ETV Bharat / entertainment

'তেৰী বাতৌ মে এইছে উলঝ জায়ে'ৰ নতুন গীত মুকলি

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 6:07 PM IST

TBMAUJ Ankhiyaan Gulab Song Out: ‘তেৰী বাতৌ মে য়েছে উলঝ জায়ে’ৰ নতুন গীত মুক্তি ৷ শ্বাহিদ কাপুৰ আৰু কৃতিৰ ছেননৰ সুন্দৰ কেমিষ্ট্ৰী দেখা পোৱা গৈছে গীতটিত ৷

Akhiyaan Gulaab: Shahid Kapoor and Kriti Sanon build romance in love ballad
তেৰী বাতৌ মে য়েছে উলঝ জায়েৰ নতুন গীত মুকলি

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: দীনেশ বিজানৰ 'মেডক' বেনাৰত নিৰ্মিত ছবি 'তেৰী বাতৌ মে এইছে উলঝ জায়ে' ছবিখনত প্ৰথমবাৰৰ বাবে শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ যুটি দেখিবলৈ পোৱা যাব ৷ ভেলেণ্টাইন ডে’ উপলক্ষে মুক্তি পাবলগীয়া এই ছবিখনৰ বহু পোষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যেই মুকলি কৰা হৈছে । কিছুদিন পূৰ্বে চিনেমাখনৰ প্ৰথমটো গীত ‘লাল পীলি আখিয়া’ নিৰ্মাতাই মুকলি কৰিছিল ।

এতিয়া শেহতীয়াকৈ শ্বাহিদ কাপুৰ আৰু কৃতি ছেনন অভিনীত 'তেৰী বাতৌ মে য়েছে উলঝ জায়ে' ছবিখনৰ দ্বিতীয়টো গীত মুকলি কৰা হৈছে ৷ গীতটিত দুয়োৰে সুন্দৰ কেমিষ্ট্ৰী দেখা পোৱা গৈছে ।

আজি শ্বাহিদ কাপুৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ ছবিখনৰ দ্বিতীয়টো গীতৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই গীতটিৰ শিৰোনাম হৈছে 'অংখিয়া গুলাব'। সাগৰৰ পাৰত কৃতি ছেনন আৰু শ্বাহিদ কাপুৰৰ ওপৰত চিত্ৰগ্ৰহণ কৰা এই গীতটোত দুয়োৰে কেমিষ্ট্ৰী অতি সুন্দৰকৈ দেখুওৱা হৈছে ৷

গীতটিত কৃতি সেননে বগা বিকিনি আৰু শ্বৰ্ট পৰিধান কৰি সাগৰৰ পাৰত খোজ দিয়ে, আনহাতে শ্বাহিদ কাপুৰে নিজৰ নৃত্যৰ জৰিয়তে অনুৰাগীক আপ্লুত কৰে ।

কেতিয়া ছবিগৃহত মুক্তি পাব ছবিখন ?

শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ ছবিখন ২০২৪ চনত ভেলেণ্টাইন উপলক্ষে ছবিগৃহত মুক্তি পাব । প্ৰেম উদযাপন কৰা এই ছবিখন ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব ।

ৰবাৰ্টৰ সৈতে শ্বাহিদ কাপুৰৰ প্ৰেম কাহিনী দেখুওৱা হৈছে এই ৰোমান্টিক ছবিখনত । উল্লেখ্য যে, চিনেমাখনত কৃতি ছেননে ৰবাৰ্টৰ চৰিত্ৰত অভিনয় কৰিছে । আনহাতে অমিত যোশী আৰু আৰাধনা সাহে ছবিখন পৰিচালনা কৰিছে ।

লগতে পঢ়ক: চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক ? যদি নাই তেন্তে পঢ়ক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.