ETV Bharat / entertainment

৯ বছৰীয়া জগনবীৰক দিয়া প্ৰতিশ্ৰুতি পূৰ কৰিলে ছলমান খানে

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:31 PM IST

Salman Khan Meet Cancer Survivor Child Jaganbeer : কৰ্কট ৰোগৰ পৰা ৰক্ষা পোৱা শিশু জগনবীৰক লগ পালে ছলমান খানে ।

Salman Khan meets his 9-year-old fan who beat cancer
কৰ্কট ৰোগৰ পৰা ৰক্ষা পোৱা শিশু জগানবীৰক লগ পালে ছলমান খানে

চিটাৰা ডেস্ক, ২৫ জানুৱাৰী: বলীউডৰ অভিনেতা ছলমান খান কেৱল নিজৰ অভিনয়ৰ বাবেই নহয়, নিজৰ মহানুভৱতাৰ বাবেও পৰিচিত ৷ ভাইজানে নিজৰ প্ৰত্যেকখন ছবিৰ পৰা পোৱা পাৰিশ্ৰমিকৰ ৯০ শতাংশ চেৰিটিত দান কৰে ৷ কেৱল ইমানেই নহয়, বহু শিশুৰ বেমাৰৰ চিকিৎসাৰো দায়িত্ব লয় অভিনেতাগৰাকীয়ে ৷ যিমান সম্ভৱপৰ হয়, সহায় কৰিবলৈ চেষ্টা কৰে ছলমান খানে ৷ কেৱল অনুৰাগীকেই নহয়, চলচ্চিত্ৰ জগতৰ বহু চেলিব্ৰিটিকো বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই ভাইজানে ৷ এইখিনিতে ক’ব লাগিব যে বহু বছৰ পূৰ্বে এটি শিশুক ভাইজানে প্ৰতিশ্ৰুতি দিছিল ৷ অৱশেষত ছলমান খানে পূৰণ কৰিলে সেই প্ৰতিশ্ৰুতি ৷ ছলমান খানে ৯ বছৰীয়া শিশু জগনবীৰক এটা প্ৰতিশ্ৰুতি দিছিল । আচলতে জগনবীৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল আৰু ৫ বছৰ ধৰি ৯টা কেমোথেৰাপিৰ অন্তত কেন্সাৰক পৰাজয় কৰিবলৈ সক্ষম হয় । এতিয়া সুস্থ হৈ উঠাৰ পিচতে জগনে পোনে পোনে বান্দ্ৰালৈ যায় আৰু ছলমান খানক লগ কৰে ।

২০১৮ চনত ছলমান খানক প্ৰথমবাৰ লগ পাইছিল জগনবীৰে

২০১৮ চনত ছলমান খানে নিজৰ কণমানি বন্ধু জগনবীৰক লগ পাইছিল । সেই সময়ত জগনবীৰৰ বয়স মাত্ৰ ৪ বছৰ আছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, যেতিয়া ছলমানে জগনবীৰক প্ৰথমবাৰৰ বাবে লগ পাইছিল, তেতিয়া শিশুটিক মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল, য’ত টিউমাৰৰ চিকিৎসাৰ বাবে কেমোথেৰাপি চলি আছিল । কেমো চিকিৎসাৰ সময়ত জগনে দৃষ্টিশক্তি হেৰুৱাইছিল । ছলমান খান যেতিয়া জগনবীৰক লগ কৰিবলৈ গৈছিল তেতিয়া অভিনেতাজনক তেওঁৰ মুখখন আৰু হাতত থকা ব্ৰেচলেটটো ধৰি চিনি পাইছিল ।

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি মাতৃ সুখবীৰ কৌৰে সাক্ষাৎকাৰত কয় যে জগনবীৰে তিনি বছৰ বয়সতে দৃষ্টিশক্তি হেৰুৱাইছিল । চিকিৎসাৰ সময়ত তেওঁৰ মগজুত এটা মুদ্ৰা আকাৰৰ টিউমাৰ থকা বুলি গ’ম পায় ৷ ইয়াৰ পিচত চিকিৎসকে জগনক চিকিৎসাৰ বাবে মুম্বাইলৈ যাবলৈ পৰামৰ্শ দিয়ে । ইয়াৰ পিচত জগনক মুম্বাইলৈ লৈ যোৱা হয় । ইফালে জগনে ভাবিলে যে তেওঁ মুম্বাইলৈ ছলমান খানক লগ কৰিবলৈ গৈছে ।

কেন্সাৰক পৰাস্ত কৰিলে জগনবীৰে

জগনৰ মাকে লগতে ক’লে যে জগন মুম্বাইলৈ যোৱাৰ বাবে বহুত সুখী হৈছিল । জগনৰ সুখ দেখি পৰিয়ালবৰ্গই সিদ্ধান্ত ল’লে যে জগনক সঁচা কথা নকয় । এই খবৰটো যেতিয়া ছলমান খানে পালে তেতিয়া অভিনেতাগৰাকীয়ে মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰত জগনবীৰক লগ কৰিবলৈ গৈছিল । জগনবীৰৰ পিতৃ সুখবীৰে কয় যে তেওঁৰ পুত্ৰ এতিয়া ভালেই আছে আৰু জগনৰ দৃষ্টিশক্তি ৯৯ শতাংশ ঘূৰাই পাইছে ।

লগতে পঢ়ক: চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক ? যদি নাই তেন্তে পঢ়ক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.