ETV Bharat / entertainment

পিতৃ হ’ল ১২th Fail অভিনেতা বিক্ৰান্ত মেছী, পত্নী শীতল ঠাকুৰে জন্ম দিলে এটি পুত্ৰ সন্তান

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:02 AM IST

Updated : Feb 8, 2024, 3:19 PM IST

Vikrant Massey-Sheetal Thakur Baby: ‘12th fail’ ছবিখনৰ পৰা অধিক জনপ্ৰিয় হৈ পৰা অভিনেতা বিক্ৰান্ত মেছীৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । পিতৃ হ’ল বিক্ৰান্ত মেছী ৷

12th Fail star Vikrant Massey and Sheetal Thakur become parents
পিতৃ হ’ল ১২th Fail অভিনেতা বিক্ৰান্ত মেছী

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: ‘12th Fail’ খ্যাত অভিনেতা বিক্ৰান্ত মেছীৰ ঘৰলৈ আহিছে এটা সুখবৰ ৷ আচলতে অভিনেতাগৰাকীৰ পত্নী তথা অভিনেত্ৰী শীতল ঠাকুৰে জন্ম দিছে এটি পুত্ৰ সন্তান ৷ এতিয়া ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে এই ভাল খবৰটো নিজেই শ্বেয়াৰ কৰিছে এই দম্পতীটোৱে । অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰিছে । এতিয়া টিভিৰ পৰা চলচ্চিত্ৰ জগতলৈকে সকলোৱে এই দম্পতীক শুভেচ্ছা জনাইছে ।

উল্লেখ্য যে, যৌথ পোষ্টত এই দম্পতীয়ে নিজৰ অনুৰাগী আৰু বন্ধু-বান্ধৱীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে । য’ত তেওঁলোকে এখন পোষ্টাৰ শ্বেয়াৰ কৰিছে আৰু এই পোষ্টাৰখনত লিখা আছিল, "কাৰণ আমি এক হৈ পৰিছো । আমাৰ পুত্ৰৰ আগমনৰ কথা ঘোষণা কৰি আমি আনন্দিত হৈছো ! প্ৰেম, শীতল আৰু বিক্ৰান্ত ।" অৱশ্যে এই দম্পতীয়ে নিজৰ সন্তানৰ ছবি শ্বেয়াৰ কৰা নাই ।

পুত্ৰৰ নাম কি ?

পোষ্টটোত এই দম্পতীয়ে পুত্ৰৰ ছবি শ্বেয়াৰ নকৰাৰ বাবে অনুৰাগীসকল কিছু হতাশ হৈ পৰিছে ৷ যদিও পোষ্টটো চোৱাৰ পাচত অনুৰাগী নিশ্চয় সুখী হৈছে । ইফালে বিক্ৰান্তে নিজৰ পুত্ৰৰ নামো এই পোষ্টত শ্বেয়াৰ কৰিছে । শেষত লিখিছে "প্ৰেম, শীতল আৰু বিক্ৰান্ত ।" যাৰ বাবে অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে পুত্ৰৰ নাম লভ ।

২০২২ চনত বিয়া হৈছিল

উল্লেখ্য যে, বিক্ৰান্ত আৰু শীতলে প্ৰায় ১০ বছৰ প্ৰেমৰ সম্পৰ্কত থাকি অৱশেষত ২০২২ চনত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয় ৷ ইয়াৰ পিচত ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয় বিক্ৰান্ত আৰু শীতল । দেৰাদুনৰ শীতলৰ পূৰ্বপুৰুষৰ ঘৰত এই যুটীটোৱে বিবাহপাশত আৱদ্ধ হয় । ইয়াৰ পিচত ২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত অন্তঃসত্বা হোৱাৰ কথা ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল এই দম্পতীয়ে । এতিয়া ২০২৪ চনত তেওঁলোকে এটি সন্তানৰ আশীৰ্বাদ লাভ কৰিছে ।

উল্লেখ্য যে, ৱেৱ ছিৰিজ ‘ব্ৰকেন বাট বিউটিফুল’ৰ প্ৰথম ছিজনত বিক্ৰান্ত আৰু শীতলে একেলগে অভিনয় কৰিছিল । অৱশ্যে এই ৱেৱ ছিৰিজত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল হাৰ্লিন ছেঠীয়ে ।

লগতে পঢ়ক: Disha Parmar Delivery: মাতৃ হ’ল টিভি অভিনেত্ৰী দিশা পাৰমাৰ, গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ আগমন ঘটিল লক্ষ্মীৰ

Last Updated : Feb 8, 2024, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.