ETV Bharat / entertainment

গাৰ নোম শিয়ৰি উঠা ভক্ষকৰ ট্ৰেইলাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:57 PM IST

Bhakshak Movie: ভূমি পেডনেকাৰৰ নতুন ছবি ‘ভক্ষক’ৰ ট্ৰেইলাৰ মুক্তি পালে । ছবিখনত সঞ্জয় মিশ্ৰক ভূমি পেডনেকাৰৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

Bhakshak Trailer Out: Bhumi Pednekar plays a fierce journalist in crime thriller - watch
ভক্ষক’ৰ ট্ৰেইলাৰ মুক্তি

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: আগন্তুক ছবি ‘ভক্ষক’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে । বহু ছবি বেক টু বেক ফ্লপ হোৱাৰ পিচত এতিয়া ভূমি পেডনেকাৰক ‘ভক্ষক’ ছবিখনত এক জোৰদাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷ এই ছবিখনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ চৰিত্ৰত দেখা যাব ভূমি পেডনেকাৰক । বাস্তৱ ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে ‘ভক্ষক’ ৷ এতিয়া নিৰ্মাতাই ছ’চিয়েল মিডিয়াত মুকলি কৰিছে ছবিখনৰ জোৰদাৰ ট্ৰেইলাৰ । ভূমি পেডনেকাৰক ট্ৰেইলাৰত তদন্তকাৰী সাংবাদিক হিচাপে দেখা গৈছে । সঞ্জয় মিশ্ৰ, আদিত্য শ্ৰীবাস্তৱ আৰু সাই তামহংকৰক ভূমি পেডনেকাৰৰ সৈতে ‘ভক্ষক’ত মুখ্য চৰিত্ৰত দেখা গৈছে ।

‘ভক্ষক’ ছবিখনত ভূমি পেডনেকাৰে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে বালিকা গৃহত কণ কণ ছোৱালীৰ সৈতে সংঘটিত হৈ থকা জঘন্য অপৰাধৰ কথা উদঙাৱলৈ যৎপৰোনাস্তি চেষ্টা কৰে । ট্ৰেইলাৰৰ আৰম্ভণিতে এটা বালিকা গৃহৰ দৃশ্য দেখুওৱা হয়, পটভূমিত মাত শুনা যায় - তুম লগ হে কী নহি হে, কিচি কো নহি পতা ৷

তাৰ পিচত দৃশ্যটোত প্ৰৱেশ কৰে সঞ্জয় মিশ্ৰ আৰু ভূমি পেডনেকাৰ । য’ত ভূমিয়ে গম পায় যে বালিকা গৃহৰ ছোৱালীবোৰৰ সৈতে জঘন্য অপৰাধ সংঘটিত হৈ আছে । ইয়াৰ পিচত নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা ভূমি পেডনেকাৰে সত্য উলিয়াবলৈ ব্যস্ত হৈ পৰে ।

ভূমিৰ ভক্ষক ছবিখন কেতিয়া মুক্তি পাব ?

শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰডাকচন হাউচ ৰেড চিলিজৰ বেনাৰত নিৰ্মিত ছবি ভক্ষক ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত মুক্তি পাব । এই ছবিখনৰ প্ৰযোজক গৌৰী খান আৰু গৌৰৱ ভাৰ্মা । আনহাতে ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে পুলকিত । ছাচপেন্স-থ্ৰিলাৰ ছবিখন ছবিগৃহত নহয়, অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সতহে মুক্তি লাভ কৰিছে ।

লগতে পঢ়ক: নেটফ্লিক্সত প্ৰকাশ পাব শ্বীনা বৰাৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.