ETV Bharat / entertainment

চাইবাৰ অপৰাধীৰ টাৰ্গেট কণ্ঠশিল্পী ময়ুৰী দত্ত

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:35 PM IST

Mayuri Dutta social media hacked: চাইবাৰ অপৰাধীৰ জালত জনপ্ৰিয় কণ্ঠশিল্পী । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ব্যক্তিগত ফটোগ্ৰাফাৰেই সকলো তথ্য সংগ্ৰহ কৰে । সমগ্র ঘটনাক লৈ চাইবাৰ চেলৰ কাষ চাপিছে কণ্ঠশিল্পী ময়ুৰী দত্ত ।

Mayuri Dutta social media hacked
চাইবাৰ অপৰাধীৰ টাৰ্গেট কণ্ঠশিল্পী ময়ুৰী দত্ত

গুৱাহাটী,৯ ফেব্ৰুৱাৰী: ছাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ চাইবাৰ কোষ সদাসক্ৰিয় যদিও বৰ্তমানেও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই চাইবাৰ অপৰাধ । সময়ে সময়ে ভয়ংকৰ চাইবাৰ অপৰাধৰ ঘটনাই লাভ কৰিছে সংবাদ শিৰোনাম । চাইবাৰ অপৰাধীৰ জালত পৰিছে জনপ্ৰিয় শিল্পী, কলা-কুশলীকে আদি কৰি আৰক্ষী বিষয়া । এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট কণ্ঠশিল্পী ময়ূৰী দত্ত । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ব্যক্তিগত ফটোগ্ৰাফাৰেই ম'বাইলৰ সকলো তথ্য সংগ্ৰহ কৰিলে শিল্পীগৰাকীৰ ।

Mayuri Dutta social media hacked
অভিযুক্ত কুলদীপ ডেকা

সমগ্র ঘটনাক লৈ চাইবাৰ চেলৰ কাষ চাপিছে কণ্ঠশিল্পী ময়ুৰী দত্তই । ইফালে কণ্ঠশিল্পী ময়ূৰী দত্তৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰি সোধাপোচা কৰিছে ধৃত যুৱকজনক । অভিযুক্ত ফটোগ্ৰাফাৰ গৰাকীৰ নাম কুলদীপ ডেকা । ময়ূৰী দত্তৰ ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপৰ সকলো তথ্য নিজৰ ম'বাইললৈ নিছিল কুলদীপে । দীৰ্ঘদিন ধৰি কন্ঠশিল্পীগৰাকীৰ লগত ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত আছিল কুলদীপ ডেকা । এই ঘটনা পোহৰলৈ অহাৰ পাছত কণ্ঠশিল্পীগৰাকীৰ একাংশ অনুৰাগীৰে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

Mayuri Dutta social media hacked
কুলদীপ ডেকাৰ ক্ষমাপ্ৰাৰ্থনা

ইফালে বৃস্পতিবাৰে কুলদীপ ডেকাৰ তেওঁৰ নিজৰ ফেচবুক একাউণ্টত এক ক্ষমাখোজা পোষ্টো আপলোড কৰিছে য'ত লিখা আছে "ময়ূৰী বা মই আপোনাৰ লগত বহুত ভুল কৰিলো। মই আপোনাৰ Social Media WhatsApp Access কৰিব নালাগিছিল মোৰ বহুত ডাঙৰ ভুল হ'ল পাৰিলে ক্ষমা কৰি দিব.... কুলদীপ ডেকা ।" এতিয়া সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে কণ্ঠশিল্পীগৰাকীয়ে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকাও জালত পৰিছিল চাইবাৰ অপৰাধীৰ । প্ৰাক্তন বিধায়িকাগৰাকীৰ নামত কেইবাটাও ভূৱা একাউণ্ট খুলি প্ৰৱঞ্চনাৰ চেষ্টা চলাইছিল চাইবাৰ অপৰাধীয়ে । আঙুৰলতা ডেকাই অসম আৰক্ষীক ৬ টাকৈ ভূৱা একাউণ্টৰ তথ্য প্ৰদান কৰিছিল । সেয়ে অসম আৰক্ষীক এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক: আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.