ETV Bharat / entertainment

মুক্তিৰ ১৯ বছৰৰ পিচত অ’টিটিত আহিব অমিতাভৰ এইখন ছবি, ছবিখনৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:56 PM IST

Black OTT Release: ৰাণী মুখাৰ্জী আৰু অমিতাভ বচ্চনৰ ছবি ‘ব্লেক’ মুক্তি পোৱা ১৯ বছৰ হ’ল ৷ ইয়াৰ পৰিচালনা কৰিছিল সঞ্জয় লীলা ভাঞ্চালীয়ে । এতিয়া এই ছবিখন OTT প্লেটফৰ্মত মুক্তি দিয়া হ’ব ।

Black Turns 19, Hits OTT: Did You Know Big B Charged Nothing for the National Award-Winning Role?
ব্লেক’ মুক্তি পোৱা ১৯ বছৰ হ’ল

চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: অতি সোনকালেই চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘Black’ অ’টিটিত মুক্তি পাব । এই ছবিখন ২০০৫ চনত মুক্তি পাইছিল । ছবিখনত মেগাষ্টাৰ অমিতাভ বচ্চনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ মুখ্য অভিনেত্ৰী আছিল ৰাণী মুখাৰ্জী, যি দৃষ্টিহীন যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ব্যতিক্ৰমী কাহিনী আৰু তাৰকাময় অভিনয়ৰ বাবে ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে পৰা সমাদৰ লাভ কৰিছিল ।

ৰাণী মুখাৰ্জীৰ অন্যতম উজ্জ্বল অভিনয়ৰ ভিতৰত ‘Black’ অন্যতম বুলি গণ্য কৰা হয় । ছবিখন মুক্তি পোৱা আজি ১৯ বছৰ হ’ল । ১৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ছবিখন অ’টিটিত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাই ।

দেওবাৰে নিৰ্মাতাই ব্লেক ছবিখনৰ ডিজিটেল মুক্তিৰ কথা ঘোষণা কৰিছে । মাইলৰ খুঁটি বুলি অভিহিত কৰা এই ছবিখন অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব । দৰ্শকে নিজৰ ঘৰত আৰামত বহি ছবিখন উপভোগ কৰিব পাৰিব । ছবিখনৰ এটা মৰ্মস্পৰ্শী ক্লিপ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ইয়াৰ মুক্তিৰ তাৰিখ আৰু অন্যান্য তথ্য নেটফ্লিক্সৰ ইনষ্টা হেণ্ডেলত দিছে ।

পোষ্টটোৰ কেপচনত লিখা আছিল, “সঞ্জয় লীলা ভাঞ্চালীৰ ব্লেক মুক্তিৰ ১৯ বছৰ হ’ল আৰু আজি আমি নেটফ্লিক্সত ইয়াৰ প্ৰথম ডিজিটেল মুক্তি উদযাপন কৰিছো ! দেবৰাজ আৰু মিচেলৰ এই যাত্ৰা আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক। ’’

ছবিখনত শিক্ষক দেবৰাজৰ চৰিত্ৰত অভিনয় কৰা অমিতাভ বচ্চনেও নিজৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে অ’টিটি প্ৰিমিয়াৰৰ তথ্য শ্বেয়াৰ কৰিছে ।

এই ছবিখনৰ কাহিনী কলা আৰু অন্ধ মহিলা মিচেল (ৰাণী মুখাৰ্জী)ৰ ওপৰত আধাৰিত । ছবিখনত অমিতাভ বচ্চনে তেওঁৰ শিক্ষক দেবৰাজৰ চৰিত্ৰত অভিনয় কৰিছে যি আলঝেইমাৰ ৰোগত আক্ৰান্ত । এগৰাকী ছাত্ৰী আৰু শিক্ষকৰ সম্পৰ্কক ছবিখনত সুন্দৰকৈ চিত্ৰিত কৰা হৈছে ।

সঞ্জয় লীলা ভাঞ্চালীৰ এই ছবিখনত আয়েশা কাপুৰ, শ্বেৰনাজ পেটেল আৰু ধৃতিমান চেটাৰ্জীয়েও অভিনয় কৰিছে ৷ এই ছবিখনৰ বাবে অমিতাভ বচ্চনে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ।

লগতে পঢ়ক: কৰ্কট দিৱসৰ দিনা আয়ুষ্মান খুৰানাই পত্নী তাহিৰাৰ বিষয়ে লিখিলে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.