ETV Bharat / entertainment

পাঠানৰ পূৰ্বে ৪ বছৰৰ দীঘলীয়া বিৰতি লোৱাৰ কাৰণ ক’লে শ্বাহৰুখ খানে

Shah Rukh Khan On Break: সমগ্ৰ বিশ্বৰ অনুৰাগীৰ প্ৰতি শ্বাহৰুখ খানে কৃতজ্ঞতা প্ৰকাশ কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এই ভিডিঅ’টোত শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীক জনাইছে যে তেওঁ কিয় পাঠানৰ আগতে চাৰি বছৰৰ দীঘলীয়া বিৰতি লৈছিল ।

Before Pathaan, Shah Rukh Khan explained why he took a long break of 4 years
কিং খানে কিয় লৈছিল দীঘলীয়া বিৰতি
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 11:28 AM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: ২০২৩ চনটো বলীউডৰ কিং খানৰ বছৰ অৰ্থাৎ শ্বাহৰুখ খানৰ বছৰ বুলি ক’লেও ভুল নহ’ব । যোৱা বছৰ শ্বাহৰুখ খানৰ তিনিখন ছবি - ‘পাঠান’, ‘জৱান’ আৰু ‘ডাংকি’ মুক্তি লাভ কৰিছিল । এই তিনিওখন ছবিয়েই ছুপাৰহিট হৈছিল আৰু ছবিকেইখনে বহু ছবিৰ অভিলেখো ভংগ কৰিছিল । দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত শ্বাহৰুখ খানে বৃহৎ কামবেক কৰি বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । অৱশ্যে শ্বাহৰুখ খানে এতিয়া পুনৰ নিজৰ ছবিৰ পৰা দীৰ্ঘদিনীয়া বিৰতি লোৱাৰ কোনো পৰিকল্পনা নাই ৷ শেহতীয়াকৈ ‘ডাংকি’ৰ সফলতাৰ বাবে শ্বাহৰুখে তেওঁৰ অনুৰাগীক সাক্ষাৎ কৰিছিল ৷ অনুৰাগীৰ সৈতে মত বিনিময় কৰি তেওঁৰ সকলো ছবিকে ইমান মৰম দিয়াৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে শ্বাহৰুখ খানৰ এটা ভিডিঅ’, য’ত কিং খানে অনুৰাগীৰ সৈতে কথা পতা দেখা গৈছে । আচলতে ভিডিঅ’টো শ্বাহৰুখ খানৰ ফেন ক্লাবে শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত শ্বাহৰুখ খানে দীঘলীয়া বিৰতিৰ বিষয়ে কয়, "এয়া নতুন, কাৰণ মই ৩৩ বছৰ ধৰি কাম কৰি আছো ৷ এনে পৰিস্থিতিত যেতিয়া আপুনি ইমান দীঘলীয়া বিৰতি লয় সাধাৰণতে, আপুনি অলপ নাৰ্ভাছ হৈ পৰে । বিৰতিৰ আগতে মোৰ কিছুমান ছবি আছিল যিবোৰে ইমান ভাল কাম কৰা নাছিল, গতিকে মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে মই ভাল ছবি নিৰ্মাণ কৰা নাই । কিন্তু মই ভাবো মোৰ আন চিনেমাতকৈ মানুহৰ মৰম পাঠান, জৱান আৰু ডাংকিৰ প্ৰতি বেছি আছিল ।

শ্বাহৰুখ খানে লগতে কয়, ‘‘মই অনুভৱ কৰোঁ যে এই গোটেই দেশখন আৰু ভাৰতৰ বাহিৰৰ মানুহেও সঁচাকৈয়ে মোক ছবিতকৈ বেছি মোক মৰম দিছে । মোৰ এনেকুৱা লাগিছে যে তেওঁলোকে কৈছে... '৪ বছৰলৈ নাযাবা, ২-৪ মাহ ঠিক আছে' ৷ গতিকে, আপোনালোক সকলোৰে, দৰ্শক আৰু সমগ্ৰ বিশ্বৰ প্ৰতি মই অতিশয় কৃতজ্ঞ । মই যি কৰিছো সেয়া সঠিক আৰু মই বাৰে বাৰে কৰি থাকিব লাগে, এয়া উপলব্ধি কৰোৱাৰ বাবে ধন্যবাদ ।’’

উল্লেখ্য যে, ৪ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত শ্বাহৰুখে ‘পাঠান’ৰ জৰিয়তে কামবেক কৰিছিল । শ্বাহৰুখৰ উপৰিও এই ছবিখনত দীপিকা পাডুকন আৰু জন আব্ৰাহামো আছিল । এই ছবিখনে বহু অভিলেখ ভংগ কৰি বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম হৈ পৰে । শ্বাহৰুখৰ অনুৰাগীৰ বাবে ‘পাঠান’ বিশেষ আছিল যদিও এটলীৰ সৈতে ‘জৱান’ৰ ৰূপত তেওঁ দৰ্শকক আন এক হিট দিছিল । এই ছবিখনত সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া দেখা যায় কিং খানক । এই ছবিখনে বিশ্বজুৰি ১০০০ কোটিৰো অধিক উপাৰ্জন কৰে ।

২০২৩ চনটো শ্বাহৰুখ খানৰ আছিল

পাঠান আৰু জৱানতেই অন্ত পৰা নাছিল বছৰটো । ৰাজকুমাৰ হিৰানীৰ ‘ডাংকি’ ছবিৰে আন এক হিটৰে বছৰটোৰ অন্ত পেলায় শ্বাহৰুখ খানে । ‘ডাংকি’ ছবিখনে অবৈধ অনুপ্ৰৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । অৱশ্যে শ্বাহৰুখ খানে এতিয়ালৈকে তেওঁৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত কোনো ঘোষণা কৰা নাই । কিন্তু ২০২৪ চনৰ মাজভাগৰ পৰা পৰৱৰ্তী প্ৰজেক্ট সমূহৰ কাম আৰম্ভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: এৱাৰ্ড শ্ব’ত পিতৃ ঋষি কাপুৰক মনত পেলাই আবেগিক হৈ পৰিল ৰণবীৰ কাপুৰ