ETV Bharat / entertainment

কালৰূপী কেন্সাৰে প্ৰাণ কাঢ়িলে হলিউডৰ বিখ্যাত গায়ক টবি কিথৰ

author img

By ANI

Published : Feb 7, 2024, 12:55 PM IST

Toby Keith dies at age 62: হলিউডৰ গায়ক টবি কিথ আৰু নাই । খবৰ অনুসৰি কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ কেন্সাৰ বুলি জানিব পৰা গৈছে ।

Country singer Toby Keith loses battle with stomach cancer, dies at 62
টবি কিথৰ মৃত্যু

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: হলিউডৰ সংগীত জগতৰ পৰা আহিছে এটা দুখৰ খবৰ । আমেৰিকাৰ দেশীয় সংগীতৰ কিংবদন্তি কণ্ঠশিল্পী টবি কিথ আৰু নাই । ৬২ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় লৈছে গায়কগৰাকীয়ে ।

খবৰ অনুসৰি যোৱা তিনি বছৰ ধৰি টবি কিথ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল । দীৰ্ঘদিন ধৰি পেটত হোৱা কৰ্কট ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত তেওঁ মৃত্যুবৰণ কৰে । টবি কিথৰ মৃত্যুৰ তথ্য গায়কজনৰ অফিচিয়েল ৱেবছাইটত দিয়া হৈছিল । লগতে ২০০৩ চনত টবি কিথৰ প্ৰচাৰক হিচাপে কৰ্মৰত এলান শ্বকেও সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত গায়কজনৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে ।

দেহাৱসান ঘটিল টবি কিথৰ

৬ ফেব্ৰুৱাৰীত টবি কিথৰ অফিচিয়েল এক্স একাউণ্টত এটা পোষ্ট কৰা হৈছিল । য’ত গায়কজনৰ ফটোৰ সৈতে কেপচন লিখা আছিল - 'অতি দুখেৰে আমি জনাবলৈ বাধ্য হৈ পৰিছো যে আমাৰ প্ৰিয় টবি কিথে ৫ ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰে ৷ পৰিয়ালবৰ্গৰ সন্মুখত শেষ নিশ্বাস ত্যাগ কৰে টবিয়ে ৷ তেওঁ নিজৰ জীৱনৰ যুদ্ধখন অতি সাহস আৰু শালীনতাৰে যুঁজিছিল’’ ।

টবি কিথৰ কেৰিয়াৰ

আমেৰিকাৰ পপ গায়নৰ বিখ্যাত নাম আছিল টবি কিথ ৷ তেওঁৰ নিজৰ সুমধুৰ কণ্ঠৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিছিল । ১৯৯০ চনত টবিয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । টবি কিথৰ প্ৰথম গীত আছিল ‘শ্বুড’ হেভ বিন এ কাউবয়’ । সেই বছৰৰ জনপ্ৰিয় গীতৰ ভিতৰত এই গীতটো আছিল অন্যতম । তাৰ পিচত টবি কিথে ‘হাউ ডু ইউ লাইক মি নাও?’, ‘বিয়েৰ ফৰ মাই হৰ্চছ’ আৰু ‘এজ গুড এজ আই ওৱান্স ৱাজ’ আদি গীতেৰে বহু জনপ্ৰিয়তা লাভ কৰে । কিথে তেওঁৰ গায়কী জীৱনত দুটা খ্ৰীষ্টমাছ এলবাম, পাঁচটা কম্বাইন এলবাম আৰু ১৯টা ষ্টুডিঅ’ এলবাম মুকলি কৰিছিল ।

লগতে পঢ়ক: লতা মংগেশকাৰে কিয় গোটেই জীৱন অকলশৰীয়াকৈ কটালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.