ETV Bharat / entertainment

অপেক্ষাৰ অন্ত পৰিব ! কোৰিয়ান থ্ৰিলাৰ ছিৰিজ স্কুইড গেম ২ৰ মুক্তিৰ তাৰিখ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:13 PM IST

Squid Game season 2: শেহতীয়াকৈ নেটফ্লিক্সে প্ৰকাশ কৰিছে স্কুইড গেম ছিজন ২ ৰ মুক্তি তাৰিখ । ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখা এখন চিঠিৰ জৰিয়তে প্ৰযোজকে কোৰিয়াৰ ছাৰ্ভাইভেল ড্ৰামা ছিৰিজ সন্দৰ্ভত এটা ডাঙৰ আপডেট দিছে ।

Squid Game season two to drop on Netflix soon
স্কুইড গেম ২ ৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: কোৰিয়ান থ্ৰিলাৰ ৱেব ছিৰিজ স্কুইড গেমৰ প্ৰথম ছিজনটোৱে বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছিল । দৰ্শকে বৰ ভাল পাইছিল এই ৱেব ছিৰিজখন । প্ৰথম ছিজনটো হিট হোৱাৰ পিচত নেটফ্লিক্সে ২০২৩ চনত দ্বিতীয় ছিজনৰ ঘোষণা কৰিছিল । লগতে দ্বিতীয় ছিজনৰ ফাৰ্ষ্ট লুক টিজাৰো মুকলি কৰিছিল । দৰ্শকে এই ছিজনটোলৈ বহুদিন ধৰি অপেক্ষা কৰি আছিল । এতিয়া অন্ত পৰিব অনুৰাগীৰ অপেক্ষা ৷ কাৰণ নেটফ্লিক্সে ঘোষণা কৰিছে দ্বিতীয় ছিজনৰ মুক্তিৰ তাৰিখ ।

শেহতীয়াকৈ নেটফ্লিক্সে প্ৰকাশ কৰিছে স্কুইড গেমৰ ছিজন ২ ৰ মুক্তিৰ তাৰিখ । মঙলবাৰে নেটফ্লিক্সে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে শ্বেয়াৰ হোল্ডাৰসকললৈ লিখা এখন পত্ৰযোগে ছিজন ২ ৰ কথা ঘোষণা কৰে । পত্ৰখনত নেটফ্লিক্সে নিশ্চিত কৰিছে যে ২০২৪ চনৰ শেষৰ ফালে ইয়াৰ প্ৰিমিয়াৰ হ’ব । প্ৰযোজক হাৱাং ডং-হ্যুকৰ পৰা কোৰিয়ান ছাৰ্ভাইভেল ড্ৰামা ছিৰিজখন ২০২১ চনত ষ্ট্ৰীম কৰা হৈছিল । সেইটো ছিজনো নেটফ্লিক্সে নিজৰ প্লেটফৰ্মত ষ্ট্ৰীম কৰিছিল।

প্ৰায় তিনি বছৰৰ পিচত আহি আছে দ্বিতীয় ছিজন

প্ৰথম ছিজনৰ প্ৰায় তিনি বছৰৰ পিছত দ্বিতীয় ছিজন মুকলি হ’ব । ২০২১ চনত অহা প্ৰথম ছিজনত ৯টা খণ্ড দেখুওৱা হৈছিল । এতিয়া দ্বিতীয় ছিজনত কিমান খণ্ড হ’ব সেয়া জানিবলৈ আৰু অলপ অপেক্ষা কৰিব লাগিব । Variety ৰ প্ৰতিবেদন অনুসৰি নেটফ্লিক্সে লিখিছে যে যোৱা বছৰৰ ধৰ্মঘটৰ বাবে কিছুমান ৱেৱ ছিৰিজৰ লঞ্চ পিছুৱাই দিয়া হৈছিল । এইবাৰ দৰ্শকৰ হাতত বহু ছবিৰ পৰা নিজৰ প্ৰিয় ছবি বাছি লোৱাৰ সোণালী বিকল্প আছে । এই তালিকাত দ্য ডিপ্লমেট S2, Bridgerton S3, Squid Game S2 আৰু Empress S2′ৰ দৰে ছিৰিজ অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক: চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক ? যদি নাই তেন্তে পঢ়ক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.