ETV Bharat / entertainment

পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কোন ? যাৰ চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানে

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 6:46 PM IST

Kartik Aaryan In Chandu Champion: এজন খেলুৱৈৰ বাস্তৱ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'চান্দু চেম্পিয়ন'। এই ছবিখনত চান্দু চেম্পিয়নৰ চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানে ৷ ছবিখনৰ বিষয়ে সবিশেষ জানো আহক ৷

Did you know? Kartik Aaryan's Chandu Champion is based on the life of Murlikant Petkar
পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী মুৰলিকান্ত পেটকাৰ

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: বলীউডৰ এগৰাকী প্ৰতিভাৱান অভিনেতা হৈছে কাৰ্তিক আৰিয়ান ৷ বহু ছবিত উৎকৃষ্ট অভিনয়ৰে অনুৰাগীৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে ৷ ইফালে কাৰ্তিক আৰিয়ানক এতিয়া দেখা যাব কবীৰ খানৰ পৰিচালনাত নিৰ্মিত আটাইতকৈ প্ৰত্যাশিত ছবি ‘চান্দু চেম্পিয়ন’ত । ১৪ জুনত ডাঙৰ পৰ্দাত মুক্তি পাব এই ছবিখন । কিন্তু আপুনি জানেনে চান্দু চেম্পিয়ন কোন ? যদি নাজানে পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

মুৰলিকান্ত পেটকাৰৰ বিষয়ে

‘চান্দু চেম্পিয়ন’ ভাৰতৰ প্ৰথমজন পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী মুৰলীকান্ত পেটকাৰৰ জীৱনৰ ওপৰত আধাৰিত ছবি । সংবাদ সংস্থা আইএএনএছৰ মতে, ১৯৭২ চনত জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত মুৰলীকান্তে ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল । ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাতো তেওঁ ৩৭.৩৩ ছেকেণ্ড সময় লৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল । মুৰলীকান্ত পেটকাৰ ভাৰতীয় সেনাৰ ইলেক্ট্ৰনিকছ এণ্ড মেকানিকেল ইঞ্জিনিয়াৰ (ই এম ই) কৰ্পছৰ ক্ৰাফ্টমেন ৰেংকৰ সৈনিকো আছিল । ১৯৬৫ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত গুলীবিদ্ধ হৈছিল তেওঁ । এই ঘাঁৰ বাবেই তেওঁ এখন হাত হেৰুৱাব লগীয়া হৈছিল আৰু তাৰ পিচত তেওঁৰ পেছা সলনি কৰি সাঁতোৰবিদলৈ পৰিগণিত হয় ।

সাঁতোৰৰ উপৰিও মুৰলীকান্তে ১৯৭২ চনৰ পেৰালিম্পিকত জেভেলিন থ্ৰ’, স্লেলম, টেবুল টেনিছ আৰু শ্বট পুট আদি খেলৰ প্ৰতিও আগ্ৰহী আছিল । টেবুল টেনিছত ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকতো তেওঁ প্ৰথম ৰাউণ্ডত বিজয়ী হৈছিল । স্কটলেণ্ডৰ এডিনবাৰ্গত অনুষ্ঠিত তৃতীয় কমনৱেলথ পেৰাপ্লেজিক গেমছত জেভেলিন থ্ৰ’ত ৰূপৰ পদক আৰু শ্বট পুটত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । তেওঁৰ বহু কৃতিত্বৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ২০১৮ চনত তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰে ।

চান্দু চেম্পিয়নত কোনে কোনে অভিনয় কৰিছে ?

মুৰলিকান্তৰ চৰিত্ৰত অভিনয় কৰিব কাৰ্তিক আৰিয়ানে । ‘চান্দু চেম্পিয়ন’ত অভিনয় কৰিছে কেটৰিণা কাইফ, শ্ৰদ্ধা কাপুৰ, মনোজ আনন্দ আদিয়ে । কবীৰ খান ফিল্মছ, নাদিয়াদৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট আৰু ষ্টাৰ ষ্টুডিঅ’ই ছবিখন নিৰ্মাণ কৰিছে ।

লগতে পঢ়ক: বিবাহৰ ১২ বছৰৰ পিচত বিচ্ছেদৰ সিদ্ধান্ত ল’লে ঈশা দেওল-ভৰত তখতানীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.