিনেত্ৰী ৰিদ্ধি ডোগ্ৰাই ইনষ্টাত লিখিছে, ‘‘আপোনাৰ মৃত্যু আৰু সজাগতা দুয়োটা হয়তো একেলগে এটা বিজয়ী ধাৰণা যেন লাগিছে কিন্তু মানুহক ভয় খুৱাই দিয়াটো হাস্যকৰ নেকি ? ’’ টিভি অভিনেতা কুশল টণ্ডনে এটা মিম শ্বেয়াৰ কৰি পুনম পাণ্ডেৰ মৃত্যুক উপহাস কৰিছে ।

টিভি অভিনেত্ৰী শ্ৰেনু পাৰেখে লিখিছে যে পুনম পাণ্ডেৰ এই ষ্টাণ্টত তেওঁ একেবাৰেই আচৰিত হোৱা নাছিল । তেওঁ লিখিছে, ‘‘আজিকালি মানুহ কোনো কথাতে ছিৰিয়াছ নহয়, মানুহে মৃত্যুৰ খবৰকো লৈ ঠাট্টা কৰি আছে আৰু কি চাবলৈ বাকী আছে ? ’’

ৰাখী সাৱন্তে এটা ভিডিঅ’ মুকলি কৰি পুনম পাণ্ডেক জীৱিত অৱস্থাত দেখি আচৰিত হোৱা বুলি প্ৰকাশ কৰিছে । ৰাখীয়ে পুনমৰ সৈতে বন্ধুত্ব শেষ কৰাৰ ভাবুকি দিয়ে । আনকি ৰাখীয়ে পুনমক পাগল পাণ্ডে বুলিও কয় ।

লগতে পঢ়ক: মৃত্যুৰ নাটক ৰচাৰ বাবে আইনৰ ৰোষত পৰিব নেকি পুনম পাণ্ডে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.