স্লামডগ মিলিয়নাৰ খ্যাত অভিনেতা দেৱ পেটেলৰ এই অভিনয় দেখি আপুনিও হৈ পৰিব আচৰিত

author img

By ETV Bharat Assamese Desk

Published : Jan 27, 2024, 5:43 PM IST

Slumdog Millionaire fame actor Dev Patel's new movie 'Monkey Man' trailer out

Monkey Man Trailer: অস্কাৰ মনোনীত অভিনেতা দেৱ পেটেলৰ ছবি ‘মাংকি মেন’ বহুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে । ‘মংকি মেন’ ছবিখনৰ ট্ৰেইলাৰৰ বিষয়ে সকলোতে চৰ্চা চলি থকাৰ লগতে ইউজাৰৰ পৰাও ভাল সঁহাৰি লাভ কৰিছে । এই ট্ৰেইলাৰটো সম্পূৰ্ণ একশ্যনেৰে ভৰপূৰ । বলীউডৰ অভিনেত্ৰী শ্বোভিতা ধূলিপালাও এই ছবিখনৰ জৰিয়তে হলীউডত অভিষেক ঘটাবলৈ ওলাইছে ।

চিটাৰা ডেস্ক, 27 জানুৱাৰী: অস্কাৰ মনোনীত অভিনেতা দেৱ পেটেলৰ আগন্তুক ছবি ‘মাংকি মেন’ বহুদিন ধৰি বাতৰিৰ শিৰোনামত আছিল ৷ ইফালে ছবিখনৰ পৰিচালক দেৱ পেটেলেও এই ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ইফালে, ‘মাংকি মেন’ ছবিৰ ট্ৰেইলাৰ ইতিমধ্যে মুকলি কৰা হৈছে ৷ যি মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত এক খলকনিৰ সৃষ্টি কৰিছে ৷ ‘মাংকি মেন’ ছবিখনৰ ট্ৰেইলাৰৰ বিষয়ে সকলোতে চৰ্চা চলি থকাৰ লগতে ইউজাৰৰ পৰাও ভাল সঁহাৰি লাভ কৰিছে ৷ এই ট্ৰেইলাৰটোত সম্পূৰ্ণ একশ্যনেৰে ভৰপূৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বলীউডৰ অভিনেত্ৰী শ্বোভিতা ধূলিপালাও এই ছবিখনৰ জৰিয়তে হলীউডত অভিষেক ঘটাবলৈ ওলাইছে ৷ মডেলিং, চাউথ, বলীউড আৰু অ’টিটিত অভিনয় কৰাৰ পিছত এতিয়া শ্বোভিতাই হলীউডত অভিনয় কৰিবলৈ সাজু হৈছে ৷ ‘স্লামডগ মিলিয়নাৰ’ জৰিয়তে খ্যাতি লাভ কৰা দেৱে ‘মাংকি মেন’ৰ জৰিয়তে পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে ৷ কেৱল এয়াই নহয়, তেওঁ এই ছবিখনৰ কাহিনী সহ-লেখক আৰু জৰ্ডান পিলৰ সৈতে সহ-প্ৰযোজনাও কৰিছে ৷ দেৱ আৰু শ্বোভিতাৰ উপৰিও অনুপম খেৰৰ পুত্ৰ চিকন্দৰ খেৰ, বিপিন শৰ্মা, অদিতি কুলকান্তে, ব্ৰহিম চাব, নাগেশ ভোছলেও ছবিখনত অভিনয় কৰা দেখিবলৈ পোৱা যাব ৷

ট্ৰেইলাৰৰ কাহিনীৰ কথা ক’বলৈ গ’লে ইয়াত এটি শিশু জড়িত হৈ আছে, যাক শৈশৱত মাকে কোৱা এটা কাহিনী ৷ সেই কাহিনীত এজন বান্দৰ মানুহৰ কথা উল্লেখ কৰা হৈছে, যাৰ প্ৰতিমূৰ্তি ৰামভক্ত হনুমান ৷ আগতে কোনে দুৰ্বলক সমৰ্থন কৰিছিল ৷ ট্ৰেইলাৰৰ কাহিনী যেন ধন-সম্পত্তি আৰু দৰিদ্ৰতাৰ সৈতে জড়িত৷ ট্ৰেইলাৰত শ্বোভিতাৰ এণ্ট্ৰিটো এখন বাৰত নাচি থকা দেখা গৈছে ৷ ট্ৰেইলাৰত এটা আণ্ডাৰগ্ৰাউণ্ড ফাইট ক্লাবও দেখুওৱা হৈছে ৷ য’ত দেৱক বান্দৰৰ মুখা পিন্ধি যুঁজি থকা দেখা গৈছে ৷

ট্ৰেইলাৰটোৰ কিছুমান একশ্যন ইমানেই শক্তিশালী যে ই আপোনাক বাহ্ বুলি ক’বলৈ বাধ্য কৰিব ৷ এই ছবিখন ২০২৪ চনৰ ৫ এপ্ৰিলত মুক্তি পাবলৈ গৈ আছে ৷ ‘মাংকি মেন’ ছবিখন ইউনিভাৰ্চেল পিকচাৰ্ছৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে৷ শ্বোভিতাৰ কথা ক’বলৈ গ’লে, এই ছবিখনৰ পিছত তেওঁক আলিয়া ভাটৰ সৈতে জিগ্ৰাত দেখা যাব ৷ ‘মেড ইন হেভেন ২’ ৱেব ছিৰিজৰ পৰা শ্বোভিতাই যথেষ্ট খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: এতিয়াহে আহিছে প্ৰকৃত এনিমেল; পুনৰ এক নতুন অৱতাৰত আহি আছে ববি দেউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.