ETV Bharat / entertainment

শ্বাহিদ-কৃতিৰ ৰোমান্টিক ছবিখনে বক্স অফিচত কিমান উপাৰ্জন কৰিছে ?

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 2:22 PM IST

Teri Baaton Mein Aisa Uljha Jiya BO: শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ ছবি ‘তেৰী বাতৌ মে এইছা উলঝা জীয়া’ অনুৰাগীৰ পৰা মিশ্ৰিত ফলাফল লাভ কৰিছে । ছবিখনে এই পৰ্যন্ত কিমান উপাৰ্জন কৰিছে জানি লওক এই প্ৰতিবেদনত ৷

http://10.10.50.90:6060///finaloutc/english-nle/finalout/11-February-2024/20721782_tt.jpg
তেৰী বাতৌ মে এইছা উলঝা জীয়াৰ উপাৰ্জন

চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী: ৯ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছে শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ ছবি ‘তেৰী বাতৌ মে এইছা উলঝা জীয়া’ । ভেলেণ্টাইন ডে’ সপ্তাহত মুক্তি পোৱা এই ৰোমাঞ্চ কমেডী ছবিখন অনুৰাগীয়ে ভাল পাইছে । এতিয়া ছবিখনৰ দ্বিতীয় দিনাৰ উপাৰ্জন পোহৰলৈ আহিছে ৷

দ্বিতীয় দিনা ছবিখনে কিমান উপাৰ্জন কৰিলে ?

Sacnilk ৰ প্ৰতিবেদন অনুসৰি দ্বিতীয় দিনা ভাৰতত ‘তেৰী বাতৌ মে এইছা উলঝা জীয়া’ই ৯.৫ কোটি টকা উপাৰ্জন কৰিছে । অৱশ্যে ছবিখনৰ উপাৰ্জনৰ সন্দৰ্ভত আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। যদিও ছবিখনে আৰু ৯.৫ কোটি টকা উপাৰ্জন কৰিছে, ইয়াৰ লগে লগে এতিয়ালৈকে ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ১৬.৫২ কোটি টকা ।

উল্লেখ্য যে, ছবিখনে প্ৰথম দিনা মোটামুটি উপাৰ্জন কৰিছিল । বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ মতে, ছবিখনে প্ৰথম দিনা ৭.০২ কোটি টকা উপাৰ্জন কৰিছিল আৰু দ্বিতীয় দিনা ছবিখনৰ উপাৰ্জন কিছু বৃদ্ধি পাইছে ।

ইফালে ছবিখনৰ কথা ক’বলৈ গ’লে মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহিদ কাপুৰ আৰু কৃতি ছেননে । ছবিখনত এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে কৃতি ছেননক । কৃতিক প্ৰথমবাৰৰ বাবে দেখা গৈছে ৰবটৰ চৰিত্ৰত । আনহাতে শ্বাহিদে ৰবটৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে শ্বাহিদ কাপুৰে এগৰাকী ৰবট অৰ্থাৎ কৃতি ছেননৰ প্ৰেমত পৰে আৰু বিয়া কৰাব বিচাৰে । কিন্তু যেতিয়া শ্বাহিদে কৃতি ৰবট বুলি গম পায় তেতিয়া সকলো দৃশ্যপট সলনি হৈ যায় । ইয়াৰ পিচৰ কাহিনী কি সেয়া জানিবলৈ আপুনি যাব লাগিব ছবিগৃহলৈ ৷

উল্লেখ্য যে, মেডক ফিল্মছে প্ৰযোজনা কৰিছে তেৰী বাতৌ মে এইছা উলঝা জীয়া ছবিখন । আনহাতে পৰিচালনা কৰিছে অমিত যোশী আৰু আৰাধনা শাহে । ছবিখনত ধৰ্মেন্দ্ৰ আৰু ডিম্পল কাপাড়িয়াৰ দৰে তাৰকাও আছে । ছবিখনে অনুৰাগীৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে ।

লগতে পঢ়ক: বিধু বিনোদ চোপ্ৰাই কিয় ক’লে মই এতিয়া শান্তিৰে মৃত্যুবৰণ কৰিব পাৰিম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.