ETV Bharat / entertainment

৩৫ বছৰ পুৰণি শাৰী পৰিধান কৰি সোনমে অনুৰাগীক সুধিলে এটা প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 12:01 PM IST

Updated : Feb 7, 2024, 12:45 PM IST

Sonam Kapoor wears Gharchola saree: শেহতীয়াকৈ বন্ধুৰ বিয়াত সোনম কাপুৰক ৰঙা শাৰী পৰিধান কৰা দেখা গৈছিল । এই শাৰীখনত অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা গৈছিল । এই শাৰীখন অতি বিশেষ আৰু অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে ৷ গতিকে শাৰীখনৰ বিষয়ে সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Sonam Kapoor wears her mother's 35-year-old Gharchola saree, Know About Gharchola
সোণম কাপুৰে পৰিধান কৰিছে ৩৫ বছৰ পুৰণি শাৰী

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ বৰ্তমান ছবিজগতৰ পৰা আঁতৰি আছে । ২০১৯ চনত শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল অভিনেত্ৰীগৰাকীক । বিয়া হৈ সন্তান জন্ম দিয়াৰ পিচত ছবিৰ পৰা আঁতৰি আহি লণ্ডনত পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ আৰম্ভ কৰে । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ভাৰত ভ্ৰমণলৈ আহে ।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক বন্ধুৰ বিয়াত দেখা গৈছিল । এই সময়চোৱাত অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা গৈছিল । বন্ধুৰ বিয়াত ৰঙা শাৰী পৰিধান কৰি অনুৰাগীৰ হৃদয় জয় কৰিছিল সোনম কাপুৰে । নিজৰ ফেশ্বনেৰে সদায় অনুৰাগীৰ মন জয় কৰি অহা সোনম কাপুৰে আকৌ এবাৰ সকলোৰে পৰা লাভ কৰে প্ৰশংসা । কিন্তু এইবাৰ সোণমে পৰিধান কৰা শাৰীখন আছিল কিছু ব্যতিক্ৰম আৰু বিশেষ ৷ গতিকে এই প্ৰতিবেদনত জানো আহক সোনমৰ শাৰীখন কিয় আৰু কেনেকৈ বিশেষ ৷

সোনমে পৰিধান কৰিছিল এখন বিশেষ শাৰী

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় সোনম আৰু তেওঁৰ জীৱনৰ সকলো আপডেট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে । শেহতীয়াকৈ নিজৰ এই লুকৰ কিছু ফটোও অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ লগতে এই শাৰীখনৰ সৈতে জড়িত তথ্যও শ্বেয়াৰ কৰিছে । এই শাৰীখনৰ বিষয়ে কওঁতে সোনম কাপুৰে ইনষ্টাগ্ৰামত কেপচনত লিখিছে, ‘‘মোৰ মাতৃৰ ৩৫ বছৰী পুৰণি ঘৰচোলা পৰিধান কৰিছো...এই শাৰী আৰু ব্লাউজ মোক ধাৰলৈ দিয়াৰ বাবে ধন্যবাদ মা, আপোনাৰ আলমিৰাই চাই ভাল পাইছে । জানেনে ঘৰচোলা কি আৰু ইয়াৰ গুৰুত্ব কি ? আপোনাৰ উত্তৰ কমেন্ট ছেকচনত জনাওক ৷’’

সোনমৰ প্ৰশ্নৰ উত্তৰ

সোনম কাপুৰে নিজেই জনাইছে যে তেওঁৰ এই শাৰীখন ৩৫ বছৰ পুৰণি, যিখন তেওঁৰ মাতৃৰ । ইয়াৰ লগতে সোণমে এটা প্ৰশ্নও কৰিছে ৷ যাৰ উত্তৰ আমি আপোনাক জনাম । এই বিশেষ শাৰীৰ নাম ঘৰচোলা । এইখন গুজৰাটৰ পৰম্পৰাগত শাৰী, যিখন বিয়াৰ দৰে অনুষ্ঠানত পৰিধান কৰা হয় । এই শাৰীখন এটা ষ্টেটমেন্ট পিচ, যিটো ন কইনাসকলে পৰিধান কৰে । গুজৰাটী পৰম্পৰাত এই শাৰীৰ বিশেষ তাৎপৰ্য আছে ।

সোনমৰ শাড়ীৰ বিশেষত্ব কি ?

বিয়াত অগ্নীক সাক্ষী কৰি তৃতীয় পাক ঘূৰাৰ পিচত শাহুৱেকে কইনাক উপহাৰ দিয়ে ঘৰচোলা । ই পৰিয়ালক গ্ৰহণ আৰু উষ্ম আদৰণিৰ চিন । গুজৰাটী বিয়াত ৪টা পাক থাকে ৷ প্ৰথম তিনিটাত পৰিয়ালৰ কইনাৰ ফালৰ পৰা পুৰুষে আশীৰ্বাদ দিয়ে । তাৰ পিচত ঘৰচোলা উপহাৰ দিয়া হয় ৷ ঘৰচোলা উপহাৰ দি চতুৰ্থ পাকৰ বাবে দৰাৰ দেউতাকে আশীৰ্বাদ দিয়ে । বহু গুজৰাটী কইনাই নিজৰ বিয়াৰ সাজৰ লগত ঘৰচোলা পৰিধান কৰে । ইয়াৰ উপৰিও বহু বিশেষ অনুষ্ঠানতো ইয়াক পৰিধান কৰা হয় । বিবাহিত মহিলাসকলে গণেশ পূজাৰ বাবেও পৰিধান কৰে ।

লগতে পঢ়ক: ভেলেণ্টাইন ডে’ উপলক্ষে মুকলি ফাইটাৰৰ নতুন ৰোমান্টিক গীত

Last Updated : Feb 7, 2024, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.