ETV Bharat / entertainment

চেম্পিয়নছ অৱ চেঞ্জ বঁটাৰ সন্মান লাভ শিল্পা শ্বেট্টীৰ, ফটো শ্বেয়াৰ কৰি ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:35 PM IST

Champions Of Change Award: শিল্পা শ্বেট্টীকে ধৰি বহু তাৰকাক মঙলবাৰে মহাৰাষ্ট্ৰৰ চেম্পিয়নছ অৱ চেঞ্জ বঁটাৰে সন্মানিত কৰা হয় । অভিনেত্ৰীগৰাকীয়ে এতিয়া এই বঁটাৰ সৈতে নিজৰ ছবি ইনষ্টাত শ্বেয়াৰ কৰিছে ।

Shilpa Shetty Honoured With Champions Of Change Award
চেম্পিয়নছ অৱ চেঞ্জ বঁটা লাভ শিল্পা শ্বেট্টীৰ

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: বলীউডৰ অভিনেত্ৰী শিল্পা শেট্টী কুন্দ্ৰাই লাভ কৰিলে এক বিশেষ সন্মান ৷ দৰাচলতে মঙলবাৰে মহাৰাষ্ট্ৰত তেওঁক চেম্পিয়নছ অৱ চেঞ্জ বঁটাৰে সন্মানিত কৰা হয় । এতিয়া শিল্পাই ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰাৰ লগতে বঁটাৰ সৈতে তেওঁৰ কেইখনমান ফটোও পোষ্ট কৰে । শিল্পাই মহাৰাষ্ট্ৰৰ ন্যায়াধীশ কে জি বালকৃষ্ণন আৰু ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰৰ পৰা এই বিশেষ বঁটা লাভ কৰিছে ।

শিল্পা শ্বেট্টীয়ে নিজৰ গৌৰৱৰ মুহূৰ্তৰ ফটোকেইখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ফটোখনত অভিনেত্ৰীগৰাকীয়ে শাৰী পিন্ধা দেখা গৈছে আৰু তেওঁ নিজৰ বঁটাটো গৌৰৱৰে প্ৰদৰ্শন কৰা দেখা গৈছে । এই ফটোকেইখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, "মহাৰাষ্ট্ৰত মাননীয় ন্যায়াধীশ কে জি বালাকৃষ্ণন আৰু মাননীয় ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰৰ দ্বাৰা 'চেম্পিয়নছ অৱ চেঞ্জ ২০২৩' বঁটাৰে সন্মানিত হোৱাত মই অত্যন্ত কৃতজ্ঞ । এগৰাকী গৌৰৱান্বিত ভাৰতীয় হিচাপে মই অতিশয় কৃতজ্ঞ ।’’

লগতে অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘মই মোৰ কামক লৈ গৌৰৱ অনুভৱ কৰিছো ৷ নম্ৰ অনুভৱ কৰিছো যে মই মনোৰঞ্জন বা সজাগতাৰ জৰিয়তে সৰু, ইতিবাচক ৰূপত কাৰোবাৰ স্বাস্থ্য আৰু সুস্থতাৰ বাবে অনুঘটক হিচাপে কাম কৰিব পাৰিছো ।স্বীকৃতিৰ বাবে ধন্যবাদ নন্দন ঝা জী । এই সকলোবোৰ মৰম আৰু প্ৰশংসাই মোক ভাল কাম কৰিবলৈ প্ৰেৰণা দিয়ে । এইটো মোৰ দৰ্শকৰ বাবে । কৃতজ্ঞতাৰ সৈতে ।"

এৱাৰ্ড শ্ব’ৰ বাবে শিল্পা শ্বেট্টীয়ে পৰিধান কৰিছিল সেউজীয়া এম্ব্ৰয়ডাৰী শাৰী । য’ত শিল্পাক বৰ ধুনীয়া দেখা গৈছিল । অভিনেত্ৰীগৰাকীয়ে সোণালী হাফ স্লিব ব্লাউজৰ সৈতে যোৰ কৰিছিল শাৰীখন । অৱশ্যে ইয়াৰ সৈতে নূন্যতম মেকআপ কৰিছিল আৰু সেউজীয়া ৰঙৰ বিন্দিও লগাইছিল ।

উল্লেখ্য যে, শিল্পা শ্বেট্টীৰ উপৰিও মনোজ বাজপেয়ী, অৰ্জুন ৰামপাল, ফাৰাহ খান আৰু চনু ছুদকো চেম্পিয়নছ অৱ চেঞ্জ বঁটাৰে সন্মানিত কৰা হৈছে । চেম্পিয়নছ অৱ চেঞ্জ হৈছে গান্ধীবাদী মূল্যবোধ, সমাজ সেৱা আৰু সামাজিক উন্নয়নৰ প্ৰচাৰৰ বাবে ভাৰতীয় বঁটা । ২০১১ চনত প্ৰতিষ্ঠা কৰা হৈছিল ।

লগতে পঢ়ক: 12th Fail ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল বিক্ৰান্ত মচ্ছী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.