ETV Bharat / entertainment

পুত্ৰৰ হাতত প্ৰাণ গ’ল দক্ষিণৰ এইগৰাকী অভিনেত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 12:12 PM IST

Kasiammal murdered by son: দক্ষিণৰ ছবি ‘কদৈছি বিভাছয়ী’ত উৎকৃষ্ট চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী কাছিয়াম্মাল আৰু নাই ৷ পুত্ৰই অতি নৃশংসভাবে হত্যা কৰে মাতৃক ৷

Tamil actress Kasiammal allegedly murdered by son
বৰ্বৰভাৱে মাতৃক হত্যা পুত্ৰৰ

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এটা হৃদয়বিদাৰক খবৰ ৷ যিটো খবৰ শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে পৃথিৱীৰ মানুহ কোন দিশে গতি কৰিছে ৷ দিনক দিনে বৰ্বৰতাৰ যেনে সীমা চেৰাই গৈছে মানুহবোৰে ৷ আচলতে ২০২১ চনত মুক্তি পোৱা হিট তামিল ছবি ‘কদৈছি বিভাছয়ী’ত অভিনয়ৰ বাবে পৰিচিত অভিনেত্ৰী কাছিয়াম্মালক হত্যা কৰা হৈছে । যোৱা ৪ ফেব্ৰুৱাৰীত অৰ্থাৎ দেওবাৰে পুৱা ৩ বজাত হত্যা কৰা হৈছে অভিনেত্ৰীগৰাকীক ৷ কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ’ল পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ৷ হয়, আপুনি ঠিকেই পঢ়িছে পুত্ৰক সুৰা কিনিবলৈ ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবেই মাতৃক বৰ্বৰতাৰে হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে ।

সুৰাপায়ী পুত্ৰই সুৰাৰ বাবে মাকক হত্যা কৰিলে !

আৰক্ষীৰ মতে, সুৰাৰ বাবে ধন নোপোৱাত কাছিয়াম্মালৰ পুত্ৰই নৃশংসভাৱে মাতৃক হত্যা কৰে । যোৱা ৪ ফেব্ৰুৱাৰীৰ পুৱা ৩ বজাত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ৫১ বছৰীয়া পুত্ৰক সুৰাৰ বাবে ধন দিবলৈ অস্বীকাৰ কৰিছিল কাছিয়াম্মালে । যাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পুত্ৰই মাতৃক অতি বৰ্বৰ ভাৱে হত্যা কৰে ।

বেল্টেৰে মৰিয়াই মৰিয়াই হত্যা মাতৃক

খবৰ অনুসৰি, ৭৪ বছৰীয়া অভিনেত্ৰী কাছিয়াম্মালক কাঠৰ তক্তাৰে নিৰ্মমভাবে প্ৰহাৰ কৰি হত্যা কৰে পুত্ৰই । আচলতে কাছিয়াম্মাল আৰু তেওঁৰ ৫১ বছৰীয়া পুত্ৰ নম্মাকোডীৰ মাজত সুৰাপানক লৈ বিবাদ হৈছিল । নম্মাকোডীয়ে সুৰা কিনিবলৈ মাকক টকা বিচাৰিছিল যদিও কাছিয়াম্মালে নাকচ কৰিছিল । ইয়াৰ পিচতে ক্ষুব্ধ পুত্ৰই সংঘটিত কৰে এই ভয়ানক ঘটনা ।

ইয়াৰ পূৰ্বেও বহুবাৰ মাক-পুতেকৰ মাজত বিবাদ হৈছিল

অভিনেত্ৰীগৰাকীক হত্যা কৰা পুত্ৰ নম্মাকোডীয়ে পত্নীৰ পৰা বিচ্ছেদ লৈ মাতৃৰ সৈতে বাস কৰিবলৈ লৈছিল । নম্মাকোডী সম্পূৰ্ণ ৰূপে মাতৃৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু সুৰা আসক্ত আছিল, যাৰ বাবে তেওঁ মাকৰ সৈতে প্ৰত্যেক দিনা কাজিয়াত লিপ্ত হৈছিল । ৪ ফেব্ৰুৱাৰীতো দুয়োৰে মাজত কাজিয়া হৈছিল । ইয়াৰ পিচত নম্মাকোডীয়ে মাতৃ কাছিয়াম্মালক হত্যা কৰে ।

লগতে পঢ়ক: কালৰূপী কেন্সাৰে প্ৰাণ কাঢ়িলে হলিউডৰ বিখ্যাত গায়ক টবি কিথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.