ETV Bharat / entertainment

বিৰাট-অনুষ্কাৰ জীৱনলৈ পুত্ৰ অকায়ৰ আগমন; ৰণবীৰ সিঙৰ পৰা শচীন টেণ্ডুলকাৰলৈকে জনালে অভিনন্দন

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 10:35 AM IST

Virat Kohli and Anushka Sharma welcomed baby boy Akaay, from Ranveer Singh Sachin Tendulkar and others congratulate
বিৰাট-অনুষ্কাৰ জীৱনলৈ পুত্ৰ অকায়ৰ আগমণ; ৰণবীৰ সিঙৰ পৰা শচীন টেণ্ডুলকাৰলৈকে জনালে অভিনন্দন

Celebs Wishes To Anushka-Virat: বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই দ্বিতীয় সন্তান অকায়ক আদৰণি জনাইছে। আলিয়া ভাট, ৰণবীৰ সিংকে ধৰি বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত এই দম্পতীটোলৈ অভিনন্দন জনায় ।

চিটাৰা ডেস্ক, 21 ফেব্ৰুৱাৰী: সুখবৰ! ক্ৰিকেটাৰ বিৰাট কোহলী আৰু চলচ্চিত্ৰ তাৰকা অনুষ্কা শৰ্মা এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছে । মঙলবাৰে নিশা (২০ ফেব্ৰুৱাৰী) ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে দম্পতীটোৱে কণমানিটোৰ আগমনৰ কথা ঘোষণা কৰে । এই যুটিটোৱে এই খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে চেলিব্ৰিটিসকলে কমেণ্ট ছেকচনত অভিনন্দন জনাবলৈ আৰম্ভ কৰে । দম্পটিটোৱে পুত্ৰ সন্তানৰ নাম ৰাখিছে অকায় ৷

এইসকল তাৰকাই জনালে অভিনন্দন

ৰণবীৰ সিঙে কেইবাটাও হাৰ্ট ইমোজি পোষ্ট কৰাৰ বিপৰীতে আলিয়া ভাটে লিখিছে, "কিমান ধুনীয়া, অভিনন্দন ।" শিবানী আখতাৰ, সোণম কাপুৰ, মনীশ পলকে ধৰি বহুকেইগৰাকী হাই প্ৰফাইল তাৰকা তথা ক্ৰিকেটাৰে দম্পতীটোলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

একে সময়তে শচীন টেণ্ডুলকাৰেও বিশেষ বাৰ্তা লিখি কোহলী আৰু অনুষ্কালৈ ইতিমধ্যে অভিনন্দন জ্ঞাপন কৰিছে । শচীনে পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, "পৰিয়ালৰ এটি নতুন তথা অমূল্য সদস্য অকায়ৰ আগমনত বিৰাট আৰু অনুষ্কালৈ অভিনন্দন ৷" যেনেকৈ তেওঁৰ নামটো সুখেৰে পৰিপূৰ্ণ কৰা তেনেদৰে তোমালোকৰ সন্তানটিয়ে দুয়োৰে জীৱন অন্তহীন সুখ আৰু হাঁহিৰে ভৰাই তোলক...আৰু তোমালোকৰ অনাগত দিনবোৰত সাঁচি থব পৰা অনুভৱ আৰু স্মৃতিবোৰ চিৰসেউজ হৈ থাকক..নতুন পৃথিৱীলৈ স্বাগতম লিটিল চেম্প! বৰ্তমান শচীনৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে ৷

বিৰাট-অনুষ্কাৰ বিশেষ পোষ্ট

ইফালে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “অসীম আনন্দ আৰু অতি মৰমেৰে, আমি সকলোকে জনাবলৈ পাই সুখী যে, ১৫ ফেব্ৰুৱাৰীত আমি আমাৰ ল’ৰা সন্তান তথা বামিকাৰ সৰু ভাইটি 'অকায়'ক আদৰণি জনাইছো ।” বিশ্ববাসী! আমি আমাৰ জীৱনৰ এই সুন্দৰ সময়ত আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো । আমি অনুৰোধ কৰিছো যে আপোনালোকে এই সময়ত আমাৰ গোপনীয়তাক সন্মান কৰিব । প্ৰেম আৰু কৃতজ্ঞতা । বিৰাট আৰু অনুষ্কা ।"

উল্লেখ্য যে, অনুষ্কাই লণ্ডনত অকায়ক জন্ম দিছে । কিছুদিন পূৰ্বে ব্যৱসায়ী হৰ্ষ গোৱেংকাইও কৈছিল যে, অনুষ্কা আৰু বিৰাটৰ সন্তান লণ্ডনত জন্ম হ’ব । ইয়াৰ পিচতে তেওঁৰ এই টুইটটো যথেষ্ট ভাইৰেল হৈ পৰিছিল ।

জনাই দিও যে, দুয়োগৰাকী ইতিমধ্যে তিনি বছৰীয়া কন্যা সন্তান বামিকাৰ পিতৃ-মাতৃ । অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে কিছুবছৰৰ প্ৰেমৰ অন্তত ২০১৭ চনত ইটালীত এক অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় আৰু ২০২১ চনৰ ১১ জানুৱাৰীত কন্যা নিজৰ জীৱনলৈ বামিকাক আদৰণি জনায় । নতুন অভিভাৱকলৈ অভিনন্দন!

লগতে পঢ়ক: পুত্ৰ সন্তানৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ল বিৰাট-অনুষ্কা; নাম থ’লে অকায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.