ETV Bharat / entertainment

হঠাৎ কি হ’ল বিকি কৌশলৰ ?

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:22 AM IST

Vicky Kaushal Spotted with Arm Sling, Fans Concerned - Watch
আহত অভিনেতা বিকি কৌশল

Vicky Kaushal injured: আহত হৈছে বলীউডৰ অভিনেতা বিকি কৌশল ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ‘ছেম বাহাদুৰ’ত উৎকৃষ্ট অভিনয়ৰ বাবে চৰ্চাত আছিল অভিনেতা বিকি কৌশল । ‘ছেম বাহাদুৰ’ৰ সফলতাৰ পিচত এতিয়া সঞ্জয় লীলা ভাঞ্চালীৰ এখন বিগ বাজেটৰ ছবিত দেখা যাব বিকি কৌশলক । ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ ছবিখনত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব বিকি কৌশলক ।

ইফালে প্ৰথমবাৰৰ বাবে ভাঞ্চালীৰ ছবিত বিকিক চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে ৷ এই সকলোবোৰৰ মাজতে এতিয়া বিকি কৌশলৰ স্বাস্থ্যৰ সৈতে জড়িত এটা খবৰ আহিছে ৷ আচলত হাতত আঘাত পাইছে অভিনেতাগৰাকীয়ে । বুধবাৰে সন্ধিয়া বিকিৰ ঘৰৰ বাহিৰত বিকিক কেমেৰাত বন্দী কৰিছিল পাপাৰাজীয়ে, য’ত অভিনেতাগৰাকীয়ে হাতত প্লাষ্টাৰৰ স্লিং পিন্ধি থকা দেখা গৈছিল ।

কেনেকৈ আহত হ’ল বিকি কৌশল ?

বিকি কৌশলৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল ভায়ানীয়ে শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত বিকি কৌশলে ধূসৰ ৰঙৰ টি-চাৰ্ট আৰু ধূসৰ ৰঙৰ শ্বৰ্ট পৰিধান কৰি গাড়ীৰ পৰা ওলাই অহা দেখা গৈছে । কিন্তু এইসময়চোৱাত অভিনেতাজনৰ হাতত প্লাষ্টাৰ লগোৱা দেখা গৈছে ৷ অৱশ্যে হাতত আঘাত পোৱাৰ পিচতো ভিডিঅ’টোত বিকি কৌশলে পাপাৰাজীক হাঁহি হাঁহি বাই দিয়া দেখা গৈছে । কিন্তু অভিনেতাগৰাকীয়ে প্লাষ্টাৰৰ স্লিং পিন্ধা দেখি বিচলিত হৈ পৰিছে অনুৰাগী । অনুৰাগীসকলে বিকি কৌশলৰ আশু আৰোগ্য কামনা কৰিছে ।

বিকি কৌশলৰ ৱৰ্ক ফ্ৰণ্ট

শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালীয়ে বিকি কৌশল, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে ‘লাভ এণ্ড ৱাৰ’ৰ কথা ঘোষণা কৰিছে । লাভ এণ্ড ৱাৰৰ উপৰিও বিকি কৌশলে শেহতীয়াকৈ ‘ছাৱা’ ছবিখনৰ শ্বুটিং সমাপ্ত কৰিছে । ৰশ্মিকা মন্দান্নাক ‘ছাৱা’ত বিকি কৌশলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব ।

উল্লেখ্য যে, বিকি কৌশলক শেষবাৰৰ বাবে দেখা গৈছিল মেঘনা গুলজাৰে পৰিচালনা কৰা ছেম বাহাদুৰ ছবিখনত । ছেম বাহাদুৰৰ বাবে বিকিয়ে সমালোচকৰ লগতে দৰ্শকৰ পৰাও যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছিল ।

লগতে পঢ়ক: পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কোন ? যাৰ চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.