ETV Bharat / entertainment

গাৰ নোম শিয়ৰি উঠা চয়তানৰ টিজাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 11:57 AM IST

Shaitaan Teaser out now: আজি মুকলি হ’ল অজয় ​​দেৱগনৰ প্ৰত্যাশিত ছবি ‘চয়তান’ৰ টিজাৰ । ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে ।

Shaitaan Teaser out now: Ajay Devgn, Jyothika Scared As They Face R Madhavan
চয়তানৰ টিজাৰ মুকলি

চিটাৰা ডেস্ক, ২৫ জানুৱাৰী : বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা অজয় ​​দেৱগনে নিজৰ কেৰিয়াৰত এতিয়ালৈকে বহু ব্লকবাষ্টাৰ ছবি দিছে । এতিয়া অভিনেতাগৰাকীয়ে আকৌ এবাৰ ডাঙৰ পৰ্দাত ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে । ২০২৪ চনত মুক্তি পাব অজয়ৰ পাঁচখন ছবি । য’ত প্ৰথমখন ছবি হৈছে ‘চয়তান’ । ২৫ জানুৱাৰী অৰ্থাৎ আজি বৃহস্পতিবাৰে মুক্তি পালে অজয়ৰ এই বহু প্ৰত্যাশিত ছবিখনৰ টিজাৰ ।

‘চয়তান’ৰ টিজাৰ মুক্তি

অজয় ​​দেৱগনে এক্স একাউন্টত মুকলি কৰিছে তেওঁৰ আগন্তুক ছবি ‘চয়তান’ৰ টিজাৰ । টিজাৰ শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে, "তেওঁ আপোনাক সুধিব...এটা খেল আছে, খেলিবনে ?" কিন্তু তেওঁৰ কথাত ভুল নাযাব ! চয়তানৰ টিজাৰ প্ৰকাশ পাইছে ! ২০২৪ চনৰ ৮ মাৰ্চত ছবিগৃহত মুকলি হ’ব ।”

টিজাৰৰ আৰম্ভণিতে এটা ভইচ অভাৰ, য’ত শুনা যায়, “কেহতে হে কি য়ে দুনিয়া পুৰি বেহৰি হে, পাৰ সুন্তে চব মেৰী হে । কালে চে কালা মে, বেহকাৱে কা প্যালা মে ৷ তন্ত্ৰ ছে লেকৰ শ্লোক কা মালিক হু মে ন লৌক কা ৷ জেহেৰ ভি মে, দাৱা ভি মে,৷ চুপ চাপ চদিয়ছে সব দেখা, এক খামৌশ গৱাহ ভি মে, মে ৰাত হু, মে শ্বাম হু, মে কায়েনাত হু ৷ এক খেল হে, খেলৌগে ? ইচ খেল কা বছ এক হি নিয়ম হে, মে চাহে কুছ ভি কহু, মেৰে বেহকাৱে মে মত আনা ৷’’

টিজাৰত চয়তানৰ প্ৰতীকৰ ভিজুৱেল দেখুওৱা হৈছে । ইয়াৰ উপৰিও অজয় ​​দেৱগন আৰু জ্যোতিকাৰ দৃশ্যও দেখুওৱা হৈছে ৷ যিয়ে কাৰোবাৰ মুখামুখি হোৱাৰ বাবে ভয় খোৱা দেখা গৈছে । আন এটা শ্বটত আৰ মাধৱনৰ ভয়ংকৰ হাঁহিটোৱে শুনা যায় । ইয়াৰ দ্বাৰা এটা ইংগিত পোৱা গৈছে যে মাধৱন ছবিখনৰ খলনায়ক ৰূপে থাকিব । চলিত বৰ্ষৰ ৮ মাৰ্চত মুক্তি পাব এই ছবিখন ।

'চয়তান'ত কোনে কোনে অভিনয় কৰিছে ?

এই ছবিখন পৰিচালনা কৰিছে বিকাশ বাহলে । জ্যোতিকা, আৰ মাধৱনকে ধৰি বহু অভিনেতাই এই ছবিখনত অজয় ​​দেৱগনৰ সৈতে অভিনয় কৰিছে । অৱশ্যে তেওঁলোকৰ নাম এতিয়ালৈকে প্ৰকাশ পোৱা নাই ৷

লগতে পঢ়ক : 'তেৰী বাতৌ মে এইছে উলঝ জায়ে'ৰ নতুন গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.