ETV Bharat / entertainment

শ্বাহৰুখ-অনুৰাগীৰ মাজৰ এটা ভিডিঅ’, যিটো দেখিলে আপোনাৰো চকুলো বৈ আহিব

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:38 PM IST

Shah Rukh Khan Viral Video: শ্বাহৰুখ খানক লগ পাই আৱেগিক হৈ পৰিল এজন অনুৰাগী আৰু কান্দিবলৈ আৰম্ভ ধৰে ৷ ইয়াৰ পিচত অনুৰাগীজনক কিং খানে কেনেকৈ চম্ভালিছিল চাওক ভিডিঅ’ ৷

Shah Rukh Khan's Gesture for an Emotional Fan Goes Viral for All the Right Reasons - Watch
শ্বাহৰুখ খানক লগ পাই আৱেগিক হৈ পৰিল অনুৰাগী

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: শ্বাহৰুখ খানৰ প্ৰতি থকা মানুহৰ মৰম হয়তো লিখি ব্যক্ত কৰিব পৰা নাযাব ৷ কিং খানক ভাল পোৱা মানুহে জীৱনত এবাৰ অভিনেতাজনক লগ পোৱাৰ সপোন দেখে । শেহতীয়াকৈ ডাংকিৰ সফলতাৰ সমাৱেশৰ সময়ত দেখা গৈছিল এজন অনুৰাগীৰ কিং খানৰ প্ৰতি থকা অপাৰ মৰম ৷ শ্বাহৰুখ খানক লগ পোৱাৰ লগে লগে অনুৰাগীজনে কান্দিবলৈ আৰম্ভ কৰে । ইফালে অলপ সময়ৰ ভিতৰতে এই ভিডিঅ’টো ইণ্টাৰনেটত ভাইৰেল হৈ পৰে ৷ এই ভিডিঅ’টোক লৈ এতিয়া অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

অনুৰাগীৰ হৃদয়ৰ ৰজা শ্বাহৰুখ খান । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নিজৰ অনুৰাগীৰ সৈতে ডাংকি ছবিখনৰ সফলতা উদযাপন কৰে । এই সময়চোৱাত শ্বাহৰুখক লগ কৰিবলৈ মঞ্চত উপস্থিত হৈছিল এজন অনুৰাগী, ভিডিঅ’টোত অনুৰাগীজনক অতি আৱেগিক হৈ পৰা দেখা যায় । তেওঁক দেখা পোৱাৰ পিচত অনুৰাগীজনে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু সেই কথা বহুত ভালকৈ বুজি পাইছিল শ্বাহৰুখ খানেও ৷ ভিডিঅ’টোত শ্বাহৰুখে নিজৰ অনুৰাগীজনক এই সময়চোৱাত খুব সুন্দৰকৈ চম্ভালিছিল । অভিনেতা আৰু অনুৰাগীৰ মাজৰ এনে বন্ধনটো মানুহে বৰ ভাল পাইছে ।

ভিডিঅ’টো চাই আৱেগিক হৈ পৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী

ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত এজন ইউজাৰে লিখিছে, "মইও এই ভিডিঅ’টো চাই আৱেগিক হৈ পৰিছো ।" একে সময়তে অধিকাংশ অনুৰাগীয়ে শ্বাহৰুখৰ বাবে হাৰ্ট ইমোজিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৱশ্যে এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও এনে বহু ভিডিঅ’ পোহৰলৈ আহিছে য’ত শ্বাহৰুখক লগ পোৱাৰ পিচত তেওঁৰ অনুৰাগীসকল আৱেগিক হৈ পৰা দেখা যায় ।

লগতে পঢ়ক: পাঠানৰ পূৰ্বে ৪ বছৰৰ দীঘলীয়া বিৰতি লোৱাৰ কাৰণ ক’লে শ্বাহৰুখ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.