ETV Bharat / entertainment

মৃত্যুৰ নাটক ৰচাৰ বাবে আইনৰ ৰোষত পৰিব নেকি পুনম পাণ্ডে ?

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 1:53 PM IST

Poonam Pandey Fake Death News
মৃত্যুৰ নাটক ৰচাৰ বাবে আইনৰ ৰোষত পৰিব নেকি পুনম পাণ্ডে ?

Poonam Pandey Fake Death News: ছাৰ্ভাইকেল কেন্সাৰত মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে মডেল অভিনেতা পুনম পাণ্ডেই এটি ভিডিঅ’ৰ জৰিয়তে কয়, ‘মই এতিয়াও, জীয়াই আছো’ । ইনষ্টাগ্ৰামলৈ গৈ ঘোষণা কৰে যে তেওঁ সুকলমে আছে আৰু এই পদক্ষেপ তেওঁ ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে কৰিছিল ৷ ইয়াৰ পিচতে এতিয়া ভুৱা বাতৰি বিয়পোৱাৰ বাবে আইনৰ ৰোষত পৰিব নেকি পুনম পাণ্ডে ? পঢ়ক সম্পূৰ্ণ খবৰ-

চিটাৰা ডেস্ক, 3 ফেব্ৰুৱাৰী: অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছিল । বিগত শুকুৰবাৰে তেওঁৰ মেনেজাৰে অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰ দিছিল । এতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁৰ মৃত্যু হোৱা নাই । ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়ত পুনমে জনাইছে যে তেওঁ জীয়াই আছে । ইয়াৰ পিচতে বৰ্তমান অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে ।

মডেল পুনম পাণ্ডেৰ কথিত মৃত্যুৰ সৈতে জড়িত সকলো বিতৰ্কৰ মাজতে আৰু এজন চিনাকি ব্যক্তিয়ে তেওঁৰ মৃতদেহ পুনেত আছে বুলি দাবী কৰে । ইফালে, এক্সৰ এটা পোষ্টৰ জৰিয়তে প্ৰচাৰক ফ্লিন ৰেমেডিয়াছে অভিনেত্ৰী পুনমৰ মৃত্যু সন্দৰ্ভত সঠিক তদন্ত কৰিবলৈ মুম্বাই আৰক্ষীক অনুৰোধ জনাইছে ।

তেওঁ কৈছে যে, অভিনেত্ৰীগৰাকীৰ ছাৰ্ভাইকেল কেন্সাৰৰ বাবে মৃত্যুৰ খবৰটো ভালদৰে চালি-জাৰি চোৱাটো উচিত আৰু তদন্তৰ পিচত যদি এয়া কোনো অপৰাধমূলক গোচৰ হয় তেন্তে ভাৰতীয় দণ্ডবিধিৰ লগতে আই টি আইনৰ অন্যান্য উপযুক্ত ধাৰা আৰু পাব্লিচিটি ষ্টান্টৰ বাবে এফআইআৰ দাখিল কৰিব লাগে ।

ৰেমেডিঅ’ছে লগতে কয় যে যদি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁ উপযুক্ত আদালতৰ কাষ চাপিব । এই পাব্লিচিটি ষ্টাণ্ট বৃহৎ পৰিসৰত ভুৱা বাতৰিৰ স্পষ্ট গোচৰ আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ কয় । উল্লেখ্য যে, দক্ষিণ গোৱাত ইতিমধ্যে অশ্লীলতাৰ অভিযোগত কানাকোনা থানাত পুনমৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে । ৰেমেডিঅ’ছে কয় যে, সেই গোচৰত তেওঁ জামিন লাভ কৰিছে আৰু কানাকোনাৰ স্থানীয় আৰক্ষীয়ে তেওঁৰ অৱস্থানৰ বিষয়ে অজ্ঞাত ।

উল্লেখ্য যে, শুকুৰবাৰে অভিনেত্ৰী পুনম পাণ্ডেৰ মেনেজাৰে তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰিছিল । ২ ফেব্ৰুৱাৰী শুকুৰবাৰে পুনম পাণ্ডেৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এটা পোষ্টৰ জৰিয়তে পুনম পাণ্ডেৰ ‘মৃত্যুৰ’ খবৰ ঘোষণ কৰা হৈছিল । এই পোষ্টটোত লিখা হৈছিল- “আজি পুৱা আমাৰ বাবে অতি কষ্টদায়ক আছিল । আমি আপোনালোকক জনাবলৈ পাই অতি দুখিত যে আমি আমাৰ মৰমৰ পুনমক ছাৰ্ভাইকেল কেন্সাৰৰ বাবে আমি হেৰুৱাইছো । “এই দুখৰ সময়ত আমি গোপনীয়তাৰ অনুৰোধ জনাইছো ।”

ইফালে ৰাহুলকে ধৰি বহু চেলিব্ৰিটিয়ে পুনমৰ মৃত্যুক ভুৱা আখ্যা দিয়াৰ লগতে অনুৰাগীসকলকো প্ৰশ্ন উত্থাপন কৰে । এতিয়া এই খবৰ ওলোৱাৰ পিছত ছচিয়েল মিডিয়াত পুনমক প্ৰচণ্ড ট্ৰল কৰা হৈছে ।

লগতে পঢ়ক: পাব্লিচিটি ষ্টান্টৰ বাবেই মৃত্যুৰ নাটক ৰচিলে পুনমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.