ETV Bharat / entertainment

অভিনেতা এন্থনী হপকিন্সৰ সৈতে প’জ দিলে ছলমান খানে

author img

By ANI

Published : Jan 21, 2024, 4:40 PM IST

Salman Khan poses with actor Anthony Hopkins
অভিনেতা এন্থনী হপকিন্সৰ সৈতে প’জ দিলে ছলমান খানে

Salman Khan attends special award function: চৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে ছুপাৰষ্টাৰ ছলমান খানে ৷ ছলমান খানে 'হানিবল' ৰ অভিনেতা এন্থনী হপকিন্সৰ সৈতে প’জ দিয়া দেখা গৈছে ৷

নেশ্যনেল ডেস্ক, 21 জানুৱাৰী : ছুপাৰষ্টাৰ ছলমান খানে শনিবাৰে চৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এইবাৰ দ্বিতীয়বাৰৰ বাবে ছলমান খানক জয় এৱাৰ্ডলৈ আমন্ত্ৰণ জনোৱা হৈছিল । ইতিমধ্যে এই বছৰৰ জয় এৱাৰ্ডছত ছলমান খানে অংশগ্ৰহণ কৰাৰ কেইবাখনো ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ৷ ইয়াৰে এখন ফটোত, ছলমান খানে 'হানিবল' ৰ অভিনেতা এন্থনী হপকিন্সৰ সৈতে প’জ দিয়াও দেখা গৈছে ৷

অভিনেতাজনক বেঙুনীয়া-ধূসৰ ছ্যুটৰ সৈতে লেভেণ্ডাৰ চাৰ্ট পৰিধান কৰিছিল ৷ তেওঁক গোঁফ আৰু দাড়িৰে বৰ সুদৰ্শন দেখা গৈছিল ৷ আন এটা ভাইৰেল ভিডিঅ’ত 'দাবাং' ৰ অভিনেতাজনক মঞ্চত এজন জ্যেষ্ঠ ইজিপ্তীয় অভিনেতাক পুৰস্কাৰ প্ৰদান কৰা দেখা গৈছে ।

২০২২ চনত ছলমান খানক এই বঁটা প্ৰদান অনুষ্ঠানটোত 'পাৰ্ছনেলিটী অৱ দ্যা ইয়েৰ' বঁটাৰে সন্মানিত কৰা হয় । এই বৰ্ষটো, অভিনেতাগৰাকীক বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ পৰা বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে ৷ ছলমান খানৰ উপৰিও, অভিনেত্ৰী আলিয়া ভাটেও এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

ইফালে টাইগাৰ 3 চলচ্চিত্ৰখনত দৰ্শকে দিয়া মৰম দেখি ছলমান খানে কয়, "টাইগাৰ ফ্ৰেঞ্চাইজিয়ে প্ৰথমখন চলচ্চিত্ৰৰ পৰাই ৰাইজৰক বিপুল সঁহাৰি লাভ কৰিছে ৷ সেয়া হলতেই হওক বাবে, অনলাইন ষ্ট্ৰীমিঙতেই হওক ৷ সেয়েহে, টাইগাৰ ছবিখনৰ তৃতীয় সংস্কৰণ টাইগাৰ 3 য়ে ছবিগৃহত হিট হৈছে ৷ মই মোৰ সামাজিক মাধ্যমৰ জৰিয়তে মোৰ দৰ্শকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছো ৷ মই এতিয়া টাইগাৰ ৩ অ'টিটিত সফলতা লাভ কৰাও দেখিবলৈ পাইছো ৷ এজন অভিনেতা হিচাপে, মোৰ আটাইতকৈ প্ৰথম দায়িত্বই হৈছে মানুহক মনোৰঞ্জন কৰা ৷ মই সুখী যে টাইগাৰ 3 সমগ্ৰ বিশ্বৰ মানুহে উপভোগ কৰিছে।"

লগতে পঢ়ক: পাঞ্জাৱী পৰিয়ালৰ বোৱাৰী হৈ কিমান সুখী কেটৰিণা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.