ETV Bharat / entertainment

এটলীৰ VD18 ৰ টিজাৰ মুকলি, ভয়ংকৰ অৱতাৰত বৰুণ ধাৱন

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:00 PM IST

VD 18 Teaser OUT: এটলীৰ আগন্তুক ছবি VD18 প্ৰথম লুকৰ টিজাৰ মুকলি । এই ছবিখনত অভিনয় কৰিব বৰুণ ধাৱনে ৷

Vd18 Is Now Baby John, Catch Varun Dhawan in His Massiest Avatar yet in Atlee-backed Actioner
VD18 ৰ টিজাৰ

চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী: ‘জৱান’ৰ পিচত পৰিচালক এটলী কুমাৰে আন এখন একশ্যন থ্ৰিলাৰ ছবিৰ সৈতে শীঘ্ৰেই উভতি আহিছে, এই ছবিখনত বৰুণ ধাৱনক মুখ্য চৰিত্ৰত দেখা যাব । আজি এটলীয়ে ছবিখনৰ শিৰোনাম প্ৰকাশ কৰিছে । লগতে বৰুণ ধাৱন অভিনীত ছবিখনৰ প্ৰথম লুকৰ টিজাৰ শ্বেয়াৰ কৰিছে ।

২০২৪ চনৰ আৰম্ভণিতে ‘ভিডি ১৮’ সন্দৰ্ভত এটলীয়ে এটা ডাঙৰ কথা ঘোষণা কৰিছিল । ছবিখনৰ শ্বুটিঙৰ পূৰ্বে এটলীয়ে তাৰকা অভিনেতাসকলৰ সৈতে পূজা কৰিছিল আৰু লগতে ভিডিঅ’টো ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল । কালি অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত এটলীয়ে অনুৰাগীৰ সৈতে এটা ডাঙৰ আপডেট শ্বেয়াৰ কৰি কৈছিল যে তেওঁ অতি সোনকালেই ছবিখনৰ নাম প্ৰকাশ কৰিব । কথা মতেই কাম ৷ অৱশেষত এতিয়া অন্ত পৰিল অপেক্ষাৰ ।

VD18 ৰ শিৰোনাম

এটলীয়ে তেওঁৰ আগন্তুক ছবি 'ভিডি ১৮'ৰ শিৰোনাম দিছে ‘ বেবী জন’ । ৫ ফেব্ৰুৱাৰীত ছ’চিয়েল মিডিয়াত ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি এটলীয়ে টাইটেল নাম প্ৰকাশ কৰিছে । তেওঁ কেপচনত লিখিছে, "২০২৪ চনৰ আটাইতকৈ ডাঙৰ একশ্যন এণ্টাৰটেইনাৰ উন্মোচন । বেবী জন ।" ইয়াৰ লগতে তেওঁ ছবিখনৰ প্ৰথম লুকৰ টিজাৰো মুকলি কৰিছে । পোষ্টাৰখনত হাতত বন্দুক লৈ থকা বৰুণ ধাৱনৰ ভয়ংকৰ অৱতাৰ দেখা গৈছে ৷

এটলীয়ে কেৱল ‘বেবী জন’ৰ টাইটেল নাম প্ৰকাশ কৰাই নহয়, ছবিখনৰ টিজাৰ আৰু মুক্তিৰ তাৰিখো মুকলি কৰিছে । ছবিখনৰ এক মিনিট পাঁচ ছেকেণ্ডৰ ভিডিঅ’টোত বৰুণ ধাৱনৰ উগ্ৰ অৱতাৰ দেখা পোৱা গৈছে, যিটো হয়তো ইয়াৰ পূৰ্বে আপুনি কেতিয়াও দেখা নাই ৷

বেবী জন কেতিয়া মুক্তি পাব ?

২০২৪ চনৰ ৩১ মে’ত ছবিগৃহত মুক্তি পাব বৰুণ ধাৱনৰ আগন্তুক ছবি ‘বেবী জন’ । ছবিখনত কীৰ্তি সুৰেশ আৰু বামিকা গাব্বীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ছবিখনৰ প্ৰযোজনা এটলীয়ে কৰাৰ বিপৰীতে পৰিচালনাৰ দায়িত্বত আছে এ. কালিশ্বৰণ ।

লগতে পঢ়ক: অক্ষয় কুমাৰৰ কণ্ঠত মুকলি শম্ভু গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.