ETV Bharat / entertainment

কৃতি, কৰীণা, টাবুৰ যুটিয়ে আলোড়নৰ সৃষ্টি কৰিব, মুক্তিৰ তাৰিখ ঘোষণা দ্য ক্ৰুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:51 PM IST

The Crew Release Date: অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল কৃতি ছেনন, কৰীণা কাপুৰ আৰু টাবুৰ ছবি দ্য ক্ৰুৰ বাবে । এতিয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে ।

The Crew: Kareena Kapoor Khan Drops New Release Date with Film's Teaser - Watch
মুক্তিৰ তাৰিখ ঘোষণা দ্য ক্ৰুৰ

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী : অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে কৰীণা কাপুৰ, টাবু আৰু কৃতি ছেননৰ ছবি ‘দ্য ক্ৰু’ৰ বাবে । এই ছবিখন ঘোষণা কৰাৰ পিচৰে পৰা অনুৰাগীয়ে ইয়াৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছিল । ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে উদ্যোগটোৰ তিনিগৰাকী আগশাৰীৰ মহিলাই একেলগে নিজৰ যাদু প্ৰদৰ্শন কৰা দেখা যাব । কৰীণা কাপুৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ২৯ মাৰ্চত ছবিগৃহত মুক্তি পাব এই ছবিখন । ছবিখন পৰিচালনা কৰিছে ৰাজেশ কৃষ্ণনে । আনহাতে ইয়াৰ প্ৰযোজনা কৰিছে একতা কাপুৰ আৰু ৰিয়া কাপুৰে ।

একতা কাপুৰ আৰু ৰিয়া কাপুৰৰ বিশেষ প্ৰজেক্ট ‘দ্য ক্ৰু’ । এই ছবিখনৰ শ্বুটিং মুম্বাই আৰু আবুধাবিত কৰা হৈছে । এই ছবিখন পূৰ্বে ২২ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া ২৯ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে । ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি নিৰ্মাতাই নতুন মুক্তিৰ তাৰিখৰ বিষয়ে অৱগত কৰিছে ।

টিজাৰ কেনেকুৱা ?

কৰীণাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ‘দ্য ক্ৰু’ৰ ধেমেলীয়া টিজাৰ । য’ত কৰীণা, কৃতি আৰু তাবুক এয়াৰ হোষ্টেছৰ পোছাক পৰিধান কৰি বিমানবন্দৰত খোজ কাঢ়ি থকা দেখা গৈছে । ভিডিঅ’টোত বেকগ্ৰাউণ্ডত বাজি আছে ‘চোলি কে পিচে ক্যা হে’ গীতটো ।

ভিডিঅ'টোত বিমানখনৰ কেপ্টেইনে কৈছে, লেডিজ এণ্ড জেন্টলমেন, মই আপোনালোকৰ কেপ্টেইনে কৈছো । আজিৰ বিমানখনলৈ আপোনাক স্বাগতম । আমাৰ ক্ৰুৱে আপোনাৰ সম্পূৰ্ণ যত্ন ল’ব । কিন্তু আপোনালোক সকলোকে অনুৰোধ কৰা হৈছে যে ব্লাউজটো টানকৈ বান্ধি লওক যাতে হৃদয়খন ওলাই নাযায় । ভিডিঅ'টো শ্বেয়াৰ কৰি কৰীণাই লিখিছে - পপকৰ্ণ তৈয়াৰ কৰি লওক, পৰিৱেশন কৰিবলৈ সাজু হৈছো । এই মাৰ্চ মাহত মুক্তি পাব দ্য ক্ৰু ।

লগতে পঢ়ক: সঞ্জয় লীলা ভানশালীৰ হীৰামণ্ডীৰ প্ৰকৃত কাহিনী কি ? জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.