ETV Bharat / entertainment

তিনি বছৰ ধৰি ছানাৰ সৈতে সম্পৰ্কত আছিল শ্বোৱেইব মালিক !

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:52 PM IST

Shoaib Malik Sana Javed Relationship: ৩ বছৰ ধৰি চলি আছিল শ্বোৱেইব মালিক আৰু ছানা জাভেদৰ গোপন প্ৰেম । যেতিয়া ছানিয়া মিৰ্জাই তেওঁলোকৰ গোপন প্ৰেমৰ কথা গম পাইছিল, তেতিয়া ছানিয়াই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জানো আহক এই প্ৰতিবেদনত ৷

Shoaib Malik-Sana Javed were in a relationship for nearly 3 years: Reports
শ্বোৱেইব মালিক আৰু ছানা জাভেদৰ গোপন প্ৰেম

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: তৃতীয় বিবাহৰ বাবে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে শ্বোৱেইব মালিকে । পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে শ্বোৱেইব । এই খবৰ পোহৰলৈ অহাৰ পিচতে ভাৰত আৰু পাকিস্তান উভয়তে ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ ডাঙৰ কথাটো হ’ল প্ৰাক্তন পত্নী তথা ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ সৈতে বিবাহ বিচ্ছেদৰ তথ্য দিয়াৰ আগতেই শ্বোৱেইবে ছানাক বিয়া কৰোৱাৰ তথ্য শ্বেয়াৰ কৰিছে । এতিয়া শেহতীয়াকৈ পোৱা খবৰ অনুসৰি শ্বোৱেইবে যোৱা তিনি বছৰ ধৰি ছানিয়াক প্ৰতাৰণা কৰি আছিল । শ্বোৱেইব আৰু ছানাই প্ৰথমবাৰৰ বাবে ক’ত লগ হৈছিল সেই কথাও পোহৰলৈ আহিছে ।

পাকিস্তানী সাংবাদিক নয়ম হানিফে শেহতীয়া প’ডকাষ্টত শ্বোৱেইব আৰু ছানাৰ প্ৰেমৰ বিষয়ে প্ৰকাশ কৰিছে । হানিফে কয় যে দুয়োগৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰিয়েলিটি শ্ব’ৰ চেটত লগ পাইছিল আৰু দুয়োগৰাকীয়ে প্ৰথম মুহূৰ্তৰ পৰাই ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি আকৰ্ষিত হৈছিল । দুয়ো তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ।

নয়ম হানিফে কয় যে যেতিয়াই শ্বোৱেইবক যিকোনো টিভি শ্ব’ৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল তেতিয়াই তেওঁ প্ৰযোজকসকলক টিভি শ্ব’টোত ছানাকো নিমন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰিছিল । সেই সময়ত দুয়ো বিবাহপাশত আৱদ্ধ আছিল যদিও তেওঁলোকৰ মাজত লাহে লাহে আকৰ্ষণ বাঢ়ি আহিছিল ।

ছানিয়াই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল দুয়োৰে সম্পৰ্কক লৈ

যেতিয়া ছানিয়াই শ্বোৱেইব আৰু ছানাৰ গোপন প্ৰেমৰ কথা গম পাইছিল, তেতিয়া তেওঁ শ্বোৱেইবৰ পৰিয়ালক এই বিষয়ে অৱগত কৰিছিল । লগে লগে শ্বোৱেইবৰ পৰিয়ালে ডুবাইলৈ যায় আৰু এই দম্পতীক দুয়োৰে মাজত সকলো ঠিক কৰিবলৈ কয় । পৰিয়ালৰ পৰামৰ্শৰ পিচতো দুয়োগৰাকীয়ে নিজৰ সম্পৰ্কক আৰু এটা সুযোগ দিব নোৱাৰে বুলি কয় আৰু বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয় । এই বিষয়ত শ্বোৱেইবৰ পৰিয়াল ছানিয়াৰ পক্ষত আছে । শ্বোৱেইব আৰু ছানাৰ বিয়াত শ্বোৱেইবৰ পৰিয়ালৰ কোনো লোক উপস্থিত নাছিল ।

উল্লেখ্য যে, শ্বোৱেইব মালিক আৰু ছানা জাভেদৰ বিয়া হৈছিল ২০ জানুৱাৰীত। ছ’চিয়েল মিডিয়াত বিয়াৰ ফটো দেখি সকলোৱে স্তম্ভিত হৈ পৰিছিল ।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে বিয়াত বহিল প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেব মালিক: ছানিয়াৰে এতিয়াও হোৱা নাই বিচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.