ETV Bharat / entertainment

সঞ্জয় লীলা ভানশালীৰ হীৰামণ্ডীৰ প্ৰকৃত কাহিনী কি ? জানি লওক

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:33 PM IST

HeeraMandi History: বলীউডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভানশালীৰ আগন্তুক প্ৰজেক্ট ‘হীৰামণ্ডী’ ৷ এতিয়া এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা আৰম্ভ হৈছে ৷ কিন্তু আপুনি জানেনে হীৰামণ্ডীৰ ইতিহাসৰ বিষয়ে ? যদি নাজানে জানি লওক এই প্ৰতিবেদনত ।

Know the Sanjay Leela Bhansalis web series HeeraMandi History
হীৰামণ্ডীৰ প্ৰকৃত কাহিনী কি ?

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী : ‘পদ্মাৱত’, ‘হম দিল দে চুকে চনম’ৰ দৰে বহু ঐতিহাসিক ছবি হিন্দী চিনেমালৈ আগবঢ়োৱা সঞ্জয় লীলা ভানশালীৰ নতুন প্ৰজেক্টৰ বাবে দৰ্শকে সদায় আগ্ৰহেৰে অপেক্ষা কৰে । একে সময়তে এতিয়া তেওঁৰ ৱেব ছিৰিজ ‘হীৰামণ্ডী’ক লৈ তেওঁ দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

ঐতিহাসিক আৰু অনন্য কাহিনী প্ৰদৰ্শনৰ বাবে জনপ্ৰিয় সঞ্জয় লীলা ভানশালীৰ ‘হীৰামণ্ডী’ৰ আভাস ১ ফেব্ৰুৱাৰীত দেখা পোৱা গৈছে । ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ‘হীৰামণ্ডী’ক লৈ চৰ্চা আৰম্ভ হয় ।

উল্লেখ্য যে, অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব ‘হীৰামণ্ডী’ । কিন্তু আপুনি জানেনে পাকিস্তানৰ ‘হীৰামণ্ডী’ৰ ইতিহাস কি আছিল ? অতি কম সংখ্যক লোকেহে জানে হীৰামণ্ডীৰ ইতিহাস ৷ গতিকে এই প্ৰতিবেদনত জানো আহক ইয়াৰ ইতিহাস ৷

'হীৰামণ্ডী'ৰ ইতিহাস কি ?

পাকিস্তানৰ হালৌৰত থকা ৰেড লাইট এলেকা, ‘হীৰামণ্ডী’ নামেৰে পৰিচিত । কেৱল এয়াই নহয়, এই অঞ্চলটোক শ্বাহী মহল্লা বুলিও কোৱা হয় । লাভ কৰা তথ্য অনুসৰি শিখ মহাৰাজ ৰঞ্জিত সিঙে তেওঁৰ মন্ত্ৰী হীৰা সিং ডোগ্ৰাৰ নামেৰে ‘হীৰামণ্ডী’ নামাকৰণ কৰিছিল । মন্ত্ৰী হীৰা সিঙে ইয়াতে শস্যৰ বজাৰ আৰম্ভ কৰিছিল । সঞ্জয় লীলা ভাঞ্চালীৰ পূৰ্বে কৰণ জোহৰেও তেওঁৰ ‘কলংক’ ছবিখনত এই কথা উল্লেখ কৰিছিল ।

‘হীৰামণ্ডী’ৰ গণিকাসকল পূৰ্বে সমগ্ৰ বিশ্বতে বিখ্যাত আছিল । কিন্তু বিভাজনৰ পূৰ্বে হীৰামণ্ডীত সংঘটিত হোৱা প্ৰেম, বিশ্বাসঘাটকতা আৰু ৰাজনীতিৰ কাহিনীবোৰ এতিয়াও যথেষ্ট বিখ্যাত । আগতে ‘হীৰামণ্ডী’ত বহু ধুনীয়া ধুনীয়া মহিলাই বাস কৰিছিল । আফগানিস্তানৰ পৰা উজবেকিস্তানলৈকে মহিলাসকল আহি ইয়াত বাস কৰিছিল । কাৰণ সেই সময়চোৱাত এই বৃত্তিটোক লেতেৰা বুলি গণ্য কৰা হোৱা নাছিল আৰু বেয়া চকুৰেও চোৱা নাছিল ।

মোগলৰ শাসনত ‘হীৰামণ্ডী’ত বসবাস কৰা মহিলাসকল নৃত্য, শিল্প, সংস্কৃতি আৰু সংগীতৰ লগত অতিশয় জড়িত আছিল আৰু তেওঁলোকে কেৱল ৰজা-সম্ৰাটৰ সন্মুখত নিজৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰিছিল । কিন্তু সময় সলনি হয় আৰু মোগলৰ পাচত বিদেশীয়ে ‘হীৰামণ্ডী’ত শাসন কৰিবলৈ ধৰে । বিদেশীৰ শাসনত ‘হীৰামণ্ডী’ৰ জিলিকনি ম্লান পৰিবলৈ ধৰে । ইয়াৰ পিচত ‘হীৰামণ্ডী’ৰ অৰ্থ সলনি কৰি তাত বসবাস কৰা মহিলাসকলক পতিতা বুলি নাম দিছিল বিদেশীসকলে ।

পতিতাসকলৰ বিভিন্ন দাবী

অৱশ্যে হীৰামণ্ডীৰ পৰিৱেশৰ ওপৰত পতিতাসকলৰ দাবী বেলেগ বেলেগ । ইয়াত বহু মহিলা এনেকুৱাও আছে, যিসকলে কেৱল মুজৰা কৰে । তেওঁলোকে দাবী কৰে যে তেওঁলোকে কেতিয়াও দেহ ব্যৱসায়ত প্ৰৱেশ কৰা নাছিল । নিজকে তাৰ পৰা আঁতৰাই ৰাখিছিল । নিশা ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত মুজৰা কৰি জীৱন কটাইছিল । এই কাম প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে আগবঢ়াই নিয়া হৈছে । তেওঁলোকে কয় যে তেওঁলোকে দেহ ব্যৱসায়ৰ বিৰোধিতা কৰে । একে সময়তে আন কিছুমান মহিলাই কয় যে আমি জীৱিকাৰ বাবে যৌনকৰ্মী হৈ পৰিছো । এয়াই আমাৰ জীৱিকা ।

কিমান পৰিৱৰ্তন হৈছে ‘হীৰামণ্ডী’ ?

‘হীৰামণ্ডী’ এতিয়া আগৰ দৰে ৰাজকীয় হৈ থকা নাই । সময়ৰ লগে লগে তাৰ জিলিকনি নোহোৱা হৈ গৈছে হীৰামণ্ডীৰ । দিনত হীৰামণ্ডীক পাকিস্তানৰ বজাৰ যেন লাগে । য'ত পাব সুস্বাদু খাদ্য আৰু বিভিন্ন বস্তু। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে ইয়াৰ দৃশ্য সম্পূৰ্ণ ৰূপে সলনি হৈ যায় আৰু ৰেড লাইটলৈ পৰিণত হয় ৷

লগতে পঢ়ক: সঞ্জয় লীলা ভাঞ্চালীৰ হীৰামণ্ডীৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.