ETV Bharat / entertainment

বিদ্যুৎ জামৱালৰ ক্ৰেক ছবিখনে প্ৰথম দিনা কিমান উপাৰ্জন কৰিছে ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:27 PM IST

Crackk Box Office Collection Day 1: ছবিগৃহত মুক্তি পালে বিদ্যুৎ জামৱালৰ ছবি ক্ৰেক । এই ছবিখনত অৰ্জুন ৰামপাল আৰু নোৰা ফাতেহীক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

Vidyut Jammwal Starrer Crakk  first day box office collection
ক্ৰেক বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী : আজি ছবিগৃহত মুক্তি লাভ কৰিছে বিদ্যুৎ জামৱাল অভিনীত ছবি ‘ক্ৰেক’ ৷ এই ছবিখন ‘চিনেমা প্ৰেমিক দিৱস’ৰ দিনা মুক্তি লাভ কৰিছে ৷ অৰ্থাৎ এই ছবিখন আজি ৯৯ টকাত চাব পাৰিব দৰ্শকে ৷ যাৰ বাবে হয়তো ছবিখনৰ উপাৰ্জনত কিছু প্ৰভাৱ পৰিব, কিন্তু তথাপিও ছবিখনে মোটামুটি ধন উপাৰ্জন কৰিব বুলি আশা কৰিছে নিৰ্মাতাই । আদিত্য দত্তৰ পৰিচালনাত নিৰ্মিত ক্ৰেক ছবিখন একশ্যন ভৰ্তি ছবি, য’ত বিদ্যুৎ জামৱালৰ আচৰিত একশ্যন দেখা গৈছে । ইয়াৰ উপৰিও অৰ্জুন ৰামপালকো ছবিখনত একশ্যন অৱতাৰত দেখা গৈছে ।

বিদ্যুৎ জামৱাল আৰু অৰ্জুন ৰামপাল অভিনীত এই একশ্যন ভৰ্তি ছবিখনৰ অগ্ৰিম বুকিং ভাল আছিল । খবৰ অনুসৰি এই ছবিখনৰ প্ৰথম দিনৰ প্ৰায় ৫০ হাজাৰ টিকট বিক্ৰী হৈছিল । এতিয়া ইয়াৰ মতে প্ৰথম দিনা ছবিখনে কিমান উপাৰ্জন কৰিব পাৰে জানো আহক ।

প্ৰথম দিনা কিমান উপাৰ্জন কৰিব ‘ক্ৰেক’এ ?

বিদ্যুতৰ চিনেমাত একশ্যন দৃশ্য নাথাকিব বুলি অনুমান কৰিব নোৱাৰি । অভিনেতাগৰাকীৰ প্ৰত্যেকখন চিনেমাত ৰোমান্টিক কাহিনীৰ সৈতে সংযোগ কৰা হয় একশ্যনৰ মচলা ৷ ক্ৰেক ছবিখনৰ ক্ষেত্ৰতো একে দেখা গৈছে । ইফালে বিদ্যুৎ জামৱাল আৰু নোৰা ফাতেহীয়ে প্ৰথমবাৰৰ বাবে একেলগে এই ছবিখনত কাম কৰিছে । কিন্তু দুয়োৰে যুটি দৰ্শকে কিমান ভাল পাইছে সেয়া উপাৰ্জনৰ পৰাহে ক’ব পৰা যাব ৷

Sacnilk ৰ মতে, ক্ৰেক ছবিখনে প্ৰথম দিনাই প্ৰায় ৩ কোটি টকা সংগ্ৰহ কৰিব পাৰে । খবৰ অনুসৰি ক্ৰেক ছবিখনৰ বাজেট প্ৰায় ৬০ কোটি টকা, গতিকে ছবিখন হিট হ’বলৈ কমেও ৮০ৰ পৰা ৯০ কোটি টকা উপাৰ্জন কৰিব লাগিব ।

আদিত্য দত্তৰ পৰিচালিত ক্ৰেক ছবিখন প্ৰযোজনা কৰিছে একশ্যন হিৰো ফিল্মছ প্ৰডাকশ্যন কোম্পানীয়ে । উল্লেখ্য যে, এই কোম্পানীটো বিদ্যুৎ জামৱালৰ, এই ছবিখন তেওঁ প্ৰযোজনা কৰাৰ লগতে অভিনয়ো কৰিছে ৷ ইয়াৰ উপৰিও ছবিখনত নোৰা ফাতেহী আৰু অৰ্জুন ৰামপালকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

লগতে পঢ়ক: আৰ্টিকেল ৩৭০ৰ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ, এই সন্দৰ্ভত য়ামীয়ে ক’লে- আপোনাক নিৰাশ নকৰো . . .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.