ETV Bharat / entertainment

সঞ্জয় লীলা ভাঞ্চালীৰ হীৰামণ্ডীৰ টিজাৰ মুকলি

Heeramandi Teaser Released: ১ ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ বহু প্ৰত্যাশিত ৱেব ছিৰিজ হীৰামণ্ডীৰ ফাৰ্ষ্ট লুক টিজাৰ মুকলি ।

Heeramandi First Look out: Sanjay Leela Bhansali's Maiden OTT Series Transforms to Magical World
হীৰামণ্ডীৰ ফাৰ্ষ্ট লুক টিজাৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 11:39 AM IST

3 Min Read
Choose ETV Bharat

চিটাৰা জেস্ক, ১ ফেব্ৰুৱাৰী: হিন্দী চিনেমাৰ শ্ৰেষ্ঠ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে যেতিয়াই কোনো প্ৰজেক্টৰ সৈতে ঘূৰি আহে তেতিয়াই তেওঁ পৰ্দাত আলোড়নৰ সৃষ্টি কৰে ৷ আজিলৈকে তেওঁ নিৰ্মাণ কৰা সকলো ছবিৰে নিজস্ব বিশেষত্ব আছে । ভাঞ্চালীৰ ছবি বক্স অফিচত ছুপাৰহিট ৰূপে পৰিগণিত হয় । এতিয়া ভাঞ্চালী তেওঁৰ আগন্তুক দুটা প্ৰজেক্টৰ বাবে দীৰ্ঘদিন ধৰি চৰ্চাৰ বিষয় হৈ আহিছে, এটা তেওঁৰ ছবি "ইনশ্বাল্লাহ", আনহাতে আনখন হৈছে ৱেব ছিৰিজ "হীৰামণ্ডী"। ইফালে, বুধবাৰে নিৰ্মাতাই "হীৰামণ্ডী"ৰ সৈতে জড়িত এটা নতুন আপডেট শ্বেয়াৰ কৰি কৈছিল যে, ১ ফেব্ৰুৱাৰী অৰ্থাৎ আজি ৱেব ছিৰিজখনৰ টিজাৰ মুকলি হ’ব ৷ কথা মতেই কাম, মুকলি হ’ল ভাঞ্চালীৰ বহু প্ৰত্যাশিত ৱেব ছিৰিজখনৰ টিজাৰ ৷

সঞ্জয় লীলা ভাঞ্চালীৰ ৱেব ছিৰিজ ‘হীৰামণ্ডী: দ্য ডাইমণ্ড বজাৰ’ৰ বাবে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ এতিয়া অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ আজি মুকলি হ’ল বহু প্ৰত্যাশিত হীৰামণ্ডীৰ টিজাৰ । এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে হীৰামণ্ডী: দ্য ডাইমণ্ড বজাৰৰ জৰিয়তে ডিজিটেল জগতখনত প্ৰৱেশ কৰিব ভাঞ্চালী ৷ অৰ্থাৎ এইখন হ’ব তেওঁৰ প্ৰথম ৱেব ছিৰিজ ।

হীৰামণ্ডীৰ টিজাৰ মুকলি

হীৰামণ্ডী: দ্য ডাইমণ্ড বজাৰৰ টিজাৰৰ প্ৰথম দৃশ্য ৱেৱ ছিৰিজখনৰ মুখ্য অভিনেত্ৰীয়ে শ্বেয়াৰ কৰিছে । অদিতি ৰাও হায়দাৰী, মনীষা কৈৰালা, সোণাক্ষী সিনহা, ৰিচা চাড্ডাকে ধৰি বহু অভিনেত্ৰীৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছে এই টিজাৰত ।

দেৱদাস, বাজীৰাও মস্তানী, পদ্মাৱতৰ দৰে কাহিনী হীৰামণ্ডীৰ পৰা আশা কৰিব পাৰি । ৱেৱ ছিৰিজখনৰ টিজাৰত অদিতি ৰাও হায়দাৰী, মনীষা কৈৰালা, সোণাক্ষী সিনহা আৰু ৰিচা চাড্ডাক ব্যতিক্ৰমী লুকত দেখা গৈছে, টিজাৰটোত একো নক’লেও তেওঁলোকে নিজৰ ষ্টাইলেৰে হীৰামণ্ডীক লৈ অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰিছে ৷

হীৰামণ্ডীৰ কাহিনী কি ?

সঞ্জয় লীলা ভাঞ্চালীয়ে তেওঁৰ ৱেৱ ছিৰিজখনত দেখুৱাব হীৰামণ্ডী নামৰ ঠাইত বাস কৰা পতিতাসকলৰ কাহিনী । ৱেৱ ছিৰিজখনত ক্ষমতা আৰু স্বতন্ত্ৰতাৰ বাবে যুদ্ধ কৰা দেখা যাব । ইয়াৰ সমান্তৰালকৈ হীৰামণ্ডীত স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ কিছু দৃশ্যও দেখুওৱা হ’ব ।

কেতিয়া মুক্তি পাব হীৰামণ্ডী ?

সোণাক্ষী সিনহা, মনীষা কৈৰালা আৰু অদিতি ৰাও হায়দাৰী আৰু ৰিচা চাড্ডাৰ উপৰিও হীৰামণ্ডীত অভিনয় কৰিছে সঞ্জীদা শ্বেখ আৰু শৰ্মিন ছেহগলে । সকলো অভিনেত্ৰীয়ে ৱেৱ ছিৰিজখনৰ বাবে নৃত্যৰ প্ৰশিক্ষণ লৈছে, যাতে তেওঁলোকে নিজৰ ভূমিকাৰ লগত খাপ খাব পাৰে । অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব হীৰামণ্ডী, কিন্তু ষ্ট্ৰীমিংৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক: সঞ্জয় লীলা ভাঞ্চালীৰ হীৰামণ্ডীৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা