ETV Bharat / entertainment

শ্বোৱেইব মালিক-ছানা জাভেদৰ বিবাহক লৈ তছলিমা নাছৰিণৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 5:33 PM IST

Taslima Nasreen reacts on Shoaib Malik: শ্বোৱেইব মালিক আৰু ছানাৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লেখিকা তছলিমা নাছৰিণে । শ্বোৱেইবক বেয়া ল’ৰা বুলি কোৱাৰ লগতে ছানিয়া মিৰ্জাৰ বিষয়েও ক’লে এই কথা ৷

Taslima Nasreen's reaction to Shoaib Malik-Sana Javed's marriage
তছলিমা নাছৰীনৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: পাকিস্তানী অভিনেত্ৰী ছানা জাভেদ আৰু পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকে যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ২০ জানুৱাৰীত ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছিল শ্বোৱেইব আৰু ছানাৰ বিয়াৰ ফটো । ইয়াৰ পিচতে এই সন্দৰ্ভত সকলোৱে চৰ্চা আৰম্ভ কৰে ৷ অনুৰাগীৰ বাবে আটাইতকৈ আচৰিত হোৱাৰ কাৰণ আছিল যে ভাৰতৰ প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু শ্বোৱেইব মালিকক সুখী বিবাহিত দম্পতী যেন দেখা গৈছিল ৷ এনে পৰিস্থিতিত দুয়োৰে বিচ্ছেদ, আকৌ শ্বোৱেইবৰ বিবাহক গ্ৰহণ কৰিব পৰা নাছিল ভাৰত তথা পাকিস্তানৰ লোকে ৷ এতিয়া বাংলাদেশী লেখিকা তছলিমা নাছৰিণে শ্বোৱেইব-ছানাৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বাংলাদেশৰ জনপ্ৰিয় লেখিকা তছলিমা নাছৰিণে শ্বোৱেইব-ছানাৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । তছলিমাই শ্বোৱেইব মালিকক বেয়া মানুহ বুলি কৈছে আৰু অতি সোনকালে ছানা আৰু শ্বোৱেইবৰ বিচ্ছেদৰ খবৰো ওলাব বুলি কৈছে ।

তছলিমা নাছৰিণে শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰত কয়, ‘‘যদি তেওঁ (শ্বোৱেইব মালিকে) ইছলামত বিশ্বাস কৰে তেন্তে তেওঁক বিবাহ বিচ্ছেদ কৰাৰ কোনো প্ৰয়োজন নাই, তেওঁ একেলগে চাৰিগৰাকী পত্নীৰ সৈতে থাকিব পাৰিব ৷ মই ভাবিছিলো ছানিয়া মিৰ্জা আৰু শ্বোৱেইব মালিক সুখী বিবাহিত দম্পতী, কিন্তু মোৰ ভুল হৈছিল । ইমান বুদ্ধিমান হোৱাৰ পিচতো ছানিয়া মিৰ্জাই কিয় ইমান বেয়া ল’ৰাক বিয়া কৰালে ?’’

তছলিমাই আৰু ক’লে, ‘‘এদিন শ্বোৱেইবে ছানা জাভেদকো এৰি দিব আৰু এক্সক বিয়া কৰাব । ইয়াৰ পিচত তেওঁ সেই X ক বিবাহ বিচ্ছেদ কৰি Y ক বিয়া কৰাব । ইয়াৰ পিচত তেওঁ Y ক বিবাহ বিচ্ছেদ কৰি Zক বিয়া কৰাব ।’’ উল্লেখ্য যে, ২০ জানুৱাৰীত শ্বোৱেইব মালিকে বিয়াৰ ছবি শ্বেয়াৰ কৰি ছানা জাভেদৰ সৈতে নিজৰ বিবাহ ৰাজহুৱা কৰিছিল । ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ছানা আৰু শ্বোৱেইব ভাৰত আৰু পাকিস্তানৰ লোকে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে ।

উল্লেখ্য যে, শ্বোৱেইব মালিক আৰু ছানিয়া মিৰ্জাৰ বিয়া হৈছিল ২০১০ চনত । সেই সময়চোৱাত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল ৷ কাৰণ এটাই ছানিয়া মিৰ্জা আছিল এগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ আৰু শ্বোৱেইব মালিক আছিল এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ । এই বিবাহক লৈ বহুতে আপত্তি কৰিছিল যদিও সময়ৰ লগে লগে সকলো শান্ত হৈ পৰিছিল । ছানিয়া আৰু শ্বোৱেইবৰ ইজহান মিৰ্জা মালিক নামৰ এজন পুত্ৰ আছে ।

লগতে পঢ়ক: প্ৰাক্তন স্বামী শ্বোৱেইব মালিকৰ তৃতীয় বিবাহৰ পাচত ছানিয়াৰ প্ৰথমটো পোষ্ট শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.