ETV Bharat / entertainment

সঞ্জয় লীলা ভাঞ্চালীৰ হীৰামণ্ডীৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:31 AM IST

Heeramandi teaser : সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰথম ৱেব ছিৰিজ ‘হীৰামণ্ডী’ক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল । এতিয়া এই ধাৰাবাহিকখনৰ সৈতে জড়িত এটা ডাঙৰ আপডেট আহিছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Sanjay Leela Bhansali to Drop Heeramandi First Look on This Date
হীৰামাণ্ডীৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: ‘পদ্মাৱত’, ‘হম দিল দে চুকে চনম’ৰ দৰে বহু সুন্দৰ ছবি হিন্দী চিনেমালৈ আগবঢ়োৱা সঞ্জয় লীলা ভাঞ্চালীৰ নতুন প্ৰজেক্টৰ বাবে দৰ্শকে সদায় আগ্ৰহেৰে অপেক্ষা কৰে । একে সময়তে তেওঁৰ ৱেব ছিৰিজ ‘হীৰামণ্ডী’ক লৈ তেওঁ দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । কিছুদিন পূৰ্বে মুক্তি পোৱা ছবিখনৰ পোষ্টাৰখনে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ ইয়াৰ পিচতে ছবিখনৰ টিজাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল অনুৰাগীয়ে ৷ এতিয়া ঘোষণা হ’ল ছবিখনৰ টিজাৰ মুক্তিৰ তাৰিখ ।

নিৰ্মাতাই শ্বেয়াৰ কৰিলে ভিডিঅ’

ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত ‘হীৰামণ্ডী’এ সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এতিয়া দৰ্শকৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ এটা ভিডিঅ’ ক্লিপ ৩১ জানুৱাৰীত ছ’চিয়েল মিডিয়াত মুকলি কৰিছে নিৰ্মাতাই ।

ভিডিঅ’টোত কোৱা হৈছে ‘হীৰামণ্ডী’ৰ প্ৰথম আভাস ১ ফেব্ৰুৱাৰীত দেখুওৱা হ’ব । এনে পৰিস্থিতিত বৃহস্পতিবাৰে অৰ্থাৎ আজি ছবিখনৰ টিজাৰ মুক্তি পাব বুলি অনুমান কৰা হৈছে ।

ৱেব ছিৰিজখনত পতিতাৰ কাহিনী দেখুওৱা হ’ব

উল্লেখ্য যে, 'হীৰামণ্ডী’ৰ জৰিয়তে ডিজিটেল জগতত প্ৰৱেশ কৰিবলৈ ওলাইছে ভাঞ্চালী । অৰ্থাৎ এয়া হ’ব ভাঞ্চালীৰ প্ৰথমখন ৱেব ছিৰিজ ৷ জানিব পৰা মতে এই ৱেব ছিৰিজখনৰ কাহিনী পাকিস্তানৰ ৰেড লাইট এলেকাৰ পৰা অনুপ্ৰাণিত । ভাৰত আৰু পাকিস্তান বিভাজনৰ আগতে হীৰামণ্ডীৰ পতিতাসকল অতি বিখ্যাত আছিল । এতিয়া ভাঞ্চালীয়ে দৰ্শকৰ মাজত এই পতিতাসকলৰ কাহিনী দাঙি ধৰিব ।

নেটফ্লিক্সত প্ৰচাৰ হ’ব এই ৱেব ছিৰিজখন

'হীৰামণ্ডী' ষ্ট্ৰীমিং হ’ব অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সত । ৰিচা চাড্ডা, সোনাক্ষী সিনহা, মনীষা কইৰালা, সঞ্জীদা শ্বেখ, অদিতি ৰাও হায়দাৰী, শৰ্মিন ছেগালৰ দৰে অভিনেত্ৰীক মুখ্য চৰিত্ৰত দেখা যাব এই ৱেব ছিৰিজখনত । ইয়াৰ পোষ্টাৰত প্ৰকাশ পাইছিল সকলো অভিনেত্ৰীৰ লুক।

লগতে পঢ়ক: গাৰ নোম শিয়ৰি উঠা ভক্ষকৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.