ETV Bharat / entertainment

পাঞ্জাৱী পৰিয়ালৰ বোৱাৰী হৈ কিমান সুখী কেটৰিণা ?

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 1:02 PM IST

Updated : Jan 19, 2024, 1:24 PM IST

Katrina Kaif films : জনপ্ৰিয় অভিনেত্ৰী কেটৰিণাই কিদৰেনো বিকীৰ পিতৃ-মাতৃ-ভাতৃৰ সৈতে একলগে একেখন ঘৰতে সময় পাৰ কৰে অনুৰাগীয়ে নিশ্চয় জানিব বিচাৰে ৷ বৃহস্পতিবাৰে সামাজিক মাধ্যমত অনুৰাগীৰে সৈতে কেটৰিণাই আৰম্ভ কৰে প্ৰশ্ন-উত্তৰ শিতান ৷ প্ৰশ্ন আহিল অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনক লৈ ৷ প্ৰত্যুত্তৰত কি ক’লে কেটৰিণাই জানো আহকচোন-

Katrina Kaif reveals what she loves the most about being a Punjabi daughter-in-law
কেটৰিণাৰ শেহতীয়া খবৰ

চিটাৰা ডেস্ক, 19 জানুৱাৰী : কেটৰিণা-বিকী বলীউডৰ সবাতোকৈ জনপ্ৰিয় বিবাহিত যুটি বুলি ক’লেও ভুল কোৱা নহ’ব ৷ দুয়োৱে ইমানেই নিজৰ সম্পৰ্কটো লুকুৱাই ৰাখি শেষত বিয়াৰ জৰিয়তে সামাজিক স্বীকৃতি দিলে, ই সকলোকে আচৰিত কৰি তোলে ৷ ধেমালিৰ চলেৰে বহু অনুষ্ঠানত অৱশ্যে বিকীয়ে নিজৰ প্ৰেমানুভুতি ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল ৷

বিয়াৰ পিচতেহে অনুৰাগীয়ে গম পালে সেই তেতিয়াৰ পৰাই ঢৌ বৈ আছিল প্ৰেমৰ সাগৰখনৰ ৷ বিকী-কেটৰিণাৰ প্ৰেম মুঠতে আজিও সকলোৰে চৰ্চাৰ বিষয় ৷ প্ৰেমহে হৈ যায় আৰু স্বতস্ফূৰ্তভাৱে ৷ এতিয়া আহো আচল কথাটোলৈ, বিদেশৰ পৰা আহি ভাৰতত থিতাপি লোৱা কেটৰিণাই বলীউডত বনালে নিজৰ সুকীয়া পৰিচয় ৷

শ্লীম ফিট এটা দেহাৰে হাজাৰ যুৱকৰ হৃদয়ত জুই জ্বলোৱা কেটৰিণাই এতিয়া এটা পাঞ্জাৱী পৰিয়াল একেলগে সাঙুৰি ৰাখিছে ৷ ইন-লজৰ লগত খুব ভাল সম্পৰ্ক কেটৰিণাৰ ৷ শ্বেয়াৰ কৰি থকা ফটোৱে তাকেই কয় ৷ বিয়াৰ পিচৰে প্ৰতিটো উৎসৱ পৰিয়ালৰ লগত খুব সুন্দৰকৈ উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বহু সাক্ষাৎকাৰত তেওঁ নিজেই কৈছে যে প্ৰায় প্ৰতিটো কথাতো আতংকিত হৈ পৰে তেওঁ আৰু সেই সময়খিনিত বিকীয়ে একেলেথাৰিয়ে তেওঁ কৈ যোৱা সকলো কখা শুনি তেওঁক শান্ত কৰায় ৷ বিকীৰ লগতে ইন-লজৰ পৰাও যথেষ্ট সমৰ্থন পায় তেওঁ ৷

শেহতীয়াকৈ কেট আছে চৰ্চাত নিজৰ নতুন ছবি Merry Christmas ৰ বাবে ৷ অৰ্জন ভাল কৰাৰ লগতে দৰ্শকে ভাল পাইছে ছবিখন চায় ৷ বৃহস্পতিবাৰে অনুৰাগীৰ সৈতে কথা পাতিবলৈ মন গ’ল কেটৰিণাৰ, আৰম্ভ কৰিলে প্ৰশ্ন-উত্তৰ শিতান ৷ Merry Christmas ৰ বহু কথাই ক’লে তেওঁ ৷ কিন্তু তাৰ মাজতে এতিয়া কেটৰিণাৰ এটা ৰিপ্লায়ে ছ’চিয়েল মিডিয়াত বহু মৰম পাইছে ৷

অনুৰাগীৰ প্ৰশ্ন, ‘পাঞ্জাৱী বোৱাৰী হোৱাৰ আটাইতকৈ ভাল লগা কথাটো কি ?’ কেটৰিণাৰ উত্তৰ, ‘ধেৰ চাৰা প্যাৰ ঔৰ ঘৰ কা বনা হুৱা সৰসো কা সাগ ঔৰ মক্কী কী ৰোটি উইথ হোৱাইট মাখন’ ৷ উত্তৰটোৰ লগতে অভিনেত্ৰীগৰাকীয়ে এখন ফটোও আপলোড কৰে উল্লেখ কৰা খাদ্যৰ ৷

Katrina Kaif reveals what she loves the most about being a Punjabi daughter-in-law
কেটৰিণাৰ শেহতীয়া খবৰ

পেছাদাৰী ক্ষেত্ৰত কেটৰিণাই আলিয়া ভাট আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ফাৰহান আখতাৰৰ আগন্তুক ছবি জী লে জাৰাত অভিনয় কৰিব । ইফালে বিকীৰ পৰৱৰ্তী প্ৰজেক্ট হৈছে আনন্দ তিৱাৰীৰ পৰিচালনা আৰু কৰণ জোহৰৰ প্ৰযোজনাৰে এখন শিৰোনামহীন ৰোমান্টিক ছবি । ছবিখনত বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে তৃপ্তী ডিমৰি আৰু এমি ভিৰ্কে ।

লগতে পঢ়ক : 2023 চনৰ সফলতাৰ পিচত 2024 চনত কিদৰে সাজু হৈছে কিং খান ?

Last Updated :Jan 19, 2024, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.