ETV Bharat / entertainment

লতা মংগেশকাৰে কিয় গোটেই জীৱন অকলশৰীয়াকৈ কটালে ?

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 11:46 AM IST

Lata Mangeshkar 2nd Death Anniversary, Know Why Lata Mangeshkar never got married?
লতা মংগেশকাৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

Lata Mangeshkar Death Anniversary: কোকিলকণ্ঠী লতা মংগেশকাৰ কোন আছিল সেয়া নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই । কিন্তু লতা মংগেশকাৰে কিয় অকলে জীৱন কটালে ? তেওঁ কিয় বিবাহপাশত আৱদ্ধ হোৱা নাছিল ? সেই বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: কোকিলকণ্ঠী লতা মংগেশকাৰ আজি আমাৰ মাজত নাই যদিও নিজৰ গীতৰ জৰিয়তে অনুৰাগীৰ হৃদয়ত এতিয়াও জীয়াই আছে । আজি তেখেতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী । ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত লতা দিদীয়ে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছিল । ক’ভিডত আক্ৰান্ত হৈ ৯২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছিল লতা মংগেশকাৰে । আজি তেখেতৰ মৃত্যু বাৰ্ষিকীত তেখেতৰ সৈতে জড়িত কিছু নজনা কথা জানো আহক, যাৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে ।

কিয় বিবাহপাশত আৱদ্ধ হোৱা নাছিল লতা মংগেশকাৰ ?

এই কথা সকলোৱে জানে যে লতা মংগেশকাৰ গোটেই জীৱন কুমাৰী হৈয়ে থাকিল । কিন্তু কিয় কুমাৰী হৈ থাকিল সেই কথা হয়তো বহুতে নাজানে ৷ আচলতে ১৩ বছৰ বয়সত তেওঁৰ পিতৃ পণ্ডিত দিননাথ মংগেশকাৰৰ দেহাৱসান ঘটিছিল । ইয়াৰ পিচত তেওঁ ঘৰৰ সমগ্ৰ দায়িত্ব নিজৰ কান্ধত তুলি লয় । এই কাৰণেই তেওঁ কেতিয়াও বিয়াৰ কথা ভবা নাছিল ।

লতাৰ ভগ্নী মীনা মংগেশকাৰে এবাৰ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল যে লতাই আমাক এৰি আঁতৰি যাব বিচৰা নাছিল । সেইবাবেই তেওঁ কেতিয়াও বিয়া হোৱাৰ কথা ভৱা নাছিল । উল্লেখ্য যে, লতা মংগেশকাৰৰ পাঁচগৰাকী ভাই-ভনী আছিল । মীনা খাণ্ডিকৰ, আশা ভোছলে, উষা মংগেশকাৰ আৰু হৃদয়নাথ মংগেশকাৰ, আটাইকেইগৰাকী আছিল লতা দিদীতকৈ সৰু । ঘৰৰ জ্যেষ্ঠ কন্যা আছিল লতা মংগেশকাৰ ।

৫ বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল

লতা দিদীয়ে সৰুৰে পৰাই সংগীতৰ প্ৰতি অতি আগ্ৰহী আছিল । সেয়েহে ৫ বছৰ বয়সৰ পৰাই তেওঁ গান শিকিবলৈ আৰম্ভ কৰিছিল । ৯ বছৰ বয়সত তেওঁ প্ৰথম মঞ্চত গীত পৰিৱেশন কৰে । লতা দিদীয়ে পিতৃৰ পৰা গান গোৱাৰ প্ৰশিক্ষণ লৈছিল । তেওঁৰ পিতৃ আছিল এজন উৎকৃষ্ট শাস্ত্ৰীয় গায়ক আৰু নাট্য অভিনেতা ।

লতা মংগেশকাৰে কেৱল ভাৰতীয় ভাষাতে নহয়, বিদেশী ভাষাতো গীত গাইছিল । হয়, তেওঁ ২০টা ভাষাত ৩০ হাজাৰ গীত গাইছে । তেওঁক বহু বঁটাৰেও সন্মানিত কৰা হৈছে ।

কোন ৰজাৰ প্ৰেমত পৰিছিল লতাজী ?

অৱশ্যে যদিও কোৱা হয় যে তেওঁ নিজৰ পৰিয়ালৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা নাছিল ৷ তথাপিও বিয়া নোহোৱাৰ আন এটা কাৰণ থকা বুলি কোৱা হয় ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লতা মংগেশকাৰে ডুংগৰপুৰ ৰাজপৰিয়ালৰ মহাৰাজা ৰাজ সিংহক ভাল পাইছিল । ৰাজ-লতাৰ ভায়েক হৃদয়নাথ মংগেশকাৰৰ বন্ধু আছিল ৷ দুয়োৱে ইগৰাকীয়ে সিগৰাকীক বহুত ভাল পাইছিল যদিও এই প্ৰেমে লাভ নকৰিলে পূৰ্ণতা ৷

কোৱা হয় যে মহাৰাজাই মাতৃ-পিতৃক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সাধাৰণ পৰিয়ালৰ কোনো ছোৱালীক তেওঁলোকৰ ঘৰৰ বোৱাৰী নবনাই ৷ কথা মতেই কাম, ৰাজে মৃত্যুৰ আগলৈকে এই প্ৰতিশ্ৰুতি পালন কৰিছিল । ইফালে মৃত্যুৰ আগলৈকে ৰাজকেই ভাল পাইছিল লতাই ৷ যাৰ বাবে লতাজী বিবাহপাশত আৱদ্ধ হোৱা নাছিল বুলিও কোৱা হয় ৷

লতা মংগেশকাৰৰ শেষ ইচ্ছা কি আছিল ?

উল্লেখ্য যে, লতা মংগেশকাৰৰ এটা ইচ্ছা আছিল যিটো তেওঁ জীয়াই থকা অৱস্থাত পূৰণ কৰিব বিচাৰিছিল । কিন্তু এয়া সম্ভৱ হোৱা নাছিল । অৱশ্যে তেওঁৰ মৃত্যুৰ পিচত লতাজীৰ পৰিয়ালে তেওঁৰ শেষ ইচ্ছা পূৰণ কৰিছিল । আচলতে লতাজী বালাজীৰ এগৰাকী মহান ভক্ত আছিল আৰু তেওঁ তিৰুমালা তিৰুপতি দেৱস্থানলৈ ১০ লাখ টকা আগবঢ়াব বিচাৰিছিল । জীৱিত অৱস্থাত এই কাম তেওঁৰ বাবে সম্ভৱ নাছিল যদিও লতাজীৰ পৰিয়ালৰ লোকে তেওঁৰ শেষ ইচ্ছা পূৰণ কৰিছে । লতা মংগেশকাৰৰ এই শেষ ইচ্ছা পূৰণ কৰা হয় তেওঁৰ মৃত্যুৰ ৬১১ দিনৰ পাচত ।

লগতে পঢ়ক: Lata Mangeshkar Lifestyle: বৃদ্ধাৱস্থাতো সুস্থ আছিল সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰ, এই জীৱনশৈলীয়ে সুস্থ ৰাখিছিল তেওঁক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.