ETV Bharat / entertainment

ছলমানৰ ঘৰৰ ভিডিঅ’ আছে গেংষ্টাৰ বিষ্ণৈৰ হাতত ! - salman khan firing case

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 5:00 PM IST

Salman Khan Firing Case: ছলমান খানৰ গুলীচালনাৰ গোচৰত এটা আপডেট ওলাইছে । জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা পঞ্চমজন অভিযুক্তই ছুপাৰষ্টাৰৰ ঘৰৰ ভিডিঅ’ বনাই অনমোল বিষ্ণৈলৈ প্ৰেৰণ কৰিছিল ।

salman khan firing case accused rafiq chaudhary recorded video of the actor residence then sent to anmol bishnoi
ছলমান খানৰ গুলীচালনাৰ গোচৰ (IANS)

চিটাৰা ডেস্ক, 8 মে’ : বলীউড অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাটোৱে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰি আছে । প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই মঙলবাৰে ৰাজস্থানৰ পৰা পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তজনক ৰফিক চৌধাৰী বুলি চিনাক্ত কৰা হৈছে । ৰফিকে গুলীচালনাত জড়িত দুজন আক্ৰমণকাৰীক বিত্তীয় সমৰ্থন প্ৰদান কৰাত ভূমিকা পালন কৰিছিল ।

আৰক্ষীৰ তদন্তত কিছু তথ্য পোহৰলৈ আহিছে । সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি অভিযুক্তই ৰেইকিৰ ওপৰত ভিডিঅ’ নিৰ্মাণ কৰি গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ভাতৃ অনমোল বিষ্ণৈলৈ পঠিয়াই দিয়ে ।

মুম্বাই আৰক্ষীয়ে বৰ্তমান ৰফিক চৌধাৰীৰ জৰিয়তে বিষ্ণৈৱে কেনে ধৰণৰ কাম কৰোৱাইছিল তাৰ অনুসন্ধান কৰি আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আক্ৰমণৰ পূৰ্বে ৰফিকে ছলমান খানৰ ঘৰলৈ কেইবাবাৰো গৈছিল । আৰক্ষী বিষয়াসকলে লগতে প্ৰকাশ কৰিছে যে অভিযুক্তজনে ছলমানৰ ঘৰৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল আৰু বিষ্ণৈলৈ প্ৰেৰণ কৰিছিল ।

আৰক্ষী বিষয়াই এটা সংবাদ সংস্থাক কয়, ‘যিহেতু অভিযুক্তৰ অনমোল বিষ্ণৈ আৰু ৰোহিত গুদাৰাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ আছিল, সেয়েহে অপৰাধ শাখাই সন্দেহ কৰিছে যে দুয়োজন গেংষ্টাৰ একেলগে আছে । পূৰ্বে খবৰ আহিছিল যে ৰোহিত গুদাৰা ব্ৰিটেইনত আছে, কিন্তু এতিয়া পোহৰলৈ আহিছে যে তেওঁ হয়তো অনমোল বিষ্ণৈৰ সৈতে আমেৰিকাত আছে ।

গুলীচালনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পঞ্চমজন অভিযুক্ত ৰফিক চৌধাৰীক মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হয় আৰু ১৩ মে’লৈকে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । আন অভিযুক্তৰ জেৰাৰ সময়ত আৰু তেওঁলোকৰ মোবাইল ফোনৰ কাৰিকৰী পৰীক্ষাৰ সময়ত তেওঁৰ নাম সন্মুখলৈ আহিছিল ।

উল্লেখ্য যে, গোচৰটোত গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত অনুজ থাপান, যাৰ ওপৰত শ্বুটাৰসকলক অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগ আছিল, ১ মে'ত মুম্বাইত আৰক্ষীৰ লক-আপত আত্মহত্যা কৰিছিল ।

লগতে পঢ়ক : ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

গেলেক্সিত গুলীচালনা; জেলতে মৃত্যু গুলীচালনাকাৰীৰ : হত্যা নে আত্মহত্যা ? - Salman Khan House Firing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.