ETV Bharat / entertainment

চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক ? যদি নাই তেন্তে পঢ়ক এই প্ৰতিবেদন

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 12:02 PM IST

Viral Pic: বিশ্বৰ চেলিব্ৰিটিৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰে । এই ছবিখনত থকা বলীউডৰ ছুপাৰষ্টাৰগৰাকীক বিচাৰি পাইছে নে ?

Salman Khan shares picture with saudi Minister turki alalshikh and others see
চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: ২৪ জানুৱাৰীত অৰ্থাৎ আজি বলীউডৰ এগৰাকী ছুপাৰষ্টাৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ছবি শ্বেয়াৰ কৰিছে । এই ছবিখনত এই ছুপাৰষ্টাৰগৰাকীক দেশৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ ব্যক্তিত্বৰ সৈতে দেখা গৈছে । অৱশ্যে ফটোখনত প্ৰথম অৱস্থাত ধৰিবলৈ টান হ’ব যে আচলতে কোনজন ছুপাৰষ্টাৰ এই ছবিখনত উপস্থিত আছে ৷ কিন্তু আপুনি যদি মনোযোগেৰে চাই তেন্তে গম পাব যে এই ছবিখনত থকা ছুপাৰষ্টাৰজন আন কোনো নহয়, বৰঞ্চ বলীউডৰ ভাইজান ছলমান খান হে ৷ হয়, ছলমান খানে নিজৰ ইনষ্টাগ্ৰামত এই ফটোখন শ্বেয়াৰ কৰিছে । ফটোখনৰ কেপচনত ছলমান খানে লিখিছে আৰবৰ মন্ত্ৰী তুৰ্কী আল শ্বেইখৰ নাম । এইখিনিতে উল্লেখ কৰিব লাগিব যে ছলমান খান যোৱা বছৰ ছৌদি আৰবলৈ গৈছিল আৰু এতিয়া অভিনেতাজনে এই ছবিখন শ্বেয়াৰ কৰিছে ।

এই ছবিখনত বহু চেলিব্ৰিটি ছলমান খানৰ লগত থিয় হৈ পোজ দিয়া দেখা গৈছে । একে সময়তে বিশ্ববিখ্যাত মল্লযুঁজাৰু তথা অভিনেতা জন চিনাকো এই ছবিখনত দেখা গৈছে । এই ছবিখনত ছলমান খানক পিচৰ শাৰীত আলল শিখৰৰ কাষত থিয় হৈ থকা দেখা গৈছে । উল্লেখ্য যে, শেহতীয়াকৈ ছলমান খান ডুবাইলৈ গৈছিল আৰু তাৰ পৰাই তেওঁৰ বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।

ছলমান খানৰ ৱৰ্ক ফ্ৰণ্ট

যোৱা বছৰ ২০২৩ চনত ছলমান খানক দুখন ছবি ‘কিচি কা ভাই কিছি কি জান’ আৰু ‘টাইগাৰ ৩’ত দেখা পোৱা গৈছিল । অৱশ্যে ‘কিচি কা ভাই কিছি কি জান’ ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাব নোৱাৰিলে যদিও ‘টাইগাৰ ৩’ ছবিখনে বক্স অফিচত লাভ কৰে সফলতা ৷

এতিয়া ‘দ্য বুল’ ছবিখনৰ বাবে চৰ্চালৈ আহিছে ছলমান খান । শ্বেৰশ্বাহৰ পৰিচালকে এই ছবিখন নিৰ্মাণ কৰিছে আৰু কৰণ জোহৰে এই ছবিখন প্ৰযোজনা কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, ‘কুচ কুচ হোতা হে’ৰ ২৫ বছৰৰ পাচত পুনৰ এই ছবিখনৰ জৰিয়তে একেলগে কাম কৰিব কৰণ আৰু ছলমান খানে । ছলমান খানে এই ছবিখনত সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক: অভিনেতা এন্থনী হপকিন্সৰ সৈতে প’জ দিলে ছলমান খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.