ETV Bharat / entertainment

জাভেদ আখতাৰক উভতি ধৰিলে সন্দীপ ৰেড্ডী ভাংগাই

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:08 AM IST

Sandeep Reddy Vanga on Javed Akhtar: শেহতীয়াকৈ নাম নোলোৱাকৈয়ে সন্দীপ ৰেড্ডী ভাংগাৰ ছবি এনিমেলক সমালোচনা কৰিছিল জাভেদ আখতাৰে ৷ এতিয়া জাভেদ আখতাৰক উভতি ধৰিছে সন্দীপ ৰেড্ডী ভাংগাই ৷ সবিশেষ পঢ়ক এই প্ৰতিবেদন ৷

Sandeep Reddy Vanga reacts on Javed Akhtar criticising Animal
জাভেদ আখতাৰলৈ সন্দীপ ৰেড্ডীৰ প্ৰশ্ন

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: বক্স অফিচত ৰণবীৰ কাপুৰ অভিনীত সন্দীপ ৰেড্ডী ভাংগাৰ ছবি ‘এনিমেল’এ ধুমুহাৰ সৃষ্টি কৰিছিল । কিন্তু ছবিখনে যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছিল ৷ অৱশ্যে এতিয়াও শাম কটা নাই ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্ক ৷ একাংশ দৰ্শক আৰু চেলিব্ৰিটিয়ে ছবিখনক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল ৷ একাংশ সমালোচকে এনে ছবিক সমাজৰ বাবে ভয়ংকৰ বুলি আখ্যা দিছিল ৷ ইফালে জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰেও এনে ছবিৰ সফলতাক বিপজ্জনক বুলি অভিহিত কৰিছিল । এতিয়া সন্দীপ ৰেড্ডী ভাংগাই জাভেদ আখতাৰৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

শেহতীয়াকৈ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই ছবিখনৰ সন্দৰ্ভত জাভেদ আখতাৰৰ মন্তব্যৰ উত্তৰ দিওঁতে কয়, ‘‘তেওঁ নিজৰ পুত্ৰ ফাৰহান আখতাৰৰ প্ৰতিও একেধৰণৰ উদ্বেগ প্ৰকাশ কৰিছিল নেকি ? যিয়ে জনপ্ৰিয় ৱেব ছিৰিজ ‘মিৰ্জাপুৰ’ প্ৰযোজনা কৰিছিল ।’’

জাভেদ আখতাৰলৈ সন্দীপ ৰেড্ডী ভাংগাৰ প্ৰশ্ন

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সন্দীপ ৰেড্ডী ভাংগাই জাভেদ আখতাৰৰ ‘এনিমেল’ৰ সমালোচনা সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে । সন্দীপ ৰেড্ডী ভাংগাই কয় যে জাভেদ আখতাৰৰ মন্তব্যই ইংগিত দিয়ে যে তেওঁ মন্তব্য কৰাৰ পূৰ্বে ছবিখন সম্পূৰ্ণৰূপে চোৱা নাছিল । ইয়াৰ লগতে পৰিচালকজনে প্ৰশ্ন উত্থাপন কৰি কয়, "যেতিয়া ফাৰহান আখতাৰে মিৰ্জাপুৰ বনাইছিল, তেতিয়া তেওঁ একেখিনি কথা কিয় কোৱা নাছিল ?" সমগ্ৰ বিশ্বৰ পৰা গালি মিৰ্জাপুৰৰ এটা শ্ব’ত দেখুওৱা হৈছে আৰু মই গোটেই শ্ব’টো চোৱা নাছিলো । এই শ্ব’টো যেতিয়া তেলুগুলৈ অনুবাদ কৰা হৈছিল, তেতিয়া যদি আপুনি ইয়াক চায় তেন্তে আপুনি বমি কৰিবলৈ আৰম্ভ কৰিব । কিয় তেওঁ পুত্ৰৰ কাম পৰীক্ষা কৰা নাছিল ?’’

উল্লেখ্য যে, ঔৰংগাবাদৰ অজন্তা ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দিয়া ভাষণৰ সময়ত জাভেদ আখতাৰে আজিৰ চিনেমাৰ দৃশ্যপটত জনপ্ৰিয়তা অৰ্জন কৰা ছবিৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছিল । ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ৰ কথা পোনপটীয়াকৈ উল্লেখ নকৰাকৈয়ে তেওঁ উদ্বেগ প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, "যদি কোনো ছবিত এজন পুৰুষে এগৰাকী মহিলাক কয়, 'তুমি মোৰ জোতা চেলেকা', যদি কোনো পুৰুষে কয়, 'মহিলাক চৰ মাৰিলে কি ভুল ?' সেই ছবিখন যদি ছুপাৰহিট হয়, তেন্তে সেয়া অতি বিপদজনক কথা ।’’

লগতে পঢ়ক: এটলীৰ VD18 ৰ টিজাৰ মুকলি, ভয়ংকৰ অৱতাৰত বৰুণ ধাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.