ETV Bharat / entertainment

প্ৰাক্তন স্বামী শ্বোৱেইব মালিকৰ তৃতীয় বিবাহৰ পাচত ছানিয়াৰ প্ৰথমটো পোষ্ট শ্বেয়াৰ

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 12:33 PM IST

Sania Mirza Insta Post: শ্বোৱেইব মালিকৰ তৃতীয় বিবাহৰ পিচত ছানিয়া মিৰ্জাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে । ছবিখনত তেওঁক আইনাত নিজকে চাই থকা দেখা গৈছে ।

Sania Mirza shared first post after third marriage of her ex-husband Shoaib Malik
শ্বোৱেইব মালিকৰ তৃতীয় বিবাহৰ পাচত ছানিয়াৰ প্ৰথমটো পোষ্ট শ্বেয়াৰ

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী : প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা বৰ্তমান ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনামত আছে । দীৰ্ঘদিন ধৰি পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ সৈতে ছানিয়াৰ বিবাহ বিচ্ছেদ হোৱাৰ খবৰ পোৱা গৈছিল ৷ অৱশ্যে এতিয়া এই খবৰ নিশ্চিত হৈ পৰিছে, যেতিয়া পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে শ্বোৱেইবে তৃতীয় বিবাহপাশত আৱদ্ধ হোৱাৰ খবৰ শ্বেয়াৰ কৰিছিল ৷ শ্বোৱেইব-ছানাৰ বিবাহৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিচতে ভাৰত-পাকিস্তান উভয়তে চৰ্চা আৰম্ভ হয় ৷

শ্বোৱেইবৰ তৃতীয় বিবাহৰ পিচত ছানিয়াই শ্বেয়াৰ কৰিলে প্ৰথমটো পোষ্ট

উল্লেখ্য যে, শ্বোৱেইব-ছানাৰ বিবাহৰ ফটো প্ৰকাশ পোৱাৰ পিচত অনুৰাগীয়ে ছানিয়াক লৈ চিন্তিত হৈ পৰিছিল । সকলোৱে জানিব বিচাৰিছিল যে ছানিয়া ঠিকেই আছে নে নাই ৷ প্ৰাক্তন স্বামীৰ তৃতীয় বিবাহৰ পিচত এতিয়া ছানিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত ছানিয়াই নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক আইনাত নিজকে চাই থকা দেখা গৈছে ।

ছানিয়াৰ এই ফটোখন দেখি এনেকুৱা লাগিছে যেন তেওঁ নিজৰ সৈতেই কথা পাতিছে । ফটোখন শ্বেয়াৰ কৰি ছানিয়াই কেপচনত মাত্ৰ এটা শব্দ লিখিছে আৰু সেয়া হৈছে ‘ৰিফ্লেক্ট’ । মাত্ৰ এটা শব্দৰ জৰিয়তে অনুৰাগীৰ সৈতে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে ছানিয়াই । বৰ্তমান ছ’চিয়েল মিডিয়াত যিয়েই শ্বেয়াৰ কৰিছে ছানিয়াই, অনুৰাগীয়ে তেওঁৰ অসফল বৈবাহিক জীৱনৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰিছে ।

১৩ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটিল

উল্লেখ্য যে, ১৩ বছৰ বিবাহৰ অন্তত শ্বোৱেইব মালিক আৰু ছানিয়াই বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছিল । শ্বোৱেইবৰ তৃতীয় বিয়াৰ ছবি ওলোৱাৰ পিচতে ছানিয়াৰ পিতৃয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰিছিল যে ছানিয়া আৰু শ্বোৱেইবৰ বিচ্ছেদ হৈছে । ছানিয়াৰ পিতৃয়ে কৈছিল যে ছানিয়াই নিজেই শ্বোৱেইবৰ পৰা ‘খোলা’ লৈছে ।

ছ’চিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখীন হ’ল

উল্লেখ্য যে, ছানিয়া আৰু শ্বোৱেইবৰ বিয়া হৈছিল ২০১০ চনত । দুয়োৰে এই বিবাহৰ পৰা এজন পুত্ৰ আছে, যাৰ নাম হৈছে ইজহান । বৰ্তমান তেওঁৰ পুত্ৰৰ বয়স ৫ বছৰ আৰু তেওঁ ডুবাইত থাকে । শ্বোৱেইবৰ তৃতীয় বিবাহৰ ছবি প্ৰকাশ পোৱাৰ পিচত বহু ব্যৱহাৰকাৰীয়ে তেওঁক ট্ৰ’ল কৰে । একাংশ ইউজাৰে ছানা জাভেদকো ব্যাপকভাৱে সমালোচনা কৰিছে ।

লগতে পঢ়ক: তিনি বছৰ ধৰি ছানাৰ সৈতে সম্পৰ্কত আছিল শ্বোৱেইব মালিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.