ETV Bharat / entertainment

এইসমূহ চিনেমাৰ পৰা লওক প্ৰেমিকাক উপহাৰ দিয়াৰ আইডিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 11:50 AM IST

Valentine Day Gift Idea: ভেলেণ্টাইন ডে’ত প্ৰেমিকাক কি উপহাৰ দিব ? যদি একো ভাবি পোৱা নাই, তেন্তে বলীউডৰ চিনেমাৰ পৰা লওক প্ৰেমিকাক উপহাৰ দিয়াৰ আইডিয়া ।

Valentine Gifting Ideas From Bollywood Movies
ভেলেণ্টাইন ডে'ৰ উপহাৰৰ আইডিয়া

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: ফেব্ৰুৱাৰী মাহটো প্ৰেমৰ মাহ বুলি গণ্য কৰা হয় ৷ সেয়েহে, এই মাহটোৰ এটা সপ্তাহ প্ৰেমিক-প্ৰেমিকাৰ বাবে ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰা হয় । ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ভেলেণ্টাইন ডে’ সপ্তাহ হিচাপে উদযাপন কৰা হয় ৷ এই উপলক্ষে প্ৰেমিক-প্ৰেমিকাই ইগৰাকীয়ে সিগৰাকীক উপহাৰ দিয়ে । অৱশ্যে ল’ৰাক উপহাৰ দিয়াটো ছোৱালীৰ বাবে কিছু সহজ হয় ৷ কিন্তু ছোৱালীৰ বাবে উপহাৰ কিনাটো ল’ৰাৰ বাবে এটা ডাঙৰ কাম ৰূপে পৰিগণিত হয়, কাৰণ ছোৱালীয়ে সহজে একো ভাল নাপায় । এনে পৰিস্থিতিত যদি আপুনি বিভ্ৰান্ত হৈছে যে আপুনি প্ৰেমিকাক কি উপহাৰ দিব, তেন্তে বলীউডৰ কিছুমান চিনেমাই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে ৷ হয়, প্ৰেমিকাক কি উপহাৰ দিব তাৰ আইডিয়া ল’ব পাৰে বলীউডৰ এইসমূহ ছবিৰ পৰা ৷

ভেলেণ্টাইন ডে’ত প্ৰেমিকাক উপহাৰ দিয়াৰ আগতে চাওক বলীউডৰ কিছুমান চিনেমা । কাৰণ সেই ছবিবোৰত আপুনি আপোনাৰ প্ৰেমিকাক কি উপহাৰ দিব তাৰ ধাৰণা পাব পাৰে ৷ যদি আপুনি এতিয়াও বিভ্ৰান্ত হৈ আছে, তেন্তে তলত উল্লেখ কৰা চিনেমাবোৰে আপোনাৰ প্ৰেমিকাক উপহাৰ দিয়াত সহায় কৰিব ।

বলীউডৰ চিনেমাৰ পৰা লওক ভেলেণ্টাইন ডে’ৰ উপহাৰৰ আইডিয়া

ভেলেণ্টাইন ডে’ত প্ৰায়ে ল’ৰাবোৰ বিমোৰত পৰে প্ৰেমিকাক কি উপহাৰ দিব । কিন্তু তলত উল্লেখ কৰা এই ছবিবোৰৰ পৰা ছোৱালীবোৰে কি ভাল পায় সেই বিষয়ে জানিব পাৰিব ৷

Humpty Sharma Ki Dulhania

২০১৪ চনত মুক্তি পোৱা ‘হামটী শাৰ্ম কি দুলহানিয়া’ ছবিখন ছুপাৰহিট হৈছিল । ছবিখনত বৰুণ ধাৱন আৰু আলিয়া ভাটৰ যুটিটো বৰ ভাল পাইছিল অনুৰাগীয়ে । ইফালে ছবিখনৰ এটা দৃশ্যত দেখা গৈছিল যে হামটীয়ে তেওঁৰ কইনাক কাণফুলি উপহাৰ দিয়ে । সেই দৃশ্যটোত কোৱা হয় যে ছোৱালীয়ে কাণফুলি ভাল পায় । গতিকে আপুনিও আপোনাৰ প্ৰেমিকাক কাণফুলি উপহাৰ দিব পাৰে ৷

Hum Aapke Hain Koun..!

১৯৯৪ চনত মুক্তি পোৱা ‘হাম আপকে হে কৌন’ ছবিখন আছিল এখন ব্লকবাষ্টাৰ ছবি । ছবিখনত ছলমান খান আৰু মাধুৰী দীক্ষিতে প্ৰেম-নিছাৰ আইকনিক চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনত প্ৰেমে বাৰে বাৰে নিশাক চকলেট উপহাৰ দিয়ে কাৰণ ছোৱালীবোৰে চকলেট খুব ভাল পায় । গতিকে আপুনিও আপোনাৰ প্ৰেমিকাক চকলেট উপহাৰ দিব পাৰে । যিহেতু আজি চকলেট ডে’ সেই উপলক্ষে চকলেট উপহাৰ হিচাপে দিব পাৰে ৷

Mohabbatein

২০০০ চনত মুক্তি পোৱা ‘মহব্বতে’ ছবিখনত ভেলেণ্টাইন ডে’ উদযাপন কৰা দেখুওৱা হয়, য’ত সকলোৱে ইজনে সিজনক উপহাৰ দিয়ে । কিন্তু এজন অভিনেতাই উপহাৰৰ পৰিৱৰ্তে হৃদয়স্পৰ্শী অনুভৱবোৰ প্ৰেমিকাৰ সন্মুখত প্ৰকাশ কৰে । বিশ্বাস কৰা হয় যে ছোৱালীয়ে শব্দৰ যাদু ভাল পায় আৰু যদি আপুনিও আপোনাৰ প্ৰেমিকাক চিঠি বা মেছেজৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে বা প্ৰেমিকাৰ বিষয়ে আপুনি কি ভাৱে সেই বিষয়ে প্ৰকাশ কৰে তেন্তে তেওঁ নিশ্চয় ভাল পাব ।

Dil To Pagal Hai

১৯৯৭ চনৰ ‘দিল তো পাগল হে’ ছবিখন যশ চোপ্ৰাৰ সংগীতৰ ৰোমান্টিক ছবি আছিল । ভেলেণ্টাইন ডে’ৰ বিশেষ অৰ্থ এই ছবিখনত বুজাই দিয়া হয় । মাধুৰী দীক্ষিতে ভেলেণ্টাইন ডে’ উপলক্ষে ভাষণ দিয়ে আৰু যিটো হয়তো আপুনিও ভাল পাব । ইফালে ভেলেণ্টাইন ডে’ত শ্বাহৰুখে প্ৰেমিকাক সুখী কৰিবলৈ কি কি কৰে তাৰ পৰাও কিছু ধাৰণা ল’ব পাৰিব ৷

লগতে পঢ়ক: ভেলেণ্টাইন ডে’ উপলক্ষে মুকলি ফাইটাৰৰ নতুন ৰোমান্টিক গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.