আৰ্টিকেল ৩৭০ৰ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ, এই সন্দৰ্ভত য়ামীয়ে ক’লে- আপোনাক নিৰাশ নকৰো . . .
PM Modi On Article 370: আজি ছবিগৃহত মুক্তি পালে কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ আধাৰত নিৰ্মিত ছবি 'Article 370' ৷ য়ামী গৌতম অভিনীত এই ছবিখনক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Published : February 23, 2024 at 4:38 PM IST
চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: আজি ছবিগৃহত মুক্তি লাভ কৰিছে য়ামী গৌতম অভিনীত ছবি 'Article 370' । 'আৰ্টিকেল ৩৭০' এখন ৰাজনৈতিক নাট্য ছবি । কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সময়ত চৰকাৰে কিমান সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ ওপৰত ভিত্তি কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে । এই ছবিখনত য়ামীয়ে চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ।
ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল অনুৰাগীয়ে ৷ শেহতীয়াকৈ য়ামী গৌতমৰ ‘আৰ্টিকেল ৩৭০’ক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
‘আৰ্টিকেল ৩৭০’ ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য়ামী গৌতমৰ ছবি আৰ্টিকেল ৩৭০ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘মই শুনিছো যে এই সপ্তাহত আৰ্টিকেল ৩৭০ নাম এখন ছবি মুকলি হ’ব, জম্মুবাসীৰ জয় জয় প্ৰতিধ্বনি সমগ্ৰ দেশতে শুনা যাব । কেনেকুৱা ছবি নাজানো কিন্তু কালি টিভিত শুনিলোঁ যে আৰ্টিকেল ৩৭০ এনেকুৱা এখন ছবি আহি আছে । ভাল কথা যে মানুহে শুদ্ধ তথ্য লাভ কৰিবলৈ উপযোগী হ’ব ।’’ অৱশ্যে এই বক্তব্য ছবিখন মুক্তি পোৱাৰ আগতেই দিছিল মোদীয়ে ৷
প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যক লৈ য়ামী গৌতমৰ প্ৰতিক্ৰিয়া প্ৰকাশ
এতিয়া অভিনেত্ৰী য়ামী গৌতমে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰধানমন্ত্ৰীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত মোদীয়ে ‘আৰ্টিকেল ৩৭০’ৰ প্ৰশংসা কৰা দেখা গৈছে ৷ ইনষ্টাগ্ৰাম পোষ্টত য়ামীয়ে প্ৰধানমন্ত্ৰী মোদীক আৰ্টিকেল ৩৭০ ছবি সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে ধন্যবাদ জনায় । ইয়াৰ সমান্তৰালকৈ য়ামীয়ে লিখিছে, ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ ছবিখনৰ কথা কোৱাটো গৌৰৱৰ বিষয় আছিল । মই আৰু মোৰ দলটোৱে সঁচাকৈয়ে আশা কৰিছো যে আমি এই অবিশ্বাস্য কাহিনীটো পৰ্দালৈ অনাত আপোনাৰ আশাক যাতে নিৰাশ নকৰো !”
আৰ্টিকেল ৩৭০'ৰ কাহিনী
য়ামী গৌতম অভিনীত 'আৰ্টিকেল ৩৭০'ত প্ৰিয়মণি আৰু অৰুণ গোভিলেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ৩৭০ অনুচ্ছেদ বাতিল বা ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰোৱাৰ আধাৰত নিৰ্মিত ছবিখনত য়ামীয়ে এগৰাকী বুদ্ধিমান চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী আদিত্য সুহাস জম্ভালে পৰিচালনা কৰিছে এই ছবিখন ৷ 'আৰ্টিকেল ৩৭০' প্ৰযোজনা কৰিছে জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে । এই ছবিখন ২৩ ফেব্ৰুৱাৰীত অৰ্থাৎ আজি সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি লাভ কৰিছে ।

