ETV Bharat / entertainment

পুত্ৰ অকায়ৰ জন্মৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল বিৰাট কোহলীক, লণ্ডনৰ পৰা আহিল বিৰাটৰ ফটো

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:25 PM IST

Virat Kohli Spotted in London after welcoming son Akaay with Anushka Sharma, see viral pic
পুত্ৰ অকায়ৰ জন্মৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল বিৰাট কোহলীক, লণ্ডনৰ পৰা আহিল বিৰাটৰ ফটো

Virat Kohli Spotted in London: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে শেহতীয়াকৈ পুত্ৰ অকায়ক আদৰণি জনাইছিল, তাৰ পিছত বিৰাট কোহলীক লণ্ডনত দেখা গৈছিল । ছচিয়েল মিডিয়াত ভাইৰেল হৈছে তেওঁৰ ছবি ।

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা চলিত মাহৰ ১৫ তাৰিখে এটি মৰমলগা সন্তানৰ পিতৃ-মাতৃ হৈ পৰিছে । দম্পতীটোৰ ঘৰলৈ আহিছে এজন ৰাজকুমাৰ, যাৰ নাম অকায় কোহলী ৰখা হৈছে । অৱশ্যে নিজৰ গোপনীয়তা অক্ষুণ্ণ ৰাখি তেওঁ এই ঘোষণা পলমকৈ কৰে । জুনিয়ৰ কোহলীৰ আগমনৰ খবৰ পোৱাৰ কিছু সময়ৰ পিচতে এটা ফেন পেজে শ্বেয়াৰ কৰিলে লণ্ডনৰ ৰাজপথত ঘূৰি ফুৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ ছবি ।

ছবিখনত আমি দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে সন্ধিয়া শেষৰ ফালে লণ্ডনৰ ৰাজপথত ঘূৰি ফুৰিছে । এইবাৰ দম্পতীয়ে সন্তান জন্মৰ বাবে মুম্বাইক বাছি লোৱা নাছিল আৰু প্ৰসৱৰ কিছু সময়ৰ পূৰ্বে দুয়ো পৰিয়ালটোৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হোৱা বুলি খবৰ ওলাইছে । আপোনালোকক জনাই দিও যে, প্ৰসৱৰ বাবে লণ্ডন বাছি লোৱাৰ আঁৰত এটা বিশেষ কাৰণ আছে । এই দম্পতীটোৰ প্ৰিয় গন্তব্যস্থান আৰু লগতে কোৱা হয় যে বিৰাটে লণ্ডনৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত এটা এপাৰ্টমেণ্ট লৈছে ।

সূত্ৰৰ পৰা জানিব পৰা মতে, এইবাৰ দম্পতীটোৱে নিজৰ গৰ্ভাৱস্থা আৰু এই পৰ্যায়টো সম্পূৰ্ণৰূপে ব্যক্তিগতভাৱে ৰাখিব বিচাৰিছিল । কাৰণ বামিকাৰ জন্মৰ সময়ত দম্পতীটোৱে য’তেই গৈছিল, পাপাৰাজীয়ে তেওঁলোকৰ পিছে পিছে যাবলৈ আৰম্ভ কৰিছিল ।

লণ্ডন হৈছে দম্পতীটোৰ প্ৰিয় গন্তব্যস্থান

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই যেতিয়াই সময় পায়, দুয়োজনে নিশ্চিতভাৱে লণ্ডনলৈ যায় । দম্পতীটোৰ অন্যতম প্ৰিয় গন্তব্য চহৰ হ’ল লণ্ডন । কোৱা হয় যে, দুয়োজনে এই বিশেষ মুহূৰ্তটো পৰিয়ালৰ সৈতে কটাব বিচাৰিছে ।

ইফালে, এতিয়া মানুহে জানিব বিচাৰে যে তেওঁলোকে নিজৰ পুত্ৰৰ নাম কিয় অকায় ৰাখিছে আৰু আকাইৰ অৰ্থ কি ?

জনাই দিও যে, বিৰাট আৰু অনুষ্কাই ইয়াৰ পূৰ্বে নিজৰ কন্যা এক অসাধাৰণ নাম ‘বামিকা’ ৰাখিছিল । একে সময়তে এতিয়া পুত্ৰৰ নাম ‘অকায়’ ৰখাৰ পিচতে এতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈছে এই নামটোৰ অৰ্থ কি ।

অকায়ৰ অৰ্থ

সহজ ভাষাত ক’বলৈ গ’লে অকায়ৰ অৰ্থ ‘নিৰাকাৰ’। শৰীৰ বা শৰীৰহীন, কায়া-ৰহতি, বা শৰীৰহীন । অকায় মানে যাৰ শৰীৰ নাই অৰ্থাৎ অজন্ম বা আকৃতি আৰু ৰূপহীন – নিৰাকাৰ বুলি কোৱা হয় । আপোনালোকক জনাই দিও যে, ভগৱান শিৱক নিৰাকাৰ বুলি কোৱা হয় । অৰ্থাৎ ভগৱান শিৱৰ নামেৰে অকায়ৰ নামকৰণ কৰা হৈছে । অৱশ্যে বিৰাট আৰু অনুষ্কাই অকায় নাম দিয়াৰ কাৰণ কি সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

জনাই দিও যে, ২০১৭ চনত বিৰাট আৰু অনুষ্কা বিবাহপাশত আবদ্ধ হৈছিল । একে সময়তে বিবাহৰ পিছত ২০২১ চনত কন্যা বামিকাৰ জন্ম হয় । আনহাতে, পুত্ৰ অকাইৰ জন্ম হয় ২০২৪ চনত ।

লগতে পঢ়ক: বিৰাট-অনুষ্কাৰ জীৱনলৈ পুত্ৰ অকায়ৰ আগমন; ৰণবীৰ সিঙৰ পৰা শচীন টেণ্ডুলকাৰলৈকে জনালে অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.