ETV Bharat / entertainment

অক্ষয় কুমাৰৰ কণ্ঠত মুকলি শম্ভু গীত

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:48 AM IST

Akshay Kumar Song Shambhu Song Released : অক্ষয় কুমাৰৰ কণ্ঠত মুক্তি লাভ কৰিছে ‘শম্ভু’ গীত । এই গীতটোত মহাদেৱৰ অৱতাৰত দেখা গৈছে অক্ষয় কুমাৰক ৷

Akshay Kumars musical debut: Shambhu song out now
শম্ভু গীত মুক্তি

চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী : নিজৰ উৎকৃষ্ট অভিনয়ৰ বাবে পৰিচিত অক্ষয় কুমাৰ । একশ্যনৰ পৰা কমেডীলৈকে অভিনেতাজনৰ প্ৰতিটো শৈলী অনুৰাগীয়ে ভাল পায় । কিন্তু এতিয়া খিলাড়ি কুমাৰে একশ্যন আৰু কমেডীৰ পৰা আঁতৰি ব্যতিক্ৰমী কামত ভাগ্য পৰীক্ষা কৰা দেখা গৈছে । আজি মুক্তি পাইছে অক্ষয় কুমাৰৰ মিউজিক ভিডিঅ’ ‘শম্ভু’, য’ত অভিনেতাগৰাকীক মহাদেৱৰ অৱতাৰত দেখা যায় । অলপতে অক্ষয় কুমাৰে ‘শম্ভু’ৰ টিজাৰ শ্বেয়াৰ কৰি মুক্তিৰ বিষয়ে তথ্য দিছিল । অৱশেষত আজি গীতটি মুক্তি পালে গীতটি ।

মহাদেৱ অৱতাৰত অক্ষয়

আপুনি হয়তো ভাবিছে অক্ষয়ৰ গীত হে মুক্তি পাইছে, গতিকে ইয়াত ব্যতিক্ৰমী কি আছে ৷ হয়, ব্যতিক্ৰমী এই কাৰণেই কৈছো কাৰণ 'শম্ভু' শীৰ্ষক গীতটিত অক্ষয় কুমাৰে কণ্ঠদান কৰিছে । ইয়াৰ সমান্তৰালকৈ তেওঁ ভিডিঅ’টোত নৃত্যও কৰা দেখা গৈছে । ‘শম্ভু’ৰ ভিডিঅ’ত অক্ষয়ক দেখা গৈছে ছবি অ’এমজি ২ৰ লুকত । ছবিখনত তেওঁ শিৱৰ দূতৰ চৰিত্ৰত অভিনয় কৰিছিল । আনহাতে ‘শম্ভু’ত মহাদেৱৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে অক্ষয়ক ।

উল্লেখ্য যে, ‘শম্ভু’ সুধিৰ যদুবংশী আৰু বিক্ৰম মণ্ট্ৰ’জৰ সৈতে অক্ষয় কুমাৰেও কণ্ঠদান কৰিছে । গীতটিৰ কথা অভিনৱ শেখৰে লিখাৰ বিপৰীতে নৃত্য পৰিচালনা কৰিছে গণেশ আচাৰ্যই ।

অক্ষয়ৰ আগন্তুক চিনেমা

অক্ষয় কুমাৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকী সম্প্ৰতি একাধিক প্ৰজেক্টত ব্যস্ত হৈ আছে । ইয়াৰ ভিতৰত তেওঁৰ ছবি বড়ে মিঞা ছোটে মিঞাৰ শ্বুটিং প্ৰায় শেষ হৈছে । শেহতীয়াকৈ ছবিখনৰ টিজাৰ মুক্তি পাইছিল, য’ত অক্ষয়ক টাইগাৰ শ্ৰফৰ সৈতে একশ্যন কৰা দেখা গৈছিল । বড়ে মিঞা ছোটে মিঞাৰ উপৰিও অক্ষয় কুমাৰৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে হাউচফুল ৫, ৰাউডি ৰাথোৰ ২, ৱেলকাম ৩ আৰু স্কাই ফৰ্চকে ধৰি বহু প্ৰজেক্ট ।

লগতে পঢ়ক: মুক্তিৰ ১৯ বছৰৰ পিচত অ’টিটিত আহিব অমিতাভৰ এইখন ছবি, ছবিখনৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.