ETV Bharat / entertainment

ছলমানৰ ঘৰৰ ভিডিঅ’ আছে গেংষ্টাৰ বিষ্ণৈৰ হাতত ! - salman khan firing case

Salman Khan Firing Case: ছলমান খানৰ গুলীচালনাৰ গোচৰত এটা আপডেট ওলাইছে । জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা পঞ্চমজন অভিযুক্তই ছুপাৰষ্টাৰৰ ঘৰৰ ভিডিঅ’ বনাই অনমোল বিষ্ণৈলৈ প্ৰেৰণ কৰিছিল ।

salman khan firing case accused rafiq chaudhary recorded video of the actor residence then sent to anmol bishnoi
ছলমান খানৰ গুলীচালনাৰ গোচৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 8, 2024 at 5:00 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 8 মে’ : বলীউড অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাটোৱে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰি আছে । প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই মঙলবাৰে ৰাজস্থানৰ পৰা পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তজনক ৰফিক চৌধাৰী বুলি চিনাক্ত কৰা হৈছে । ৰফিকে গুলীচালনাত জড়িত দুজন আক্ৰমণকাৰীক বিত্তীয় সমৰ্থন প্ৰদান কৰাত ভূমিকা পালন কৰিছিল ।

আৰক্ষীৰ তদন্তত কিছু তথ্য পোহৰলৈ আহিছে । সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি অভিযুক্তই ৰেইকিৰ ওপৰত ভিডিঅ’ নিৰ্মাণ কৰি গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ভাতৃ অনমোল বিষ্ণৈলৈ পঠিয়াই দিয়ে ।

মুম্বাই আৰক্ষীয়ে বৰ্তমান ৰফিক চৌধাৰীৰ জৰিয়তে বিষ্ণৈৱে কেনে ধৰণৰ কাম কৰোৱাইছিল তাৰ অনুসন্ধান কৰি আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আক্ৰমণৰ পূৰ্বে ৰফিকে ছলমান খানৰ ঘৰলৈ কেইবাবাৰো গৈছিল । আৰক্ষী বিষয়াসকলে লগতে প্ৰকাশ কৰিছে যে অভিযুক্তজনে ছলমানৰ ঘৰৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল আৰু বিষ্ণৈলৈ প্ৰেৰণ কৰিছিল ।

আৰক্ষী বিষয়াই এটা সংবাদ সংস্থাক কয়, ‘যিহেতু অভিযুক্তৰ অনমোল বিষ্ণৈ আৰু ৰোহিত গুদাৰাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ আছিল, সেয়েহে অপৰাধ শাখাই সন্দেহ কৰিছে যে দুয়োজন গেংষ্টাৰ একেলগে আছে । পূৰ্বে খবৰ আহিছিল যে ৰোহিত গুদাৰা ব্ৰিটেইনত আছে, কিন্তু এতিয়া পোহৰলৈ আহিছে যে তেওঁ হয়তো অনমোল বিষ্ণৈৰ সৈতে আমেৰিকাত আছে ।

গুলীচালনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পঞ্চমজন অভিযুক্ত ৰফিক চৌধাৰীক মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হয় আৰু ১৩ মে’লৈকে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । আন অভিযুক্তৰ জেৰাৰ সময়ত আৰু তেওঁলোকৰ মোবাইল ফোনৰ কাৰিকৰী পৰীক্ষাৰ সময়ত তেওঁৰ নাম সন্মুখলৈ আহিছিল ।

উল্লেখ্য যে, গোচৰটোত গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত অনুজ থাপান, যাৰ ওপৰত শ্বুটাৰসকলক অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগ আছিল, ১ মে'ত মুম্বাইত আৰক্ষীৰ লক-আপত আত্মহত্যা কৰিছিল ।

লগতে পঢ়ক : ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

গেলেক্সিত গুলীচালনা; জেলতে মৃত্যু গুলীচালনাকাৰীৰ : হত্যা নে আত্মহত্যা ? - Salman Khan House Firing