ETV Bharat / entertainment

বিধু বিনোদ চোপ্ৰাই কিয় ক’লে মই এতিয়া শান্তিৰে মৃত্যুবৰণ কৰিব পাৰিম ?

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 12:37 PM IST

Updated : Feb 8, 2024, 3:21 PM IST

12th Fail in IMDb’s Global Top 250 list: বিক্ৰান্ত মেছীৰ ছবি ‘12th Fail’এ গঢ়িলে বিশ্ব অভিলেখ । গ্ল’বেল IMDb তালিকাত শীৰ্ষ ৫০ ত অন্তৰ্ভুক্ত হোৱা একমাত্ৰ হিন্দী ছবি হিচাপে পৰিগণিত হ’ল 12th Fail ।

12th Fail only Indian film in IMDbs Global Top 250 list
12th Fail এ গঢ়িলে বিশ্ব অভিলেখ

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: বিগত বৰ্ষৰ অন্যতম জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হৈছে বিধু বিনোদ চোপ্ৰাৰ ‘12th Fail’ । এই ছবিখনে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে । বাস্তৱ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনত বিক্ৰান্ত মেছী আৰু মেধা শংকৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ দুয়োৰে অভিনয় ইমানেই ভাল আছিল যে কেৱল দৰ্শকেই নহয়, সমালোচকেও ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছিল ৷ ইয়াৰ বাবেই ছবিখনে ফিল্মফেয়াৰৰ লগতে আন বহুতো এৱাৰ্ড শ্ব’ত মনোনীত হোৱাৰ লগতে বঁটাও লাভ কৰিছে ।

এতিয়া বিধু বিনোদ চোপ্ৰাৰ ‘12th Fail’এ কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে নাম উজলাবলৈ সক্ষম হৈছে । এই ছবিখনে IMDb ত ১০ৰ ভিতৰত ৯.২ ৰেটিং লাভ কৰিছে । ছবিখনে ছবিগৃহত মুক্তিৰ ১০০ দিন সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ লগে লগে ছবিখনে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । কেৱল এয়াই নহয়, এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এইখনেই একমাত্ৰ হিন্দী ছবি ।

'12th Fail'এ গঢ়িলে অভিলেখ

শেহতীয়াকৈ IMDb এ এতিয়ালৈকে মুক্তি পোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ চিনেমাৰ তালিকা প্ৰকাশ কৰিছে । এই তালিকাত আছিল ২৫০ খন ছবিৰ নাম । এই তালিকাত ‘12th Fail’এ ৫০ নম্বৰ স্থান লাভ কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই তালিকাত অন্তৰ্ভুক্ত হোৱা একমাত্ৰ হিন্দী ছবি হৈছে 12th Fail ।

ইফালে এই ডাঙৰ অভিলেখৰ পিচতে ছবিখনৰ পৰিচালক বিধু বিনোদ চোপ্ৰাই সন্তোষ প্ৰকাশ কৰিছে । ছবি প্ৰডাকচনে এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰি পৰিচালকৰ মনোভাৱ প্ৰকাশ কৰিছে । তেওঁ পোষ্টটোত লিখিছে, ‘‘বিধু বিনোদ চোপ্ৰাই গোটেই জীৱন সকলোকে কৈ আহিছে চিনেমা পেৰাডিছ’ক কেনেকৈ পূজা কৰে আৰু এতিয়া ‘12th Fail’এ সৰ্বকালৰ ২৫০ খন শ্ৰেষ্ঠ ছবিৰ তালিকাত ৫০ নম্বৰ স্থান দখল কৰিছে । সেইটোও তেওঁ ভাল পোৱা এখন ছবিৰ তলত স্থান লাভ কৰিছে ‘12th fail’ এ।’’

এতিয়া পোহৰলৈ আহিছে বিধু বিনোদ চোপ্ৰাৰ প্ৰতিক্ৰিয়াও । এই সন্দৰ্ভত তেওঁ এটা সংবাদ সংস্থাক কয়, ‘‘মই এতিয়াও কাশ্মীৰৰ সেই সৰু ল’ৰাটো ৷ চিনেমা পেৰাডিছ’ৰ সৈতে মোৰ ছবিখন চোৱা... কি ক’ম ? এতিয়া মই শান্তিৰে ইহলীলা সম্বৰণ কৰিব পাৰিম ।’’

এনেকুৱা ‘12th Fail’ৰ কাহিনী

আই পি এছ মনোজ শৰ্মাৰ সত্য কাহিনীৰ আধাৰত নিৰ্মিত ‘12th Fail’ ৷ এই ছবিখন ইউ পি এছ চিৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সংগ্ৰামৰ ওপৰত আধাৰিত । এই ছবিখনে বিফল হ’লে পুনৰ আৰম্ভ কৰিবলৈ উৎসাহিত কৰে অনুৰাগীক । আই পি এছ মনোজ শৰ্মাৰ কাহিনীৰ আধাৰত নিৰ্মিত বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই ছবিখন এতিয়া হিন্দী, তামিল আৰু তেলুগু ভাষাত চাব পাৰিব । এই ছবিখন নেটফ্লিক্সত উপলব্ধ ।

লগতে পঢ়ক: পিতৃ হ’ল ১২th Fail অভিনেতা বিক্ৰান্ত মচ্ছী, পত্নী শীতল ঠাকুৰে জন্ম দিলে এটি পুত্ৰ সন্তান

Last Updated : Feb 8, 2024, 3:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.